ৰিনিকি ভূঞা শৰ্মাই মুকলি কৰিলে ৱামানিয়াছৰ ম'বাইল এপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 November 2021

ৰিনিকি ভূঞা শৰ্মাই মুকলি কৰিলে ৱামানিয়াছৰ ম'বাইল এপ

 





W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ মহিলাসকলৰ এক মঞ্চ ৱামানিয়াছে আজি অনুষ্ঠিত কৰে এক মত বিনিময় অনুষ্ঠানৰ। চিৰিয়াখানা ৰোডৰ গুৱাহাটী চেণ্ট্ৰেলৰ চতুৰ্থ মহলাত অৱস্থিত টি-চিৰিজ ষ্টেজবৰ্কছ একাডেমীৰ চৌহদত আয়োজিত এই অনুষ্ঠানত ৱামানিয়াছৰ সকলো সদস্যই অংশগ্রহণ কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহিলা উদ্যোগী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেন্টৰ পৰিচালনা সঞ্চালক ৰিনিকি ভূঞা শৰ্মা। ইপিনে বিখ্যাত ফেশ্বন ডিজাইনাৰ পায়েল চাড্ডা, ৰামানিয়াছৰ প্ৰতিষ্ঠাপক দিব্যা চিওটিয়া, নীতা শৰ্মা, নুপুৰ আগৰৱাল, জানৱী বাজাজ, চুইটি আগৰৱালাৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে। এই উপলক্ষে মুখ্য অতিথি ৰিনিকি ভূঞা শৰ্মাই ৱামানিয়াছৰ অফিচিয়েল এপটো আনুষ্ঠানিকভারে মুকলি কৰে। তেওঁ কয় ' কৰ্মৰত মহিলাসকলে মহিলা আৰু ছোৱালীক আগুৱাই নিয়াৰ দিশত ৰামানিয়াছে কৰি থকা কামৰ পৰা যথেষ্ট লাভান্বিত হ’ব। এইটো এটা মঞ্চ যিয়ে মহিলাসকলক তেওঁলোকৰ প্ৰতিভা প্রদর্শন কৰিবলৈ আৰু তেওঁলোকক আগুৱাই নিবলৈ উৎসাহিত কৰে। তেওঁ লগতে ব্যক্ত কৰে যে রামানিয়াছৰ এই এপটো মুকলি কৰাৰ লগে লগে ছোৱালী আৰু মহিলাসকলে অধিক লাভান্বিত হব। ৰামানিয়াছৰ প্ৰতিষ্ঠাপক দিব্যা চিওটিয়াই কয় যে রামানিয়াছত যোগদান কৰাৰ পিছত মহিলাসকল আগবাঢ়ি আহিছে আৰু বিভিন্ন কামৰ ক্ষেত্ৰত উৎসাহিত হৈছে। প্রতিদিনে অধিক সংখ্যক মহিলাই এই বৃহৎ নেটৱৰ্কত যোগদান কৰিছে। যিটো এতিয়া উত্তৰ-পূৰত আছে কিন্তু সোনকালেই সমগ্ৰ ভাৰতত বিয়পি পৰিব বুলি তেওঁ উল্লেখ কৰে। ইপিনে বামানিয়াছৰ সহ-প্রতিষ্ঠাপক নীতা শৰ্মাই কয় যে এনে অনুষ্ঠানবোৰে কেৱল মহিলাসকলক ইজ্জনে সিডনক জানিবলৈ সুযোগ প্রদান নকৰে, লগতে নতুন ধাৰণাবিনিময় কৰে। সহ-প্রতিষ্ঠাপক নুপুৰ আগৰৱালে কয় যে এভুইড মোবাইল ফোনৰ গ্ৰেষ্ট'ৰলৈ গৈ ৰামানিয়াছৰ এপটো ডাউনলোড কৰিব পাৰিব। তেওঁ লগতে কয় যে ৰামানিয়াছ ইণ্ডিয়া ৱেব ডিজাইন কৰিছে ডিজাইনাৰ চাৰু পাবান জ্যোতি ভূঞাই। এশ্নটো কেবল সদস্যসকলৰ বাবেই উপলব্ধ নহয়, সাধাৰণ ৰাইজৰ বাবেও উপলব্ধ হ'ব যিয়ে কেবল ঝামানিয়াছৰ ম'বাইল এপত তেওঁলোকৰ সুবিধা অনুসৰি ডাউনলোড আৰু ক্ৰয় কৰিব পাৰিব আৰু আকর্ষণীয় ৰেহাই, অফাৰ আৰু সেৱা লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here