W7s News ষ্টাফৰিপোর্টাৰ:সৃষ্টি চিনে প্ৰডাকচনৰ উদ্যোগত আৰু টাইম নিউজ অসম নৰ্থ ইষ্টৰ সহযোগত গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত ১০ গৰাকী (সাংবাদিক,লেখিকা, চলচ্চিত্ৰ অভিনেতা)ক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে অনুষ্ঠিত সভাখন পৌৰোহিত্য কৰে বিতুমণি গোস্বামী। সভাত
বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই অসমীয়া চলচ্চিত্ৰ জগতৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে কয় ' অসমীয়াই আৱেগ নিয়ন্ত্ৰণ কৰিব লাগে। আমাক নিয়ন্ত্ৰিত আৱেগৰ দৰকাৰ। আমি নিজৰ ভাষাক লৈ সচেতন হোৱাৰ সময় আহি পৰিছে। আনহাতে সৃষ্টি চিনে প্ৰডাকচনে কৰা এই প্ৰায়সক শলাগ লৈছোঁ। তেওঁলোকে এই যাত্ৰা অব্যাহত ৰাখক।
সভাত আন এগৰাকী বিশিষ্ট ব্যক্তি সমাজকৰ্মী-ড০প্ৰশান্ত বুঢ়াগোহাঁইয়ে কয় ' সমাজৰ বিভিন্ন ক্ষেত্ৰত কৰ্ম কৰা সকলক অনুপ্ৰেৰণা দিয়া জৰুৰী। এনে অনুপ্ৰেৰণানাই মানুহক কাম কৰি যাবলৈ উৎসাহ যোগায় । উদ্যোক্তা সকলে এনে প্ৰচেষ্টা অব্যাহত ৰাখক।' সভাত সম্বৰ্ধনা বিপুল মজুমদাৰ(জ্যেষ্ঠ ভিডিও সাংবাদিক,প্ৰতিদিন টাইম), বাবুল কলিতা ( জ্যেষ্ঠ ভিডিও সাংবাদিক,নিউজ টাইম অসম),দীপাংকৰ শৰ্মা(জ্যেষ্ঠ ভিডিও সাংবাদিক, এন কে টি ভি), প্ৰেমন্ত শৰ্মা (জ্যেষ্ঠ ভিডিও সাংবাদিক, ঈশান নিউজ), অনুপমা ডেকা ( সাংবাদিক,আমাৰ অসম),পৰিমিতা চেতিয়া ( সাংবাদিক,ঈশান নিউজ,
মনীষা শৰ্মা(বিশিষ্ট লেখিকা),
অতুল পাঁচনি(বিশিষ্ট চলিচিত্ৰ অভিনেতা),ৰমেন তামুলী(বিশিষ্ট চলচিত্ৰ অভিনেতা) আৰু
মল্লিকা কোৱঁৰ বুঢ়াগোহাঁই (প্ৰতিষ্ঠাপক সম্পাদিকা আৰু সঞ্চালিকা নেপেড্চ গ্ৰুপ অব ইনটিউটিউচনচ্)ক সম্বৰ্ধনা জনোৱা হয়।সভাপতিৰ ভাষণত অভিনেতা, সংগীত পৰিচালক, কবি বিতুমণি গোস্বামীয়ে কয় ' সৃষ্টি চিনে প্ৰডাকচনে বিগত ২০ বছৰ ধৰি সুন্দৰ কৰ্ম কৰি আহিছে। কৰ্মৰ দ্বাৰা এজন লোক দেৱতুল্য হয়। তেওঁলোকে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ১০ গৰাকী ব্যক্তিক কাম কৰাৰ উৎসাহ দিয়া বাবে ধন্যবাদ জনালোঁ।' মানস প্ৰতিম বৰুৱাই আঁতধৰা সভাখনত সৃষ্টি চিনে প্ৰডাকচনৰ সভাপতি
ৰশ্মিৰেখা ভট্টাচাৰ্যই শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰি এক বার্তা প্ৰেৰণ কৰে। সভাত সৃষ্টি চিনে প্ৰডাকচনৰ সম্পাদক, জ্যেষ্ঠ ভিডিও সাংবাদিক উৎপল ৰাণাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment