অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ঘোষণা কৰা ‘অসম বৈভৱ’, ’অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’-২০২১ নাম ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 December 2021

অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ঘোষণা কৰা ‘অসম বৈভৱ’, ’অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’-২০২১ নাম ঘোষণা

 




W7s News নিউজ ডেস্ক: অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ঘোষণা কৰা ‘অসম বৈভৱ’, ’অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’-২০২১ শীৰ্ষক অসামৰিক সন্মানৰ বাবে নিৰ্বাচিত সন্মানীয় ব্যক্তিসকলৰ নাম শনিৱৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰোঁ। বিভিন্ন ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়াই সমাজত বোধগম্য আৰু ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা এইসকল বিশিষ্ট ব্যক্তিক সন্মান জনাই অসম চৰকাৰে উক্ত স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ প্ৰদান কৰিবলগীয়া এই পুৰস্কাৰৰ বাবে ১৯গৰাকী ব্যক্তিৰ ক্ৰমে এগৰাকীক ‘অসম বৈভৱ’ৰ বাবে, পাঁচগৰাকীক ’অসম সৌৰভ’ৰ বাবে আৰু ১৩গৰাকীক ‘অসম গৌৰৱ’ৰ বাবে বাছনি কৰা হৈছে । বিভিন্ন ক্ষেত্ৰৰ বঁটাপ্ৰাপক বিশিষ্ট ব্যক্তিসকলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সহৃদয়ভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। লগতে তেওঁলোকৰ কৰ্মৰাজিয়ে আন বহুজনক সমাজৰ হকে কৰ্ম কৰিবলৈ অনুপ্ৰাণিত তথা উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here