W7s News ষ্টাফৰিপোর্টাৰ : জননেতা ভীমবৰ দেউৰীৰ ৭৪ সংখ্যক মৃত্যু তিথি উপলক্ষে দেউরী উন্নয়ন সমিতিৰ উদ্যোগত মঙলবাৰে মহানগৰৰ বৰবাৰী মেগাজিনস্থিত জননেতা ভীমবৰ দেউৰী স্মৃতিভবন” প্রাসনত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। মহানগৰ দেউৰী সাহিত্য সভাৰ সভাপতি অনুপ কুমাৰ দেউৰীয়ে শ্রদ্ধা ওপনেৰে আৰম্ভ কৰা শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত সভাপতিত্ব কৰে দেউৰী উন্নয়ন সমিতিৰ উপ-সভাপতি যতীন চন্দ্ৰ দেউৰীয়ে। দেউৰী জাতীয় মঞ্চৰ সভাপতি প্রদীপ কুমাৰ দেউৰীয়ে প্রয়াত জননেতা গধ্যকীর স্মৃতিচাৰণ কৰি তেওঁৰ ত্যাগ আৰু নিঃস্বার্থ সেৱাৰ আদর্শ অনুযাৱন কৰি সকলোকে জাতিৰ সেৱাত মনোনিবেশ কৰিবলৈ আহহ্বান জনায়। নিৰ্মাণৰত জননেতা ভীমবৰ দেউৰী স্মৃতি ভৱনৰ (পাঁচ মহলীয়া) নিৰ্মাণ কার্য সম্পূর্ণ কৰাৰ বাবে অতিৰিক্ত ৪ কোটি টকাৰ পুঁজি যথা শীঘ্ৰে আবণ্টন দিয়াৰ বাবে চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ বাবে সভাই সিদ্ধান্ত গ্রহণ কৰে। অনুষ্ঠানত কেবাগৰাকীও বক্তাই জননেতা জনৰ স্মৃতিচাৰণ কৰি বক্তব্য আগবঢ়ায়। সভাই জননেতা ভীমবৰ দেউৰী স্মৃতি ভৱন আগন্তৰ বছৰৰ ব'হাগ মাহতে সম্পূৰ্ণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে বুলি জানিবলৈ দিয়ে দেউৰী উন্নয়ন সমিতিৰ সহকাৰী সম্পাদক চন্দ্ৰ লোচন দেউৰী আৰু প্ৰচাৰ সম্পাদক এল. এন. দেউৰীয়ে।
No comments:
Post a Comment