ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে- ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য
প্ৰতিমা বৰুৱা পাণ্ডেৰ মটিয়াবাগৰ বাসগৃহটো পৰ্যটকে চাব পৰাকৈ চৰকাৰে নিৰ্মাণ কৰক- দীপাংক কুমাৰ নাথ
এগৰাকী মাটিৰ শিল্পীৰ নামত বঁটা লাভ কৰি অভিভূত হৈছোঁ-খগেন গগৈ
W7s News ষ্টাফৰিপোর্টাৰ: সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ সংখ্যক মৃত্যু তিথিত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা লোক সংস্কৃতিৰ সাধক খগেন গগৈক
প্ৰদান কৰে। সোমবাৰে চানমাৰিৰ শ্বহীদ উদ্যানত 'গেইলে কি আসিবেন' শীর্ষক অনুষ্ঠানত বিশিষ্ট শিল্পী খগেন গগৈক প্ৰদান কৰা এই বঁটাত আছে এখন ফুলাম গামোছা, এখন চেলেং চাদৰ, এখন শৰাই, এটা এড়ি কামিজ, প্ৰশস্তি পত্ৰ আৰু নগদধন ২৫ হাজাৰ টকা। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু উপদেষ্টা প্ৰকাশ দাসে এই বঁটা প্ৰদান কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভাই আঁতধৰা অনুষ্ঠানত মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত কয় ' লোকসংস্কৃতিৰ পথাৰখনত নিৰলসভাৱে কৰ্মত ব্ৰতী হৈ থকা লোকসংস্কৃতিৰ একোগৰাকী সাধকক আমি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰি আহিছোঁ। লোকসংস্কৃতিৰ পথাৰখনত সাঁতুৰী নাডুৰী থকা এজন লোক সংস্কৃতিৰ সাধকক আজি বঁটা প্ৰদান কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত লোকসংস্কৃতিৰ চৰ্চা, আলোচনা হৈছে সেইটো ইতিবাচক কথা। ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে। গতিকে অসমৰ প্রতিখন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত গোৱালপাৰীয়া লোকগীতৰ ব্যাপকভাৱে অনুশীলন, চৰ্চা, প্ৰতিযোগিতা অনুষ্ঠিত হোৱা উচিত। আমি বিগত ১৪ বছৰে ৰজাঘৰক মাটিয়াবাগৰ বাসগৃহটো সংৰক্ষণ কৰিবলৈ দাবী জনাই আহিছোঁ। এইবোৰ ৰজাঘৰক সোনকালে
বাসগৃহটোৰ সংৰক্ষণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনালোঁ। যাতে পৃথিৱীৰ যিকোনো এগৰাকী ব্যক্তিয়ে তাৰ উমান পাব পাৰে। সেইদৰে শিল্পীগৰাকীৰ জন্মস্থানত এটা লোকসংস্কৃতিৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ দাবী জনালোঁ। তদুপৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ প্ৰচাৰ সেৱা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চলোৱা বন্ধ কৰিবলৈ দাবী জনালোঁ।'
অনুষ্ঠানত দীপাংক কুমাৰ নাথে কয় '
প্ৰতিমা বৰুৱা পাণ্ডেৰ মটিয়াবাগৰ বাসগৃহটো পৰ্যটকে চাব পৰাকৈ চৰকাৰে নিৰ্মাণ কৰক। তেওঁ ৰাজপৰিয়ালৰ জীয়ৰী হিচাপে বেলেগ জীৱন যাপন কৰিব পাৰিলেহেঁতেন কিন্তু তেনে নকৰি সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰিছিল। মাটিৰ মানুহৰ গীত গোৱা শিল্পীগৰাকীৰ নামত আজি আন এজন লোকসংস্কৃতিৰ সাধকক বঁটা প্ৰদান কৰা হৈছে।' বঁটা গ্রহণ কৰি লোকসংস্কৃতিৰ সাধক খগেন গগৈয়ে কয় ' এগৰাকী মাটিৰ শিল্পীৰ নামত বঁটা লাভ কৰি অভিভূত হৈছোঁ। মই তেওঁৰ সান্নিধ্য লাভ কৰিছিলোঁ। এগৰাকী সহজ, সৰল মনৰ শিল্পী আছিল।সাধাৰণ পোচাক, হাৱাই চেণ্ডেল পিন্ধা শিল্পীগৰাকীয়ে গোৱালপাৰীয়া লোকগীতক আগবাঢ়াই নিছিল। গোৱালপাৰীয়া লোকগীতৰ উত্থানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ যথেষ্ট অৰিহণা আছে। অসমীয়া লোকসংগীতৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাৰ মৰম দেখি অভিভূত হৈছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এই ধৰণৰ প্রচেষ্টাই নতুন চামৰ মাজত লোকসংগীত শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। মই টোকাৰী গীত, বিহুনাম, দেহবিচাৰৰ গীতলৈ গুৱাহাটী লৈ আহিছিলো। আজি এই সন্মান দিয়া বাবে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলক ধন্যবাদ জনালোঁ।' তেওঁ লগতে টোকাৰী গীত, বিহুনাম, দেহবিচাৰৰ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে সংগীত শিল্পী ৰমেন চৌধুৰী, মনিষা হাজৰিকা, মিনি ভট্টাচাৰ্য, চানমাৰি মহিলা সমিতি, সদৌ অসম ফটো জাৰ্নেলিষ্ট এছ'চিয়েন বিষয় ববীয়া সকলৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে
পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।
শিল্পী জবা চক্ৰৱৰ্তীয়ে অনুষ্ঠানৰত কেইবাটাও গোৱালপাৰীয়া লোকগীত পৰিবেশন কৰে।উল্লেখ্য,পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ ১৯ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
No comments:
Post a Comment