W7s News ষ্টাফৰিপোর্টাৰ :ৱৰ্ল্ড মিটেই কাউন্সিল অসম ৰাজ্যিক কমিটিৰ উদ্যোগত
সোমবাৰে গুৱাহাটীৰ মণিপুৰী বস্তিৰ ক্লাব ফিল্ডত মিটেই জনগোষ্ঠীক অনুসূচীত জাতিৰ মৰ্যদা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে উপস্থিত বহুসংখ্যক মণিপুৰী সমাজে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মণিপুৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু মণিপুৰত থকা মণিপুৰী মিটেই জনগোষ্ঠীক সোনকালে অনুসূচীত জাতিৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ৱৰ্ল্ড মিটেই কাউন্সিল অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক হৰি সিংহই কয় ' আমি সাংবিধানীক সুৰক্ষা বিচাৰিছোঁ। আমি দিনে দিনে সংখ্যালঘুত পৰিণত হৈছোঁ। ত্ৰিপুৰাত ত্ৰিপুৰীসকল নোহোৱা হৈ যোৱাৰ দৰে আমাৰ সেই অৱস্থা হোৱাৰ দিশে। মণিপুৰ চৰকাৰে মিটেই সকলক অনুসূচীত জাতিৰ মৰ্যাদা দিলেহে অসমত থকা মিটেই সকলে অনুসূচীত জাতিৰ মৰ্যাদা পাব। সেয়ে আমি এই প্ৰতিবাদৰ জৰিয়তে ভাৰতীয় সংবিধান
অনুসূচীত জাতিৰ তালিকা মণিপুৰী মিটেই জনগোষ্ঠীক অনুসূচীত জাতিৰ মৰ্যদা দিবলৈ দাবী জনাইছোঁ।' প্ৰতিবাদকাৰী সকলে মণিপুৰৰ থলুৱা লোকসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভুমিকাক সমালোচনা কৰে। মণিপুৰত খিলঞ্জীয়া মণিপুৰীসকলে সম্প্ৰতি অস্তিত্বৰ সংকটত বুলি উল্লেখ কৰে। উল্লেখ্য,দেশৰ বিভিন্ন প্ৰান্তৰ মণিপুৰী লোকসকলে এনেদৰেই সাব্যস্ত কৰে ধাৰাবাহিক প্ৰতিবাদ । প্ৰতিবাদৰ জৰিয়তে মণিপুৰ চৰকাৰক অনুসূচীত জাতিৰ প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে।
No comments:
Post a Comment