অসম প্ৰকাশন পৰিষদৰ সন্মানীয় সাহিত্য বঁটা ঘোষণা ঔপন্যাসিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মালৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 27 December 2021

অসম প্ৰকাশন পৰিষদৰ সন্মানীয় সাহিত্য বঁটা ঘোষণা ঔপন্যাসিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মালৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১

 





এইবাৰ গ্ৰন্থমেলাত ১১৫ টা প্ৰতিষ্ঠানে যোগদান কৰিব



২০২০-২১ চনত ১ কৌটি ৯২ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল



W7s News ষ্টাফৰিপোর্টাৰ:  অসম প্ৰকাশন পৰিষদৰ সম্মানীয় ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২১' এইবছৰ বিশিষ্ট সাহিত্যিক নন্দিতা দেৱীলৈ তেওঁৰ 'বঙল বহুদূৰ' উপন্যাসৰ বাবে আগবঢ়োৱা হৈছে। এই গ্ৰন্থখনৰ প্ৰকাশক জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ নগেন শর্মা। সোমবাৰে অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত পৰিষদৰ সচিব প্রমোদ কলিতাই এই কথা সদৰী কৰে।  সচিব কলিতাই লগতে কয় 'এই সাহিত্য বঁটাত আছে দুই লাখ টকা, এখন মানপত্ৰ আৰু এটা মূল্যৱান গ্ৰন্থৰ টোপোলা। নির্বাচিত সাহিত্যিকগৰাকী আৰু গ্ৰন্থখনৰ প্ৰকাশক উভয়কে সম মর্যাদাৰে এই বঁটা প্ৰদান কৰা হ’ব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ আয়োজন কৰা অসম গ্ৰন্থমেলাৰ ২৯ ডিচেম্বৰৰ বিয়লি ৩ বজাত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা পূৰ্বে প্ৰদান কৰি অহা জীৱনজোঁৰা সাধনা বঁটাৰ পৰিৱৰ্তে এইবছৰৰ পৰা সাহিত্য বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে লেখক তথা প্রকাশকৰ ফালৰ পৰা ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্য সংকলন বিচাৰি এখন প্ৰ-পত্ৰ পূৰণৰ বাবে আহ্বান জনোৱা হৈছিল। লেখক আৰু প্রকাশকসকলৰ ফালৰ পৰা প্ৰ-পত্ৰ পূৰণ কৰি প্ৰায় চাৰিশখন গ্ৰন্থ পৰিষদৰ কাৰ্যালয়ত জমা দিয়া হৈছিল। সেই গ্ৰন্থসমূহৰ মাজৰ পৰা গ্ৰন্থ বাছনিৰ বাবে গঠন কৰি দিয়া বাছনি কমিটীৰ চূড়ান্ত সিদ্ধান্তমৰ্মে এইবাৰ 'বঙল বহুদূৰ' উপন্যাসৰ বাবে সাহিত্যিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিবছৰে ৰাজ্যখনৰ এগৰাকী সাহিত্যিক আৰু প্ৰকাশকক এই বঁটা প্ৰদান কৰি থকা হ’ব। সচিব কলিতাই বঁটাপ্রাপক ঔপন্যাসিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক পৰিষদৰ ফালৰ পৰা অভিনন্দন জনায় আৰু উপস্থিত সকলক আগন্তুক নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম গ্রন্থমেলাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে। আনহাতে সংবাদিকৰ প্ৰশ্নৰ উত্তৰত সচিব কলিতাই কয় ' এইবাৰ গ্ৰন্থমেলাত ১১৫ টা প্ৰতিষ্ঠানে যোগদান কৰিব।ইয়াৰ ভিতৰত দিল্লীৰ ১০ টা, কলকাতাৰ ৫ টা আৰু ঢাকাৰ ১০ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। এইবাৰ আমি

নতুনকৈ  ১৬ খন গ্ৰন্থ প্রকাশ কৰিম আৰু ২৪ খন গ্ৰন্থ পুনৰ   মুদ্রন কৰা হ'ব। আমাৰ ২০১৯-২০ চনত ৩৬ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল আৰু ২০২০-২১ চনত ১ কৌটি ৯২ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল। এইবাৰো আমি গ্ৰন্থৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিব বুলি আশাবাদী। তদুপৰি আমাৰ ইউনিকোডৰ লিপি নাছিল আমি 'বাণীকান্ত' লিপি উলিয়াইছোঁ। আমি ২০২২ চনৰ জানুৱাৰী মাহত 'পাব্লিকেশ্বন বোর্ড আছাম' নামৰ এটা ইউটিউব চেনেল এটা মুকলি কৰিম আৰু ইয়াত সাধুকথা আপলোড কৰা হ'ব লগতে ফটোও থাকিব। প্ৰথমে 'ককাদেউতাৰ সাধু' আপলোড কৰা হ'ব। গ্ৰন্থ মেলাত আমাৰ ইউটিউব চেনেলটো চাবস্ক্ৰাইব কৰিবলৈ দিয়া হ'ব লগতে উপহাৰৰো ব্যৱস্থা কৰা হৈছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here