গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ বাবে এন চি পি মহানগৰ জিলা সমিতিৰ প্ৰস্তুতি সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 December 2021

গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ বাবে এন চি পি মহানগৰ জিলা সমিতিৰ প্ৰস্তুতি সভা

 



W7s News ষ্টাফৰিপোর্টাৰ: আগন্তুক পৌৰনিগমৰ নিৰ্বাচনৰ বাবে শনিবাৰে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, গুৱাহাটী মহানগৰ জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা জিলা এন চি পিৰ কাৰ্যালয় সিদ্ধিনাথ শৰ্মা ভৱনত দিনজোৰা কাৰ্যসূচীৰে  অনুষ্ঠিত হয়। দলৰ ৰাজ্যিক বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত পৌৰনিগমৰ নিৰ্বাচন সম্পর্কে বহুকেইটা গুৰুত্বপূর্ণ বিষয়কলৈ আলোচনা কৰা হয়। ৰাজ্যিক সম্পাদক দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদক হৃদয়ানন্দ গগৈ, মহিলা সভানেত্রী শেৱালি দাস, মহানগৰ জিলা এন চি পিৰ সাধাৰণ সম্পাদক নগেন লুংঠুলু, সেৱাদলৰ প্ৰধান খুৰছেদ আলী, জিলা এন চি পিৰ মহিলা সভানেত্রী হোছনেআৰা বেগম, উপ-সভানেত্রী ধৰিত্ৰী গোস্বামীকে প্রমুখ্য কৰি প্ৰায় অর্ধ শতাধিক লোক। সভাৰ সিদ্ধান্ত অনুযায়ী গুৱাহাটী মহানগৰ জিলাৰ আটাইকেইটা ৱাৰ্ডতে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলে প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য স্থিৰ কৰে। এই সম্পর্কে এখনি নির্বাচনী আজিৰ সভাতেই গঠন কৰা হয়।

নির্বাচনী সমিতি খন হ'ল ক্ৰমে

সভাপতিঃ হোছনেআৰা বেগম, সম্পাদকঃ নগেন লুংঠুলু, যুটীয়া সম্পাদকঃ পৰমেশ্বৰ মেধি, আয়ুব খান, সদস্য : ধৰিত্ৰী গোস্বামী, পূর্ণিমা ওজা, দীপক দাস আৰু থুবছেদ আলী। সম্প্ৰতি ক’ভিড মহামাৰীৰ ৰাজ্যবাসী সামান্য সকাহ পাইছে যদিও পুনৰ অমিত্ৰণ ভেৰিয়েণ্টে যি শংকাৰ সৃষ্টি কৰিছে তেনে পৰিপ্ৰেক্ষিতত অৱশ্যে চৰকাৰে কি স্থিতি গ্ৰহণ কৰে সেই সম্পৰ্কে কিছু পর্যালোচনা কৰা হয়। একেদৰে  ২৫ ডিচেম্বৰত জননেতা শৰৎ চন্দ্ৰ সিংহৰ মহাপ্রয়াণ দিৱস উদযাপন সম্পর্কেও আজিৰ সভাত প্ৰাৰম্ভিক আলোচনা কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here