নীতি আয়োগ আৰু ভাৰতী ফাউণ্ডেচনে 'কনভোক ২০২১-২২' মুকলি কৰাৰ কথা ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 16 December 2021

নীতি আয়োগ আৰু ভাৰতী ফাউণ্ডেচনে 'কনভোক ২০২১-২২' মুকলি কৰাৰ কথা ঘোষণা

 


                ২০২২ৰ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ বাবে গৱেষণা পত্ৰ বিচৰা হৈছে


শিক্ষক আৰু অধ্যক্ষ/বিদ্যালয়ৰ মুৰব্বীসকলৰ পৰা বিচৰা পত্ৰৰ বাবে ৯ ডিচেম্বৰৰ পৰা মুকলি হৈছে পঞ্জীয়ন

আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আৰু ষ্টকহল্ডাৰ সকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব


W7s News ষ্টাফৰিপোর্টাৰ:: নীতি আয়োগে ভাৰতী এণ্টাৰপ্ৰাইজেছৰ জনহিতকৰ শাখা ভাৰতী ফাউণ্ডেচনৰ সৈতে অংশীদাৰীত্বৰে ২০২১-২২ বৰ্ষৰ কনভোক (Convoke)মুকলি কৰাৰ কথা ঘোষণা কৰিছে।কনভোক হৈছে এক ৰাষ্ট্ৰীয় গৱেষণা আলোচনা চক্ৰ, যাৰ উদ্দেশ্য হৈছে শিক্ষা প্ৰদানত আহি পৰা প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰা আৰু সমগ্ৰ ভাৰতৰ সকলো শিক্ষক, শিক্ষাবিদ, বিদ্যালয়ৰ মুৰব্বীসকলৰ ওপৰত বিশেষ গুৰুত্ব দি ইয়াৰ মানদণ্ড শক্তিশালী কৰা। এই মঞ্চৰ জৰিয়তে, বিদ্যালয় শিক্ষক/ চৰকাৰী বিদ্যালয়ৰ মুৰব্বী/অধ্যক্ষ আৰু শিক্ষকসকলক ভাৰতী ফাউণ্ডেচন নেটৱৰ্কৰ তৰফৰ পৰা বৈজ্ঞানিক দৃষ্টিভংগীৰ জৰিয়তে গৱেষণা-আধাৰিত সমাধান ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হ'ব  আৰু শিকাৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত তৃণমূল স্তৰত লোৱা তেওঁলোকৰ প্ৰচেষ্টা প্ৰদৰ্শন কৰিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০-য়ে শিকাৰ প্ৰক্ৰিয়াত শিক্ষক আৰু ফেকাল্টিসকলক হৃদপিণ্ড হিচাপে স্বীকৃতি আৰু চিনাক্ত কৰে। ই পৰামৰ্শ দিয়ে শিক্ষকসকলক শিকোৱাৰ নতুন পদ্ধতিৰ ওপৰত, যিয়ে শ্ৰেণীকোঠাত শিকাৰ ফলাফল উন্নত কৰে। এনইপি-য়ে প্লেটফৰ্ম বিকশিত কৰাৰ পৰামৰ্শ দিয়ে, সেয়েহে শিক্ষকসকলে ব্যাপক প্ৰসাৰ আৰু প্ৰতিলিপিৰ বাবে ধাৰণা আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতি শ্বেয়াৰ কৰিব পাৰে। 

শিক্ষকসকলে বহু বছৰ ধৰি শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ অভিনৱ সমাধান লৈ আহিছে আৰু লকডাউনৰ সময়ত ইয়াৰ সংখ্যা আৰু অধিক।কনভোক-ৰ জৰিয়তে তেওঁলোকে এতিয়া তেওঁলোকৰ ক্ষুদ্ৰ গৱেষণা পত্ৰ শ্বেয়াৰ কৰিব পাৰে। এই গৱেষণা পত্ৰবোৰ শিক্ষাবিদসকলৰ দ্বাৰা গঠিত এটা পেনেলৰ দ্বাৰা বিশ্লেষণ কৰা হ'ব। সংক্ষিপ্ত তালিকাভুক্ত গৱেষণা পত্ৰসমূহ  ২০২০-ৰ জানুৱাৰীত হ'বলগীয়া 'ৰাষ্ট্ৰীয় গৱেষণা আলোচনাচক্ৰ'ৰ সময়ত উপস্থাপন কৰা হ'ব।

অনুষ্ঠানটোৰ সভাপতিত্ব কৰে নীতি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ আৰু ইয়াত উপস্থিত থাকে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত, নীতি আয়োগৰ উপদেষ্টা (শিক্ষা) ড০ প্ৰেম সিং, ভাৰতী ফাউণ্ডেশ্যনৰ সহ-অধ্যক্ষ ৰাকেশ ভাৰতী মিট্টাল আৰু ভাৰতী ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া মমতা শইকীয়া।আনহাতে ভাৰ্চুৱেলভাৱে উপস্থিত আছিল শিক্ষা মন্ত্ৰালয়, এন.আই.ই.পি.এ, আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সকলো শিক্ষা বিভাগৰ/ এছ.চি.ই.আৰ.টি-ৰ বিষয়াসকল।

অনুষ্ঠানটোৰ সময়ত ভাষণ প্ৰদান কৰি নীতি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰে কয়, "মানদণ্ড পূৰ্ণ প্ৰাথমিক শিক্ষা সাৰ্বজনীন প্ৰৱেশাধিকাৰ লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এই কাৰ্য তাৎক্ষণিক হৈ পৰিছে কিয়নো ক'ভিড ১৯ৰ ফলত বিদ্যালয় বন্ধ হোৱাত শিকাৰ প্ৰত্যাক্ৰমণ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।মই আশা কৰোঁ যে কনভোক এখন মঞ্চ হৈ পৰিব, যি সমগ্ৰ ভাৰতত ই আনন্দময় শিক্ষা আৰু শিকাৰ জৰিয়তে শিকাৰ ফলাফল উন্নত কৰাৰ দিশত এক আন্দোলন আনিম। মই শিক্ষাৰ ষ্টকহল্ডাৰ  সকলোকে আহ্বান জনাইছো যে আমাৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষা পূৰণৰ বাবে মানদণ্ডপূৰ্ণ শিক্ষাক এক অভিযান হিচাপে গঢ়ি তোলক।আমি প্ৰি-স্কুল শিক্ষাৰ ওপৰতো গুৰুত্ব দিব লাগিব কিয়নো যথেষ্ট সংখ্যক শিশুৱে প্ৰি-স্কুলত উপস্থিত নাথাকে।সেয়েহে শিকাৰ ফলাফলত পিছ পৰি থাকে।"ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-য়ে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি সমাধান বিচাৰি উলিওৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে, ইয়ে শিক্ষক আৰু শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ দক্ষতা বিকাশত সহায় কৰিব। এই নীতিয়ে বিস্তৃত কল্পনা কৰে ভাৰতত গৱেষণাৰ মানদণ্ড আৰু পৰিমাণ পৰিৱৰ্তন কৰাৰ পদ্ধতিৰ ওপৰত, যাৰ ভিতৰত আছে বিদ্যালয় শিক্ষা পদ্ধতি আনন্দময় আৰু শিকাৰ শৈলী বৈজ্ঞানিকভিত্তিক কৰি তোলা।অনুষ্ঠানটোত নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "কনভোকে শিক্ষা ক্ষেত্ৰত শিক্ষাবিদ, নীতি প্ৰণয়নকাৰীৰ মাজত থকা ব্যৱধান দূৰ কৰাত যথেষ্ট সহায় কৰিব। শিক্ষকসকলে 'কি কাম কৰে' তাৰ ওপৰত ভূমিস্তৰৰ পৰা পোৱা ফলাফলবোৰে নীতি প্ৰণয়নকাৰীক নীতি প্ৰস্তুত কৰাত সহায় কৰিব। যিবোৰ তৃণমূল পৰ্যায়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি প্ৰদান কৰে। শিকাৰ ফলাফল আৰু সম্ভাৱনা উন্নত কৰাৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানবোৰৰ বিষয়ে শিক্ষাবিদসকলক অৱগত কৰিব আৰু গৱেষণা ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ শিক্ষকসকল সহায় কৰিব।" শিকাৰ ফলাফল উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নীতি আয়োগৰ উপদেষ্টা (শিক্ষা) ড০ প্ৰেম সিঙে কয়,"কনভোকে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ পৰামৰ্শবোৰ কঢ়িয়াই আনিব। শ্ৰেণীকোঠাত শিকাৰ ফলাফল উন্নত কৰাৰ উদেশ্যৰে শিকোৱাৰ বাবে লোৱা নতুন পদ্ধতিবোৰ চিনাক্ত কৰাত সহায় কৰিব। কনভোকে বিদ্যালয় শিক্ষাত শিকাৰ ফলাফল উন্নত কৰাৰ বাবে গৱেষণা-আধাৰিত বিজ্ঞান ব্যৱহাৰ কৰাৰ সংস্কৃতি সৃষ্টি কৰাত সহায় কৰিব।"

অনুষ্ঠানটোৰ সময়ত সমবেত লোকসকলক সম্বোধন কৰি ভাৰতী ফাউণ্ডেচনৰ সহ-অধ্যক্ষ  ৰাকেশ ভাৰতী মিট্টালে কয়, "ভাৰতী ফাউণ্ডেশ্যনে শিক্ষাদানৰ মানদণ্ড বৃদ্ধি কৰিবলৈ আৰু শিকাৰ মান উন্নত কৰিবলৈ চেষ্টা কৰে।কনভোক ২০২১-ৰ বাবে আমি নীতি আয়োগৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰিবলৈ সন্মানিত হৈছো ।এনে সময়ত নীতি আয়োগৰ সৈতে অংশীদাৰীত্ব কৰিছোঁ, যি সময়ত এনইপি ২০২০ দেশত আৰম্ভ কৰা হৈছে। আমি একেলগে সমগ্ৰ দেশতে এখন মঞ্চৰ জৰিয়তে শিক্ষাবিদসকলৰ  জ্ঞান বিয়পাবলৈ আৰু এনইপি ২০২০-ত আগবঢ়োৱা লক্ষ্যবোৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰিম।"ভাৰতী ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া মমতা শইকীয়াই কনভোকে কেনেদৰে বিকশিত হৈছে সেই বিষয়ে কয় যে শিক্ষকৰ বাৰ্তালাপৰ প্ৰচাৰৰ বাবে এক ক্ষুদ্ৰ পৰিমাণৰ আলোচনা মঞ্চৰ পৰা এতিয়া এক অনন্য মঞ্চলৈ পৰিণত হৈছে। ই এক ৰাষ্ট্ৰীয় উচ্চতাৰ মঞ্চ, যি শিক্ষকসকলৰ ক্ষুদ্ৰ গৱেষণাক প্ৰচাৰ কৰে।কনভোকৰ বাবে আৱেদনৰ দুৱাৰ এতিয়া খোলা আছে আৰু জানুৱাৰীৰ শেষৰ ফাললৈ আবেদনসমূহ গ্ৰহণ কৰা হ'ব। অনুষ্ঠানটোৰ বিষয়ে অধিক বিৱৰণৰ বাবে  https://bhartifoundation.org/convoke/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here