আসাম বিলাসিনীৰ ডেৰশ বছৰ উপলক্ষে অসম গ্রন্থমেলাত বিশেষ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 December 2021

আসাম বিলাসিনীৰ ডেৰশ বছৰ উপলক্ষে অসম গ্রন্থমেলাত বিশেষ অনুষ্ঠান

 নীলমণি ফুকনৰ কবিতা মানুহৰ বুকুৰ আৰ্তি : ড° প্ৰাণজিৎ বৰা নীলমণি ফুকন জাতীয় জীৱনৰ ঐশ্বর্য : অৰিন্দম বৰকটকী


জ্ঞানপীঠ প্রাপক কবিলৈ সম্বৰ্ধনাৰে গ্ৰন্থমেলাত ‘প্রাজ্ঞ-প্রণাম'







W7s News ষ্টাফৰিপোর্টাৰ: 'প্রকৃত কবিতা কেতিয়াও মানুহৰ বুকুৰ আৰ্তিৰ পৰা নিৰ্বাসিত হৈ থাকিব নোৱাৰে। ইয়াৰ অনুৰণন আমি নীলমণি ফুকনৰ কবিতাত দেখিবলৈ পাওঁ।'—এই মন্তব্য বিশিষ্ট কবি-সাহিত্যিক ড০ প্ৰাণজিৎ বৰাৰ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়োজিত অসম গ্রন্থমেলাত বৃহস্পতিবাৰে জ্ঞানপীঠেৰে বিভূষিত কবি নীলমণি ফুকনলৈ সম্বর্ধনা জনাবলৈ ড° লক্ষ্মীনন্দন বৰা সভাঘৰত অনুষ্ঠিত কৰা ‘প্রাজ্ঞ-প্রণাম' শীর্ষক অনুষ্ঠানত আলোচক ৰূপে অংশগ্রহণ কৰি ড° বৰাই এই মন্তব্য কৰে। নীলমণি ফুকনৰ কবিতাৰ প্ৰসংগৰে তেওঁ লগতে কয়  'কবিতা আটাইতকৈ সুক্ষ্মতম কাম আৰু আটাইতকৈ প্রভাবশালী। সেই বাবে কবিসকলেই অধিক পৰিমাণে নির্যাতিত হয়। ৰাষ্ট্ৰীয়ান কবি আমাতোভাৰ সৈতে তুলনা কৰি ড' বৰাই নীলমণি ফুকনৰ কবিতাত নির্যাতিত মানুহৰ মুক্তিৰ পথৰ সন্ধান কৰিব পাৰি বুলি উল্লেখ কৰি কয়— 'ফুকনৰ কবিতাই আমাৰ জীৱন আৰু জগত সম্পর্কে, সাম্প্রতিক পৰিস্থিতি সম্পর্কে এক বাজনৈতিক সচেতনতা আনি দিয়ে। ফুকনৰ পৰা পোৱা এয়া আমাৰ উত্তৰাধিকাৰ আৰু ইয়াকে লৈ আমি আজৱাই যাব লাগিব।' অনুষ্ঠানত অংশগ্রহণ কৰা আন এগৰাকী বিশিষ্ট সাহিত্য সমালোচক অদিম বৰকটকীয়ে নীলমণি ফুকনক অসমীয়া জাতীয় জীৱনৰ ঐশ্বর্য বুলি উল্লেখ কৰে। নীলমণি ফুকনৰ কাব্যসত্য জীৱাসত্যৰ পৰা পৃথক নহয়। সমাজবোধ আৰু ইতিহাসঃ বাধৰ পৰাই কবিতাৰ ভাষা উচ্চাৰিত হয়। তেওঁৰ কবিতাই বাৰে বাৰে এই কথা প্রতিপন্ন কৰি দেখুৱাইছে। ' — এইদৰে কয় বৰকটকীয়ে। প্ৰসংগক্রমে তেওঁ মন্তব্য কৰে যে কাবা উপলব্ধিবোৰ আমাৰ মাজতেই থাকে। কবি বা কথাশিল্পীৰ কাম হৈছে উপলব্ধিৰ সৈতে পাঠকক সংযোগ কৰোৱা। অনুষ্ঠানটোত অংশগ্রহণ কৰি নীলমণি ফুকনৰ কবিতাৰ নেপথাৰ বিষয়ে আলোচনা কৰে কবি মৃদুল হালৈয়ে। তেওঁ কবি ফুকনৰ কেইবাটাও কবিতাৰ নেপথাৰ বিষয়ে সাবলীল বক্তব্য আগ বঢ়ায়। কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা অনুষ্ঠানটিত নীলমণি ফুকনৰ তিনিটা কবিতা পাঠ কৰি ময়ূৰী দত্তই শ্রোতা-দৰ্শকক আপ্লুত কৰে। ইপিনে গ্রন্থমেলাৰ বাকৰিত অস্থায়ীভাৱে নিৰ্মাণ কৰা হোমেন বৰগোহাঞি সভাঘৰত আজি এখন ব্যতিক্রমী অসমীয়া উপন্যাস 'কাজলী’ উন্মোচিত হয়। এজনী হাতীক মুখ্য চৰিত্ৰ কৰি মাউত-ফান্দী আৰু হাতী চিকাৰৰ এক বিচিত্র জগত এই উপন্যাসখনৰ পটভূমি। প্রয়াত অমৰ বৰাই ৰচনা কৰা এই উপন্যাসখন উন্মোচন কৰে বিশিষ্ট চলচ্চিত্র পরিচালক চমুদৈয়ে। মন কৰিবলগীয়া যে ক'ভিড মহামাৰীৰ সময়ত গৃহবন্দী হৈ থকা অৱস্থাত এই উপন্যাসখন ৰচনা কৰাৰ পাছত ক'ভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় লেখক অমৰ বৰাই। আজিৰ এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি হস্তীৰ বাণী খ্যাত পাবর্তী বৰুৱাই উপন্যাসখনৰ বিষয়ে প্রশংসাসূচক মন্তব্য আগ বঢ়ায়। একেটা সভাঘৰতে সন্ধিয়া উন্মোচিত হয় হেমন্ত কুমাৰ বায়নৰ কাব্যগ্রন্থ 'অনুভৱৰ শব্দ শিল্প'। এই অনুষ্ঠানত উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব হহৃষিকেশ গোস্বামীকে ধৰি কেবাগৰাকী লেখক-সাহিত্যিক। উল্লেখ্য, অসম গ্ৰন্থমেলাৰ মূল মঞ্চত আজি উন্মোচিত হয়৷ মহাবীৰ চিলাৰায়ক লৈ নয়নজ্যোতি ভট্টাচার্যই ৰচনা কৰা এখন ইতিহাসনির্ভর ব্যতিক্রমী উপন্যাস। এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসন সাহিত্য সভাৰ সভাপতি ড কুলধৰ শ‍ইকীয়া, বিশিষ্ট শিল্পী বীৰেণ সিংহ, বিশিষ্ট অভিনয় শিল্পীদ্বয় প্রাঞ্জল শ‍ইকীয়া, পূর্ণিমা পাঠক শ‍ইকীয়া, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু চিলাৰায়ৰ ১৭ তম পৰিনাতি প্ৰণৱ নাৰায়ণ দেৱে।আজি অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিনাও চানমাৰি বাকৰিলৈ গ্ৰন্থপ্রেমীৰ সোঁত বয়। পুৱাৰ ভাগত পাতলীয়া বৰষুণে পুহমহীয়া শীত বুদ্ধি কৰিলেও নিজৰ পছন্দৰ কিতাপখন বিচাৰি গ্ৰন্থমেলাস্থলীত ভিৰ কৰে পাঠক সমাজে। সন্ধিয়াৰ ভাগলৈ অধিক বৃদ্ধি পায় গ্রন্থপ্রেমীৰ ভিৰ। বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমাগমে আশাৰ বতৰা কঢ়িয়াই আনিছে। আজি বতৰে সামান্য বিখিনি ঘটালেও অসম প্ৰকাশন পৰিষদকে ধৰি ৰাজ্যৰ তথা বাহিৰৰ পৰাও অহা প্ৰকাশন প্ৰতিষ্ঠানৰ বিপণীসমূহত বিজ্ঞী আশাব্যঞ্জক হোৱা দেখা যায়। উল্লেখ্য, অসম গ্রন্থমেলাত যোগদান কৰা ১৫০ টা প্ৰকাশন প্ৰতিষ্ঠানৰ ভিতৰত আছে বাংলাদেশৰ ১০টা, নতুন দিল্লীৰ ১০টা আৰু কলকতাৰ ৫ টাকৈ প্ৰকাশন প্রতিষ্ঠান। তেওঁলোকেও আগন্তুক দিনকেইটাত বিজ্ঞীৰ হাৰ উৎসাহজনক হ'ব বুলি আশা প্রকাশ কৰিছে। ইপিনে আজি সন্ধিয়া গ্ৰন্থমেলাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে লেখক তথা উচ্চপদস্থ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই। সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে হীৰকজ্যোতি শৰ্মাৰ লোক-সংস্কৃতিৰ দল আৰু ৰামপুৰৰ ঢুলীয়া শিল্পীসকলে। আনহাতে কাইলৈ বিয়লি ২ বজাত 'আসাম বিলাসিনী' কাকত প্ৰকাশৰ ডেৰশ বছর উপলক্ষে অসম গ্রন্থমেলাত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। অসমীয়া সমাজ জীৱন আৰু জাতীয় চেতনাৰ উন্মেষত আসাম বিলাসিনীৰ ভূমিকা' শীর্ষক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, সমালোচক, গবেষক ড° গোবিন্দ প্রসাদ শৰ্মা, ড’ পৰমানন্দ মজুমদাৰ, ড প্রাঞ্জল শৰ্মা বশিষ্ঠ আৰু সমুদ্রগুপ্ত কাশাপে। অনুষ্ঠানত বাইজৰ উপস্থিতি কামনা কৰিছে অসম প্ৰকাশন আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here