আঘোণৰ পথাৰত 'অনবদ্য' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 26 November 2021

আঘোণৰ পথাৰত 'অনবদ্য' উন্মোচন

 




W7s News ষ্টাফৰিপোর্টাৰ : ডিজিটেল মিডিয়া 'আজিৰ খবৰ' আৰু সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ইন্সপিৰেশ্যনৰ  উদ্যোগত  আঘোণৰ সুঘ্ৰাণ বিচাৰি 'গাঁৱলৈ যাওঁ ব'লা অন্তৰংগ আলাপ'  অনুষ্ঠানত এক ব্যতিক্ৰমভাৱে 'অনবদ্য' নামৰ ভিন্ন ৰুচি আলোচনী এখন শুকুৰবাৰে উন্মোচন  কৰা হয়  । কমলপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  

 দ্বিগুনপাৰৰ বিশাল সোণালী ধাননি পথাৰত 'অনবদ্য' নামৰ আলোচনীখন উন্মোচন কৰে দ্বিগুনপাৰৰ জ্যেষ্ঠ নাগৰিক ৰাজেন ভৰালী, কিৰণ ভৰালী, তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ভাষাতত্বৰ সহকাৰী অধ্যাপক ড০ অৰূপ নাথ, সাংবাদিক বসন্ত দাস,অনুপমা ডেকা,দীপেন ভৰালী, দীপাঞ্জলি ডেকা, আবৃত্তিকাৰ পাৰ্থ প্ৰতিম দত্তৰ লগতে কেইবাজনো শিশুৱে। উন্মোচনী ভাষণত ড০ অৰুপ কুমাৰ নাথে কয় ' এই ধৰণৰ আলোচনীবোৰে এক ধৰণৰ সাহিত্যিক প্ৰয়োজন পূৰণ কৰে। নতুন প্ৰজন্মৰ লেখকসকলক সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। চন্দন কলিতা আৰু হীৰক শৰ্মাৰ এই ব্যতিক্ৰম প্ৰয়াসক শলাগ ললোঁ। আঘোণৰ পথাৰত এই আলোচনীখন উন্মোচন কৰি যথেষ্ট আনন্দ লাভ কৰিছোঁ। লগতে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।' ব্যতিক্ৰমী এই অনুষ্ঠানত অন্যান্য উন্মোচকসকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। আলোচনীখন সম্পাদনা কৰিছে সাংবাদিক চন্দন কলিতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here