ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুস্থানত মন্ত্ৰী পীয়ুষ হাজৰীকা: সমাজ ব্যৱস্থাক সুশৃংখলিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 November 2021

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুস্থানত মন্ত্ৰী পীয়ুষ হাজৰীকা: সমাজ ব্যৱস্থাক সুশৃংখলিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম

 



সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সন্তুলন মানি চলাটো প্ৰয়োজনীয়: মন্ত্ৰী পীয়ুষ হাজৰীকা

 

তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, ৰাজ্যৰ ১২ জন জ্যেষ্ঠ সংবাদকৰ্মীক সম্বৰ্ধনা



W7s News ষ্টাফৰিপোৰ্টাৰ: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত মঙলবাৰে ৰাজ্যিক ভিত্তিত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদক্ষেত্ৰৰ সৈতে জড়িত সকলোলৈকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । মন্ত্ৰীগৰাকীয়ে উপস্থিত অতিথি তথা সাংবাদিকসকলক উদ্দেশ্যি আগবঢ়োওৱা ভাষণত কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা বিশ্ব বন্দিত । ভাৰতৰ সৈতে একে সময়তে স্বাধীনতা লাভ কৰা প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত গণতন্ত্ৰৰ নামত ভেকোভাওনা চলি থকাৰ বিপৰীতে ভাৰতীয় গণতন্ত্ৰ অতি মহান আৰু এক সুকীয়া মাত্ৰা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় 'ভাৰতীয় গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।  তেঁও কয় 'গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জনাজাত সংবাদ মাধ্যমৰ ভূমিকা সমাজ ব্যৱস্থাক সুশৃংখলিত কৰাৰ বাবেও সমানে প্ৰয়োজনীয় | সাংবাদিকতাৰ ক্ষেত্ৰত স্বাধীনতা, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতা অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । "সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সন্তুলন মানি চলাটো প্ৰয়োজনীয়", এই মন্তব্য প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ভাল বেয়া দুয়োটা দিশ সমানে প্ৰচাৰ কৰিলেহে সাংবাদিকতাৰ প্ৰকৃত উদ্দেশ্য সফল হ'ব ।  এই ক্ষেত্ৰত উদ্দেশ্যপ্ৰণোদিত ভাৱে সংবাদসেৱা কৰিলে সাংবাদিকতাৰ মান নিম্ন হয় বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে | আনহাতে, একাংশ নিউজ প’ৰ্টেলে বাতৰি পৰিবেশন কৰাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰিত হোৱাৰ প্ৰয়োজন আছে বুলিও অনুভৱ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে | এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি নতুন সংবাদকৰ্মীসকলক উপযুক্ত মাগদৰ্শন দিব পাৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে | আজিৰ ৰাজ্যিক ভিত্তিত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ বিভিন্ন প্ৰান্তৰ ১২ জন জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা প্ৰদান কৰে | তেওঁলোক আছিল ক্ৰমে পদ্ম পাটৰ, বৈকুণ্ঠ নাথ গোস্বামী, অনিমেষ মজুমদাৰ, ৰমেশ মুণ্ড্ৰা, প্ৰদীপ ঘোষ, সুনিল মোৰে, কুস্মাখাৰ উপাধ্যায়, কনক হাজৰিকা, দিপক কুমাৰ শৰ্মা, জিতেন বৰকটকী, ডালিম ফুকন আৰু অজিত শৰ্মা | আনহাতে আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুস্থানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই বিশ্বাসযোগ্যতা সংবাদ মাধ্যমৰ বাবে অতি প্ৰয়োজনীয় সম্পদ বুলি উল্লেখ কৰে | ভাষণ প্ৰসংগত তেঁও কয় যে মানুহৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা নথকাৰ বাবেই উৰাবাতৰিৰ সৃষ্টিৰে বিভিন্ন সময়ত বিভ্ৰান্তিৰ সৃষ্টি হয় | ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় | তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ বাহিৰেও আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুস্থানত ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে|

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here