অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 4 December 2021

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

 




W7s News ষ্টাফৰিপোর্টাৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পৰিষদৰ প্রাক্তন সভাপতি তথা উপদেষ্টা গোপীনাথ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰিষদৰ সভাপতি ৰবীন কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত গোপীনাথ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে তেওঁৰ পত্নী মঞ্জু দাসে আৰু মাল‍্যা পণ কৰে খানাপাৰা ক্ৰীড়া আৰু সংস্কৃতিক সংগঠনৰ ক্ৰীড়া সংগঠক ৰঞ্জন শইকীয়াই। এই উপলক্ষে অনুষ্ঠিত স্মৃতিচাৰণ সভাত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰাক্তন সভাপতি বিমল প্ৰসাদ চৌধুৰীয়ে কয় 'গোপীনাথ দাস অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চাদৰ দৰে আছিল। সংগঠনটো সমগ্ৰ ৰাজ্যত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অনস্বীকাৰ্য। তেওঁ সংগঠনটোৰ বাবে যথেষ্ট কাম কৰিছিল। তেওঁ জাতিৰ হৈ কাম কৰিবলৈ সকলোকে উদ্বুদ্ধ কৰিছিল। জাতিৰ প্ৰতি, অসমীয়া মানুহৰ হকে কাম কৰাত তেওঁ কোনোদিন পিছ হুহূকী অহা নাছিল। তেওঁৰ বিয়োগত মৰ্মাগত হৈছোঁ আৰু তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।' সভাত সংযুক্ত মুক্তি বাহিনী, অসমৰ উপ-সভাপতি প্ৰদীপ গগৈয়ে কয় ' গোপীনাথ দাসৰ  যিকোনো পৰিবেশ, পৰিস্থিতিৰ মুখামুখি হ'ব পৰা সাহস আৰু দৃঢ়তা আছিল। তেওঁৰ ক্ষেত্ৰত ব্যক্তি, ব্যক্তিত্ব , জীৱন পৰিক্ৰমা আৰু সাধনা এশ শতাংশই প্ৰযোজ্য আছিল।  তেওঁৰ সংগ্ৰামী জীৱনৰ পৰিক্ৰমা সকলোৱে উপলদ্ধি কৰিব। তেওঁৰ দৰে ব্যক্তিৰ জীৱনগাঁথা আমাৰ মাজত পৰ্যালোচনা কৰা প্ৰয়োজন। তেওঁৰ জীৱন পৰিক্ৰমাক লৈ এখন পুস্তিকা প্ৰকাশ কৰিলে যুৱ প্ৰজন্মৰ উপকৃত হোৱাৰ লগতে সাম্প্ৰতিক সময়ৰ অৰ্থনৈতিক দুৰৱস্থাৰ বিষয়ে জনাত সুবিধা হ'ব। সমাজখন ধৰি ৰাখিব পৰা উৎসাহ আমি গোপীনাথ দাসৰ দৰে ব্যক্তিৰ পৰা লাভ কৰিম।' অনুষ্ঠানত গুৱাহাটী ড্ৰাগ ডিলাৰ এছোচিয়েচনৰ সম্পাদক বিক্ৰম চৌধুৰী, মানৱ অধিকাৰ কর্মী প্ৰণৱজোতি চেতিয়া, ক্ৰীড়া সংগঠক ৰঞ্জন শইকীয়া, নিবনুৱা পৰিষদৰ হৈ দ্বীপেন কামান, সন্মিলিত ঐক্য মঞ্চ, অসমৰ সাধাৰণ সম্পাদক জ্যোৰ্তিময় ভৰালী আদিয়ে প্ৰয়াত গোপীনাথ দাসৰ স্মৃতি চাৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here