যাদু বিদ্যাক অসমৰ ৰাইজৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্রাগ মায়া মেজিক থিয়েটাৰৰ প্রদর্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 December 2021

যাদু বিদ্যাক অসমৰ ৰাইজৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্রাগ মায়া মেজিক থিয়েটাৰৰ প্রদর্শনী

 




W7s News ষ্টাফৰিপোর্টাৰ: অসমত প্ৰথমবাৰৰ বাবে অত্যাধুনিক ৰূপত সাজু কৰি তোলা হৈছিল ভ্ৰাম্যমান যাদু প্রদর্শনী প্রাগ মায়া মেজিক থিয়েটাৰ। ২০১৮-১৯ বৰ্ষত প্ৰথমবাৰৰ এই প্রচেষ্টা হাতত লোৱা হৈছিল-এইদৰে কয় যাদু সম্রাট বিক্ৰমে। শানিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' ২০১৮-১৯ বৰ্ষত ৰাইজৰ বিপুল সঁহাৰি আৰু জন সমাগমৰ পিছত দুটা বছৰ কভিড ১৯ আৰু চৰকাৰৰ এছ অ' পি ৰ পৰিপ্ৰেক্ষিতত স্থবিৰ হৈ পৰিছিল প্ৰাগ মায়া মেজিক থিয়েটাৰ । কিন্তু বিগত দুটা বছৰৰ বিৰতিৰ পিছত ২০২১-২২ বৰ্ষৰ বাবে পুনৰ ৰাইজৰ মাজলৈ যাবলৈ সাজু হৈছে প্ৰাগ মায়া মেজিক থিয়েটাৰ ।  "অসমৰ যাদুৰ জগতত ভ্ৰাম্যমান যাদু প্রদর্শনী হৈছে এক অভিনৱ সংযোজন । নিমন্ত্ৰণকাৰীয়ে অতি কম কষ্টত, কম ব্যৱস্থাত প্রায় পূর্ণাংগ ভ্ৰাম্যমান থিয়েটাৰৰ সমানে আয় পাবলৈ সক্ষম হব পাৰে। প্রাগ6 মায়া মেজিক থিয়েটাৰ বিগত বাৰৰ দৰেই এইবাৰো দুদিনীয়া যাদু প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। ন-পুৰণি আকর্ষণীয়, আচৰিত, অদ্ভুত শিহৰণকাৰী যাদুৰ মাজেৰে যাদু প্রেমিক যাদুৰ আমোদ দিবলৈ সাজু হৈছে এই পূৰ্ণাংগ যাদু দল। এই দলত থাকিব বিশেষভাৱে প্ৰশিক্ষণপ্রাপ্ত ১৫ জন সদস্য। ৫০০ আসনযুক্ত এই ভ্রাম্যমান যাদুৰ প্ৰেক্ষাগৃহত অত্যাধুনিক পোহৰ আৰু কাৰুকাৰ্য্য সংযোজন থাকিব। ইতিমধ্য ২০২১-২২ বৰ্ষৰ বাবে নগাওঁ, লখিমপুৰ, ধেমাজি ইত্যাদি ঠাইলৈ নিমন্ত্রিত হৈছে। প্ৰাগ মায়া মেজিক থিয়েটাৰক নিমন্ত্ৰণ কৰিব বিচাৰিলে ৮৮২২৯৯২২০০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here