নলিনীধৰ ভট্টাচাৰ্য জন্মশতবৰ্ষ অনুষ্ঠান - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 4 December 2021

demo-image

নলিনীধৰ ভট্টাচাৰ্য জন্মশতবৰ্ষ অনুষ্ঠান

Responsive Ads Here

 

.com/img/a/


W7s News ষ্টাফৰিপোর্টাৰ: অসমৰ প্ৰথিত যশা কবি-সমালোচক ,মানৱতাৰ শাশ্বত কন্ঠস্বৰ নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষৰ স’তে সংগতি ৰাখি শনিবাৰে ভট্টাচাৰ্যৰ সাহিত্য-চিন্তা,জীৱন-কৃতি বিষয়ক এখনি সভাৰ আয়োজন কৰা হয়৷ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত অনুষ্ঠিত হোৱা এই সভা নলিনীধৰ ভট্টাচাৰ্য সোঁৱৰণী ন্যাসৰ উদ্যোগত চিৰন্তন সাহিত্যৰ দিন,নতুন সাহিত্য পৰিষদ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ আন্তৰিক সহযোগত অনুষ্ঠিত হ’য়৷ সভাৰ আৰম্ভণিতে নলিনীধৰ ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। লগতে সদ্য প্ৰয়াত কবি, লেখক ডাঃ কৈলাশ ভট্টাচাৰ্যৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভা উদ্বোধন কৰে বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাই।  ন্যাসৰ সভাপতি অৱসৰী অধ্যাপক নীল শৰ্মাই পৌৰোহিত্য কৰা সভাত বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা, বিশিষ্ট লেখক ড° পৰমানন্দ মজুমদাৰ,সমীন্দ্ৰ হুজুৰী, ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্তাকে   প্ৰমুু্খ্য কৰি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ কৰে ৷ সভাত  বিশিষ্ট কবি,সাহিত্যিক মনজিৎ সিঙে প্ৰয়াত ভট্টাচাৰ্যৰ কাব্য চিন্তা,দৰ্শনৰ বিষয়ে বক্তব্য আগবঢ়ায়।অসমৰ প্ৰগতিশীল কাব্যধাৰাৰ এগছি অক্ষয় বন্তিস্বৰূপ নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষৰে সংগতি ৰাখি  এখন কবি সন্মিলনৰো আয়োজন কৰা হয়৷ এই কবি সন্মিলন উদ্বোধন কৰে অসমৰ বিশিষ্ট কবি ৰুদ্ৰ সিংহ মটকে৷ সমীন্দ্র হুজুৰিৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনখনত কৌস্তভ মণি শইকীয়া, নীলিম কুমাৰ, শংকৰ শইকীয়া, কুশল ডেকা, মুনিন্দ্ৰ মহন্ত, বিপুল শৰ্মাৰ লগতে অসমৰ  কেইবাগৰাকীও বিশিষ্ট কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত কবি নলিনীধৰ ভট্টাচাৰ্যৰ গীত তেওঁৰ পুত্র ৰাজীৱ ভট্টাচাৰ্যই পৰিবেশন কৰে । ঋষিতুল্য কবি নলিনীধৰ ভট্টাচাৰ্যৰ গীত কবিতাৰে উজলি উঠা এই অনুষ্ঠানটোত কবি নীলিনীধৰ ভট্টাচাৰ্যৰ পুত্ৰ শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাখন সম্পূৰ্ণ ক'ভিড বিধি মানি অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *