হৰিসভাত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 December 2021

হৰিসভাত গ্ৰন্থ উন্মোচন

 





W7s News ষ্টাফৰিপোর্টাৰ: গুৱাহাটীৰ পানবজাৰস্থিত

হৰিসভাত শনিবাৰে অধিবক্তা তথা হৰিসভাৰ সদস্য  হেমন্ত বৰ্মনৰ গ্ৰন্থ ' বিৱৰ্তনৰ সোঁতত গুৱাহাটী মহানগৰী' শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ ড০ মঞ্জুমালা দাসে কয় 'পুৰণি গুৱাহাটীৰ এক মনোৰম পৰিবেশ বিশেষকৈ ৩০ ৰ পৰা ৬০ দশকৰ গুৱাহাটীখনৰ নানা কথা গ্ৰন্থ খনত সন্নিবিষ্ট কৰিছে। গুৱাহাটীৰ প্ৰাচীন শিক্ষানুষ্ঠান, আৰ্যনাট্যহল, জুবিলী গাৰ্ডেন আদিৰ বিবৰণেৰে পৰিপুষ্ট গ্ৰন্থখন এসময়ত ইতিহাসৰ সমল হ'ব পাৰে। গ্ৰন্থখনৰ বিষয়বস্তু অনেক। বহু গুৰুত্বপূৰ্ণ কথাই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পৰিৱৰ্তন ধাৰা দেখুৱাবলৈ চেষ্টা কৰিছে। নিজে দেখা, শুনা বহু কাহিনী গ্ৰন্থ খনত সন্নিবিষ্ট কৰিছে।' বিশিষ্ট সমাজকর্মী অজয় দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখন আঁতধৰে প্ৰণৱ গোস্বামীয়ে। সভাৰ উদ্দেশ্য ব্যখ্যা আৰু লেখক হেমন্ত বৰ্মনৰ জীৱন বৃত্তান্ত দাঙি ধৰে হৰি সভাৰ সাধাৰণ সম্পাদক সুৰেশ ভট্টাচাৰ্যই। সভাত প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত শলাগৰ শৰাই কমল চন্দ্ৰ গোস্বামীয়ে আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here