নিৰ্মাণ খণ্ডৰ তিনি কোটি শ্ৰমিকৰ দেশজোৰা দুদিনিয়া ধৰ্মঘট আৰম্ভ:: অসমতো ব্যাপক সঁহাৰি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 December 2021

নিৰ্মাণ খণ্ডৰ তিনি কোটি শ্ৰমিকৰ দেশজোৰা দুদিনিয়া ধৰ্মঘট আৰম্ভ:: অসমতো ব্যাপক সঁহাৰি

 





W7s News, ষ্টাফৰিপোর্টাৰ : সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰৰ পৰা নিৰ্মাণ শ্ৰমিকে দুদিনীয়া  ধৰ্মঘটত চামিল হৈছে। অসমতো চি আই টি ইউৰ অন্তৰ্ভূক্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ আহ্বানৰ  প্ৰতি সহাঁৰি জনাই  অসমৰ নিৰ্মাণ ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকসকলে কাম বন্ধ ৰাখি জিলা অথবা আঞ্চলিক স্তৰত বিক্ষোভ সমদল সংগঠিত কৰে। জানিব পৰা মতে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত প্ৰায় পাঁচ শ শ্ৰমিকে সমদল কৰি বি জে পি চৰকাৰৰ  শ্ৰমিক বিৰোধী নীতিৰ প্ৰবল প্ৰতিবাদ জনায়। সোণাপুৰ ফ্লাই অ'ভাৰৰ ওচৰত হোৱা বিক্ষোভ স্থলীত বক্তব্য ৰাখে  সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক মদন তালুকদাৰ , জিলা সম্পাদক ভোলা শৰ্মা , চি আই টি ইউৰ ৰাজ্যিক উপ-সভাপতি বীৰেণ শৰ্মাই। উল্লেখযোগ্য যে নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষাৰ দাবীত চি আই টি ইউয়ে সমগ্ৰ দেশতে ধাৰাবাহিক আন্দোলন সংগঠিত কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ১৯৯৬ চনত গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈ পৰিছিল। বৰ্তমান সকলো ৰাজ্যতে এই আইনৰ ভিত্তিত পৰিষদ গঠন হৈছে আৰু তেনে পৰিষদৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকসকলে সামান্য পৰিমাণে পেঞ্চন, লৰা-ছোৱালীৰ শিক্ষা সাহায্য, চিকিৎসা সাহায্য, মৃত শ্ৰমিকৰ পৰিয়াললৈ সাহায্য আদি সুবিধা আদায় পাবলৈ সক্ষম হৈছে। অসমত এই আইনখন কাৰ্যকৰী কৰিবলৈ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে প্ৰায় ১৪ বছৰ আন্দোলন কৰিছিল। শেষত ২০১০ চনৰ পৰা অসমতো আইনখন প্ৰয়োগ হয় আৰু নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ গঠন কৰাৰ মাজেৰে অসমৰ নিৰ্মাণ শ্ৰমিকসকলে কিছু পৰিমাণে আইনগত সুবিধাবোৰ আদায় পাবলৈ আৰম্ভ কৰে। পৰিতাপৰ কথা যে বিজেপি দলৰ চৰকাৰ অহাৰ পিছত দেশত প্ৰচলিত শ্ৰম আইনসমূহ সংস্কাৰৰ নামত নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনো কোডত ৰূপান্তৰ কৰি আইনখনৰ  স্বকীয়তা বিলোপ কৰিব ওলাইছে। আনপিনে অসমত বিজেপি চৰকাৰৰ নেতৃত্বত নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে সংগৃহীত পুঁজি নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে খৰচ হোৱাৰ বিপৰীতে অন্য শিতানতহে বেছিকৈ খৰচ কৰা প্ৰৱণতা বৃদ্ধি পাইছে। চৰকাৰখনে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বিষয়টোৰ পৰা আঁতৰি গৈ জধে মধে নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিকো নিৰ্মাণ শ্ৰমিক বুলি পঞ্জীয়ন কৰাত লাগি পৰিছে। বিজেপিয়ে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে আইন অনুসৰি জমা হোৱা টকাবোৰ যাকে তাকে বিতৰণ কৰাৰ মাজেৰে ৰাজনৈতিক স্বাৰ্থসিদ্ধি কৰাত লাগি পৰিছে। বিপৰিতে প্ৰকৃত নিৰ্মাণ শ্ৰমিকে আইনগত সা-সুবিধাৰ প্ৰ-পত্ৰ পূৰণ কৰিও সময়মতে হিতলাভ আদায় পোৱা নাই। চৰকাৰে সৃষ্টি কৰা কিছুমান অসাধু ব্যক্তিয়ে প্ৰকৃত নিৰ্মাণ শ্ৰমিকক বঞ্চিত কৰি তেওঁলোকৰ সা-সুবিধাবোৰ নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিক আগতীয়াকৈ আদায় কৰি দিয়া দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰৰ এনে আইন ধ্বংসকাৰী কাৰ্যৰ বিৰুদ্ধে যোৱা সময়ছোৱাত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে বহু প্ৰতিবাদ কৰিছে।বিজেপি চৰকাৰ ভূল নীতিৰ বাবে শ্ৰমজীৱী মানুহৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ লগতে নিৰ্মাণ সামগ্ৰীৰো অত্যধিক হাৰত দাম বৃদ্ধি ঘটি আছে। যাৰ ফলত দেশৰ নিৰ্মাণ কাম বহু পৰিমাণে বন্ধ হৈ পৰিছে আৰু শ্ৰমিকসকলে কাম নোপোৱাৰ অৱস্থা সৃষ্টি হৈছে। চৰকাৰখনে নিৰ্মাণ খণ্ড, বেংক, বীমা, ভাৰতীয় ৰে'লকে ধৰি দেশৰ লাভজনক খণ্ডবোৰ ব্যক্তিগত পুঁজিপতিৰ হাতত বিক্ৰী কৰিবলৈ লৈছে। চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে দেশৰ সকলো শ্ৰমিক-কৃষক সংগঠনে ধাৰাবাহিক আন্দোলন চলাই আছে। এনে আন্দোলন ধ্বংসৰ বাবে চৰকাৰখনৰ উদ্যোগতে জাতি, ধৰ্ম, ভাষা আদিৰ নামত শ্ৰমজীৱী মানুহৰ ঐক্য বিনষ্ট কৰাৰ চেষ্টা চলিছে। চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাই নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষা তথা দেশক ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী নিৰ্মাণ শ্ৰমিককে ঐক্যবদ্ধ হবলৈ আৰু বৃহত্তৰ আন্দোলন গঢ়ি তুলিবলৈ বক্তা সকলে আহ্বান জনায়। আজিৰ ধৰ্মঘটত গুৱাহাটী ৰ উপৰিও ডিগবৈ  যোৰহাট  লক্ষিমপুৰ  দৰং বাগ্ ছা , নলবাৰী বৰপেটা  ধুবুৰী গোৱালপাৰা   মানিকপুৰ ৰ নিৰ্মাণ শ্ৰমিকসকলেও সহযোগকৰে । কাইলৈ গুৱাহাটী ক্লাৱ ৰটাৰীৰ পৰা বিশাল সমদল সংগঠিত হ'ব বুলি সম্পাদক মদন তালুকদাৰে জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here