কবিতা হৈছে ৰ'দ আৰু বৰষুণৰ এক প্ৰাকৃতিক শিল্প-মনিকুন্তলা ভট্টাচাৰ্য
W7s News ষ্টাফৰিপোর্টাৰ : লেখক, কবি কৌশিক কুমাৰ ডেকাৰ প্ৰথমখন কাব্যগ্ৰন্থ 'ফুল হৈ আমোলমোলাব তোমাৰ দুখৰ ভ্ৰূণ' দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। বিশিষ্ট লেখিকা, গল্পকাৰ, ঔপন্যাসিক মনিকুন্তলা ভট্টাচাৰ্যই কাব্যগ্ৰন্থখন উন্মোচন কৰি কয় 'কবিতা হৈছে ৰ'দ আৰু বৰষুণৰ এক প্ৰাকৃতিক শিল্প। পৃথিৱীৰ প্ৰতিজন লেখকে জীৱনটো আৰম্ভ কৰে কবিতাৰে। কবিতা ৰচনা কৰা সহজ কাম নহয়। কবিতাই সকলোৰে ওচৰত ধৰা নিদিয়ে। যাৰফলত অকবিতাৰ দৰে শব্দ উৎপন্ন হৈছে। যিবোৰ কথা গদ্যৰে প্ৰকাশ কৰিব পৰা নাযায় তাৰবাবে কবিতা ৰৈ থাকে। কবি, লেখকে কৌশিক কুমাৰ ডেকাই সুদীৰ্ঘ বিৰতিৰ পাছত এনেদৰে কাব্য গ্ৰন্থ লিখি উলিওৱাৰ বাবে ধন্যবাদ জনালোঁ। কবিতাই আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছে সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়।'জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন কলিতাই আঁতধৰা সভাখনত স্তম্ভলেখক অভিজ্ঞান অনুৰাগ, লেখকৰ পিতৃ, সমাজকর্মী নিৰঞ্জন চন্দ্ৰ ডেকা, এ পি আৰ অ'ৰ আৰক্ষী অধীক্ষক সীমান্ত তালুকদাৰ, অভিযন্তা সমীৰণ ডেকা উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। লেখক কৌশিক কুমাৰ ডেকাই কবিতা পুথি খন লিখাৰ আঁৰৰ কথা কয়। লগতে ৰাইজে যাতে গঠন মূলক সামচলনা কৰে আৰু সকলোৱে যাতে আদৰি লয় কবিতাপুথিখন তাৰে কামনা কৰে। সভাৰ আৰম্ভণিতে লেখকৰ মাতৃ বীণাপানী দাস আৰু শাহুআই মণি মেছে বন্তি প্ৰজ্জলন কৰে। সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment