কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত সুদীৰ্ঘ ১৫ বছৰৰ মূৰত 'জিকিৰৰ কৰ্মশালা' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 28 November 2021

কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত সুদীৰ্ঘ ১৫ বছৰৰ মূৰত 'জিকিৰৰ কৰ্মশালা'

 



 


W7s News ষ্টাফৰিপোর্টাৰ : কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত সুদীৰ্ঘ ১৫ বছৰৰ মূৰত গুৱাহাটিত সদৌ অসম ভিত্তিত জিকিৰৰ এখনি কৰ্মশালা দেওবাৰে অনুষ্ঠিত হয় | এই কৰ্মশালাত উদ্বোধক হিচাপে উপস্থিত থাকে জিকিৰকলৈ গৱেষণা কৰি পি.এইচ.ডি. লাভ কৰা প্ৰথমজন ব্যক্তি, বিশিষ্ট শিক্ষাবিদ ডঃ ভুৱনেশ্বৰ ডেকা, বিশিষ্ট সাংবাদিক চৈয়দ ৱাছবিৰ হুছেইন।বিশিষ্ট জিকিৰ শিল্পী মহম্মদ আজিমুদ্দিন আহমেদ এই কৰ্মশালাখনৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে| অসমৰ বিভিন্ন ঠাইৰ শিক্ষানুস্থানসমূহৰ প্ৰায় ২০০ প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে| দিনযোৰা কাৰ্যসূচীৰে অনুস্থিত হোৱা এই অনুষ্ঠানত অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণকাৰী খেলুৱৈ তৈয়বুন্নেছাকে আদি কৰি কেইবাজনো গুণী-মানী ব্যক্তি উপস্থিত থাকে বুলি পৰিচালন সম্পাদক চৈয়দ মাৰুফ হুছেইন, ওডালগুৰি জিলাৰ চিভিল এণ্ড এডিচনেল চেচন জাজ (Civil & Additional Session Judge) শ্বাহ চৈয়দ আহাদুৰ ৰহমান তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহ চৈয়দ চামাদুৰ ৰহমানে জানিবলৈ দিয়ে|

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here