বুজনসংখ্যক কটনিয়ান আৰু আছু গোটৰ কৰ্মীৰ উপস্থিতিত এই বিশেষ শ্ৰদ্ধাঞ্জলি তথ্থা প্রতিবাদী কার্যক্রম
যোৰহাটৰ ঘটনাৰ খৰতকীয়া বিচাৰ আৰু ন্যায়ৰ দাবী
যোৰহাট উকীল সন্থাই এই কাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰাৰ যি সিদ্ধান্ত গ্রহণ কৰিছে, তাক স্বাগতম
W7s News ষ্টাফৰিপোর্টাৰ : যোৰহাট নগৰীৰ মাজমজিয়াত সোমবাৰে দিনদুপৰতে তিনিজন নির্দোষী যুৱকৰ ওপৰত যিধৰণে নির্বিচাৰে আক্ৰমণ চলোৱা হ'ল, সেই ঘটনাই কেবল যোৰহাট বা অসমকেই নহয়— সমগ্র মানবজাতিকেই লজ্জানত কৰিছে। সেই বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ব্রহ্মপুত্র আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ মৃত্যুত কটন বিশ্ববিদ্যালয় আছু গোটে শোক প্ৰকাশ কৰে। এই উপলক্ষে মঙলবাৰে যোৰহাট-কাণ্ডৰ ন্যায় বিচাৰি আৰু প্ৰয়াত অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি কটন বিশ্ববিদ্যালয় আছু গোটে এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে কটন বিশ্ববিদ্যালয় আছু গোট সভাপতি হৃষীকেশ দত্তই কয়
' যোৰহাটৰ ঘটনাত আমি মর্মাহত হৈছোঁ, ক্ষোভিত হৈছোঁ আৰু তেওঁৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে খৰতকীয়া বিচাৰ আৰু ন্যায়ৰ দাবী জনাইছোঁ। ঘটনাটোত আঘাতপ্রাপ্ত বাকী দুজন যুৱকৰ আশু আৰোগা কামনা কৰিছোঁ। কটন বিশ্ববিদ্যালয় আছু গোটে বিশ্বাস কৰে যে লেহুকা প্রশাসন আৰু লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াৰ বাবেই গণপ্ৰহাৰৰ দৰে পৈশাচিক ঘটনা অসমত একপ্ৰকাৰ নিয়মীয়া খবৰ হৈ পৰিছে। যোৰহাটৰ দৰে সংস্কৃতিবান চহৰ এখনত, ঘটনাস্থলীৰ নিচেই নিলগত আৰক্ষী থানা থকাৰ পিছতো এনে ঘটনা সংঘটিত হোৱাৰ বাবে সমগ্র প্রশাসন ব্যৱস্থা দায়ী। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাচবঘটনাটোৰ বিচাৰৰ দায়িত্ব বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙক দিয়াৰ খবৰ আমি লাভ কৰিছোঁ যদিও এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছোঁ। ৩০ দিনৰ ভিতৰত যি চার্জশ্বীট প্রস্তুত কৰিবলৈ দিয়া হৈছে, সেই চার্জশ্বীট যাতে তলিফুটা নহয়, যাতে আইনী সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে, তাৰ বাবে সর্বাত্মক সিদ্ধান্ত ল'বলৈ আমি চৰকাৰক দাবী জনাইছোঁ। যোৰহাট উকীল সন্থাই এই কাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰাৰ যি সিদ্ধান্ত গ্রহণ কৰিছে, তাক আমি স্বাগতম জনাইছোঁ আৰু সমগ্ৰ অসমৰ অধিবক্তা সমাজকো অনুৰূপ সিদ্ধান্ত গ্রহণ কৰিবলৈ আহ্বান জনাইছোঁ।' বুজনসংখ্যক কটনিয়ান আৰু আছু গোটৰ কৰ্মীৰ উপস্থিতিত এই বিশেষ শ্ৰদ্ধাঞ্জলি তথ্থা প্রতিবাদী কার্যক্রম অনুষ্ঠিত কৰা হয়। সভাত কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্র প্রাঞ্জল সোণোৱালে সমূহ ছাত্র সমাজক প্রতিনিধিত্ব কবি সজোৰে ব্যক্তব্য ৰাখে। কটন বিশ্ববিদ্যালয় আছু গোটৰ লগতে সকলো কটনিয়ানে এই ঘটনাৰ ৰাজনীতিকৰণ নোহোৱাৰ লগতে মানৱীয় দৃষ্টিভংগীৰে চৰকাৰক দৃষ্টান্তমূলক ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনায়।
No comments:
Post a Comment