কটনৰ বাকৰিত বাটৰ নাট প্রদর্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 December 2021

কটনৰ বাকৰিত বাটৰ নাট প্রদর্শন

 




W7s News ষ্টাফৰিপোর্টাৰ:  কটন বিশ্ববিদ্যালয়ৰ ৰজনীকান্ত বৰদলৈ কছম'পলিটান ছাত্ৰাবাস আৰু নলিনীবালা দেৱী ছাত্ৰী নিবাসৰ যৌথ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ চৌহদত বাটৰ নাট প্রদর্শন কৰা হয়। ভয়াবহ ৰেগিঙৰ  বিৰোধিতাৰে উপস্থাপন ৰেগিং এক সামাজিক ব্যাধি, ৰেগিং শিক্ষার্থীৰ হানিকাৰক আদি বার্তা সম্বলিত বাটৰ নাটখনে শিক্ষার্থী সকলক আপ্লুত কৰে। বাটৰ নাটখনত দিগন্ত বৈশ্য, নম্ৰতা, অন্তৰীপা আদি শিল্পীয়ে অভিনয় কৰে।ৰজনীকান্ত বৰদলৈ কছম'পলিটান ছাত্ৰাবাসৰ জ্যেষ্ঠ আবাসী প্ৰাঞ্জল সোণোৱালে এই কাৰ্যসূচীৰ জৰিয়তে কয় ' আচলতে ৰেগিং ধাৰণাটো এটা বেমাৰৰ দৰে। যেতিয়ালৈকে সমাজ,শিক্ষানুস্থান সজাগ নহয় ইয়াক আতৰোৱা সম্ভৱ নহয়। সেয়ে আজি আমি ছাত্র সমাজ ওলাই আহিছোঁ আৰু এই বাটৰ নাটখনৰ জৰিয়তে এটা ইতিবাচক বার্তা দিব বিচাৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here