'ইউনাইটেড ট্রাষ্ট অৱ অসমৰ উদ্যোগত বক্তৃতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 13 December 2021

'ইউনাইটেড ট্রাষ্ট অৱ অসমৰ উদ্যোগত বক্তৃতা

 



W7s News গুৱাহাটী :  ইউনাইটেড ট্রাষ্ট অৱ অসমৰ উদ্যোগত ২৫ ডিচেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকাশত এটা বক্তৃতাসত্ৰ অনুস্থানৰ আয়োজন কৰা হৈছে। এই বক্তৃতা সত্ৰৰ বিষয় হৈছে." আধুনিকোত্তৰ ভাৰতত প্ৰাচীন সভ্যতা সমূহৰ সংঘাত আৰু তাৰ নিৰাময়'- সোমবাৰে ইউনাইটেড ট্রাষ্ট অৱ অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ট্রাষ্টৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই। তেওঁ লগতে কয় ' এই বক্তৃতাসত্ৰত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উচ্চতম ন্যায়ালয়ৰ আইনবিদ অশ্বিনী উপাধ্যায় এই সভাত ভাষণ আগবঢ়াব। লগতে চিয়া ৱাকফ বোর্ডৰ অধ্যক্ষ বাচিম ঋজভী (বর্তমান ধৰ্মান্তৰণৰ পিছত জিতেন্দ্ৰ নাৰায়ন সিং ত্যাগী)য়ে ভাষণ দিয়াৰ লগতে দুই বিদুষী অসমকন্যা, আন্তর্জাতিক মানৰ অধ্যাপক নন্দিতা শ‍ইকীয়া আৰু সৰ্ব্বভাৰতীয় পৰ্য্যায়ৰ সুবক্তা অংকিতা দত্তই ভাষণ আগবঢ়াব। এনে ধৰণৰ বক্তৃতাসত্ৰ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব।


সংবাদ মেলত ইউনাইটেড ট্রাষ্ট অৱ অসমৰ সভাপতি দ্বিজেন বৰঠাকুৰে কয় ' ভাৰতীয় দেশপ্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ ধাৰণা গঢ়ি তুলিবৰ বাবে আৰু আনুষংগিক কিছু কাৰণত আমি ইউনাইটেড ট্ৰাষ্ট অৱ অসম গঠন কৰোঁ। আমাৰ এই  বক্তৃতাসত্ৰত সকলোৰে উপস্থিতি কামনা কৰিলোঁ।' সংবাদ মেলত ইউনাইটেড ট্রাষ্ট অৱ অসমৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here