শক্তিপীঠ কামাখ্যা ধামৰ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 28 November 2021

শক্তিপীঠ কামাখ্যা ধামৰ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

 


 



W7s News ষ্টাফৰিপোর্টাৰ:  আজি অনুষ্ঠিত শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ৰ দলৈ পদৰ নিৰ্বাচনত সৰ্বাধিক ২২০ টা ভোট লাভ কৰি কবিন্দ্ৰ প্ৰসাদ শৰ্মাই দলৈ পদ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে ১৭২ টা ভোট লাভ কৰি সৰু দলৈ পদ লাভ কৰে হিমাদ্ৰী শৰ্মাই। পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত নিৰ্বাচনত ৩৮৪ জন ভোটাৰে মুঠ ৫ জন প্ৰাৰ্থীৰ প্ৰতিদন্দ্বিতাত ভোট সাব্যস্ত কৰিছিল। অন্যান্য প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যা এনেধৰণৰ- মহিত শৰ্মা- ১৬৬ টা, মানস শৰ্মা -১৬২ টা, ফণীন্দ্ৰ নাথ শৰ্মা- ২৬ টা। আজি ভোটদান সাব্যস্ত কৰা মুঠ ৩৮৪ টা ভোটৰ ১১ টা ভোট নাকচ হয়। সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটোত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী নিৰ্বাচনী বিষয়া হিচাপে নিয়োজিত থকাৰ বিপৰীতে গুৱাহাটী চক্ৰ বিষয়া লক্ষ্যজিৎ বৰদুৱৰী সহকাৰী নিৰ্বাচনী বিষয়া হিচাপে নিয়োজিত আছিল। আনহাতে, এই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পুৱাৰ ভাগত নিৰ্বাচন অনুষ্ঠিত স্থানত উপস্থিত থাকি নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰে।উল্লেখ্যযোগ্য যে প্ৰতি ৫ বছৰৰ অন্তৰে অন্তৰে মা কামাখ্যা দেৱালয়ৰ বৰ দলৈ আৰু সৰু দলৈ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here