২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 'অসম গ্রন্থমেলা'
W7s News ষ্টাফৰিপোর্টাৰ : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত।২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰীলৈ "অসম গ্রন্থমেলা' অনুষ্ঠিত হ'ব।
অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামন্বিত কার্যালয়ত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই। ড° মহন্তই লগতে কয় 'অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাবে "অসম গ্রন্থমেলা' অনুষ্ঠিত কৰিবলৈ লোৱা এই পদক্ষেপ এক ঐতিহাসিক আৰু দিক নির্ণায়ক ঘটনা হিচাপে চিহ্নিত হৈ ৰ'ব। ক'ভিডকালীন পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যৌথভাবে আয়োজন কৰা এই 'অসম গ্রন্থমেলা' পৰিচালনাৰ বাবে ইতিমধ্যে উভয় পক্ষৰ পৰা সাতজনকৈ সদস্য নির্বাচিত কৰি এখন ১৪ জনীয়া গ্ৰন্থমেলা পৰিচালনা সমিতি কৰা হৈছে। ইয়াৰ উপৰি দুয়োপক্ষৰ পৰা আহ্বায়ক আৰু সমন্বয়কো নিযুক্ত কৰা হৈছে। গ্ৰন্থমেলাৰ শৃংখলাৱদ্ধ তথা সফল ৰূপায়ণৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে। এই চুক্তিত গ্রন্থমেলা সন্দৰ্ভত পালন কৰিব লগীয়া সাংগঠনিক, প্রশাসনিক আৰু বিক্ৰীয় নীতি-নির্দেশনা সন্নিৱিষ্ট কৰা হৈছে। এই গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে এগৰাকী অসমৰ বাহিৰৰ আৰু এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিকে অংশগ্রহণ কৰিব। ইতিমধ্যে গ্রন্থমেলাত অংশগ্ৰহণৰ বাবে দেশ-বিদেশৰ বহু গ্রন্থ বিপণীয়ে যোগাযোগ কৰিছে।' সংবাদ মেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় ' এইবাৰ আমি সু-সংহত পৰিকল্পনাৰে আগবাঢ়িছোঁ। ইতিমধ্যে আমি কাৰ্যপন্থা ঠিক কৰিছোঁ। এইবাৰ গ্ৰন্থমেলাত কোনো বিতৰ্ক নাথাকিব। গ্ৰন্থমেলাত এইবাৰ প্ৰৱেশ মূল্য নিৰ্দ্ধাৰণ কৰা হ'ব যদিও শিক্ষাৰ্থী সকলৰ বাবে প্ৰৱেশ বিনামূলীয়া হ'ব। আমি 'বড়োলেণ্ড গ্ৰন্থ মেলা' অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰি আছোঁ। 'সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় 'অসমত গ্ৰন্থ আন্দোলনৰ বাবে এই গ্ৰন্থ মেলা আৰম্ভ হৈছিল। গুৱাহাটীত গ্ৰন্থ মেলাৰ আদৰ এতিয়াও কমা নাই। এই গ্ৰন্থমেলাখনো পূৰ্বৰ দৰে গ্ৰন্থপ্ৰেমী ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ।'
সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰাণ আহমেদে সংবাদ মেলত কয় ' এই গ্ৰন্থ মেলাই গ্ৰন্থ ব্যৱসায়িক উপকৃত হ'ব বুলি আশা কৰিলোঁ। ক'ভিড পৰিস্থিতিৰ বাবে আমি একেলগে এই গ্ৰন্থ মেলাৰ আয়োজন কৰিছোঁ। ই গ্ৰন্থ জগতৰ বাবে সু-খবৰ হ'ব। ভৱিষ্যতে পৰিস্থিতি ভাল হলে আমি দুখন গ্ৰন্থ মেলাৰ আয়োজন কৰিম। এইবাৰৰ গ্ৰন্থ মেলা যাতে সু-কলমে অনুষ্ঠিত হয় তাৰবাবে সকলোৰে সহযোগিতা কামনা কৰিছোঁ।' সংবাদ মেলত সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহকাৰী সাধাৰণ সম্পাদক বাহাৰুল ইছলাম চৌধুৰীৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য, অসম গ্রন্থমেলাত অংশগ্ৰহণৰ বাবে অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট www. publicationboardassam.com -ত প্ৰ-পত্ৰ সংগ্ৰহ কৰি আবেদন কৰিব পাৰি।
No comments:
Post a Comment