গুৱাহাটী প্ৰেছ ক্লাৱত 'অনুভৱৰ দলিচা' উন্মোচন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 4 December 2021

demo-image

গুৱাহাটী প্ৰেছ ক্লাৱত 'অনুভৱৰ দলিচা' উন্মোচন

Responsive Ads Here

 

.com/img/a/



W7s News ষ্টাফৰিপোর্টাৰ : গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে 'অনুভৱৰ দলিচা' শীৰ্ষক গ্ৰন্থ

উন্মোচন কৰা হয়। ড০ ছায়ামণি দত্তৰ কিছু মিঠা অনুভবৰ গীত আৰু কবিতা ৰূপত আত্মপ্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰা,  বিশিষ্ট চিকিৎসক , সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা, বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, বিশিষ্ট গীতিকাৰ কাজল শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশিষ শৰ্মাই। উন্মোচনী ভাষণত বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই কয় ' এনে ধৰণৰ গ্ৰন্থই যোগাত্মক চিন্তা চেতনাৰ এখন নতুন দলিচাৰ সৃষ্টি কৰে।  মই সৃষ্টিক সন্মান কৰোঁ। আমি সকলোৱে একো একোটা কবিতা।ৰুচিশীল, পৰিশীল জীৱনবোধৰ এনে সৃষ্টি চেতনাৰ জৰিয়তে লেখিকাই সকলোকে আপ্লুত কৰিব। কবিত্বময় ভাষাই মানুহক অনুপ্ৰেৰণা দিয়ে। অসমৰ সংকটৰ সময়ত, প্ৰত্যাহ্বানৰ সময়ত প্ৰকৃত চিন্তা চেতনাৰে দলিচা লেখিকাই সৃষ্টি কৰিবলৈ সক্ষম হ'ব।' সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। উৎপল শৰ্মা বৰুৱাই আঁতধৰা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিশিষ্ট শল্য চিকিৎসক ডাঃ দেৱব্ৰত দত্তই। লেখিকাই গ্ৰন্থখনৰ  আঁৰৰ কথা কয়। বাস্তৱৰ বিভিন্ন অভিজ্ঞতা লিখিছোঁ। সভাত চিত্তৰঞ্জন দত্তই শলাগৰ শৰাই আগবঢ়ায়।

উন্মোচনী সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *