গুৱাহাটীত হোণ্ডা বিগউইং মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 November 2021

গুৱাহাটীত হোণ্ডা বিগউইং মুকলি

 



W7s News, গুৱাহাটী : হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া প্রাইভেট লিমিটেডে মঙলবাৰে মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুসজাই ষ্টেডিয়ামৰ সমীপৰ গাৰালীয়াত বৃহৎ শ্বৰূম হোণ্ডা বিগউইং আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত হোণ্ডা শ্বৰূমটো মহানগৰ পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত বিমল মটৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰোহিত ছেৰাউগি, অমিত ছেৰাউগি, গৌৰৱ ছেৰাউগি, আঞ্চলিক তত্বাৱধায়ক, শিৱ সিং, হৃষভ সিনহাকে আদি কৰি বহু ব্যক্তি উপস্থিত থাকে। এই হোণ্ডা শ্বৰূমে উত্তৰ-পূবৰ মেঘালয়, অৰুণাচল, মণিপুৰ, নাগালেণ্ডৰ গ্ৰাহকসকলক বিশেষভাৱে সেৱা প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি আশা প্রকাশ কৰে ছেৰাউগিয়ে। গুৱাহাটীত বিগউইঙৰ মুকলিৰ বিষয়ে হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ বিক্রয় বিপণনৰ সঞ্চালক যাদৱিন্দৰ সিং গুলেৰিয়াই কয়-“গ্রাহকক প্রকৃত পৃথক প্রভাৱশালী অভিজ্ঞতা প্রদানেই হৈছে আমাৰ হোণ্ডা বিগউইং (হোণ্ডাৰ আছুতীয়া প্রিমিয়াম মটৰ চাইকেল শৃংখল)ৰ প্ৰসাৰৰ লক্ষ্য। আজি গুৱাহাটীত বিগউইং মুকলি কৰি আমি আনন্দিতবোধ কৰিছোঁ। এই নতুন প্রিমিয়াম বিপণীৰ জৰিয়তে আমি হোণ্ডাৰ আনন্দময় মটৰ চাইকেলক গুৱাহাটীৰ গ্ৰাহকৰ কাষ চপাই নিব বিচাৰিছোঁ। লগতে তেওঁলোকক দিব বিচাৰিছোঁ আমাৰ মধ্যম আকাৰৰ ৰেঞ্জৰ প্রিমিয়াম মটৰ চাইকেল।” তাৎপর্যপূর্ণভাৱে পৃথক ছিলভাৰ উইং বিত্তীয় বৰ্ষ ২০২০ৰ শেষার্ধত মুকলি কৰা গুৰগাঁৱৰ প্ৰথম শ্ব'ৰূমৰ পৰা বৰ্তমান দেশৰ ভিন্নপ্ৰান্তৰ ৭৯ কাৰ্যকৰী টাচ্চপইণ্টলৈ সম্প্ৰসাৰিত হৈছে। হোণ্ডাৰ প্রিমিয়াম মটৰ চাইকেলৰ খুচুৰা ব্যৱসায়ৰ প্ৰক্ৰিয়া প্ৰধান মেট্ৰ'ত বিগউইং টপলাইন আৰু আন চাহিদাযুক্ত কেন্দ্ৰত বিগউইঙৰ দ্বাৰা পৰিচালিত। হাৰ্নেছ-চিবি ৫০, চিবি ৩৫০ আৰ এছ, চিবি ৫০০ এ’, চি বি আৰ ৬৫০ আৰ, চিবি ৬৫০ আৰ, চিবি ১০০০ আৰ আৰ-আৰ ফায়াৰব্লেড, চি বি আৰ ১০০০ আৰ আৰ-আৰ ফায়াৰব্লেড এছ পি, এডভেন্সাৰ ট্যুৰৰ বাবে আফ্রিকা টুইন এডভেন্সাৰ স্পৰ্টছ আৰু ধ্বজাবাহী গ’ল্ডউইং ট্যুৰৰ পৰা আৰম্ভ হোৱা হোণ্ডাৰ সম্পূৰ্ণ প্রিমিয়াম মটৰ চাইকেল ৰেঞ্জ মাৰ্কিউ হোণ্ডা বিগউইং টপলাইনত উপলব্ধ। একেদৰে বিগউইঙে হোণ্ডাৰ মধ্যম আকাৰৰ মটৰ চাইকেলৰ অনুৰাগীক আনন্দিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here