চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে
বিক্ষোভ আৰু স্মাৰকপত্ৰ প্ৰদান
প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম সকলৰ নিযুক্তিৰ দাবী
সদৌ অসম এ এন এম (প্রশিক্ষণ প্রাপ্ত) সন্থা
W7s News, ষ্টাফৰিপোর্টাৰ :
সদৌ অসম এ এন এম (প্ৰশিক্ষণপ্ৰাপ্ত) সন্থাই সোমবাৰে গুৱাহাটী ক্লাৱ ৰ'টাৰীত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ জৰিয়তে সন্থাৰ সদস্য অঞ্জু মণি হীৰাই কয় ' এ আই টি ইউ চিৰ অন্তর্ভুক্ত সংগঠন “সদৌ অসম এ এন এম (প্রশিক্ষণপ্রাপ্ত) সন্থা" ৰ ফালৰ পৰা অতি পৰিতাপৰ বিষয় যে, যোৱা কেইবাটা বছৰ ধৰি আমি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আহিছো। অসম চৰকাৰৰ অন্তৰ্গত বিভিন্ন প্রশিক্ষণ কেন্দ্ৰবোৰত লাখ লাখ টকা খৰচ কৰি এ এন এম প্ৰশিক্ষণ লৈ বছৰৰ পিছত বছৰ নিবনুৱা হৈ থকাটো অতি দুর্ভাগ্যজনক। আমি জনাত অসমৰ বিভিন্ন ঠাইত থকা । হাস্পতালসমূহত এ এন এম পদ খালী হৈ আছে, কিন্তু এই ক্ষেত্ৰত অসমৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি জনসাধাৰণৰ স্বাস্থ্যৰ লগত হেতালি খেলি আহিছে। চৰকাৰৰ বিভিন্ন সময়ত ওলোৱা বিজ্ঞাপনসমূহত আমাক অবজ্ঞা কৰি জি এন এম সকলক কর্ম সংস্থাপন দি আহিছে। বিভিন্ন সময়ত আমি প্রতিবাদী কণ্ঠৰে চৰকাৰক জনোৱা পাছতো আমার প্রতি অৱহেলাৰ দৃষ্টিৰে চোৱাটো আমি তথা আমাৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালবৰ্গই ভৱিষ্যৎ অন্ধকার হোৱাৰ আশংকাত ভূগি আছে। অতি দুর্ভাগ্যজনক বিষয় যে, ইতিমধ্যে আমাৰ প্ৰায়বোৰ এ এন এম নাৰ্চৰ বয়সৰ উৰ্দ্ধসীমা পাৰ হোৱাৰ উপক্ৰম হৈছে আৰু আমাৰ পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হৈ আছে৷ যিখিনি আপোনাক লিখি শেষ কৰিব নোৱাৰো। তথাপিও আমি ভূগি অগা কিছু জলন্ত সমস্যা আপোনাৰ ওচৰত দাঙি ধৰিলো। প্রশিক্ষণপ্রাপ্ত এ এন এম সকলক নিযুক্তিৰ ব্যৱস্থা কৰক, চলিত বছৰৰ ১০ জানুৱাৰীত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰক, ব্যক্তিগত নাৰ্চিং হোমত কৰ্মৰত এ এন এম সকলক শ্রমিক আইন অনুসাৰত দৰমহা আৰু আন আন সুবিধা দিয়ক, নিযুক্তিৰ সময়ত বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়ক,সকলো এ এন এমৰ নিযুক্তি নোহোৱালৈকে নতুন পাঠ্যক্ৰম বন্ধ কৰাৰ দাবীত স্বাস্থ্যমন্ত্ৰীৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিলো। লগতে মন্ত্রী আমাৰ ন্যায্য দাবীৰ মীমাংসা কৰিবলৈ আশা প্রকাশ কৰিলো। আমাৰ দাবীৰ প্ৰতি সুবিচাৰ নকৰিলে অনাগত দিনত স্বাস্থ্য বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এন এইছ এম অনশনত বহিবলৈ বাধ্য হয়। আজিৰ বিক্ষোভত এ আই টি ইউ চিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাসে চৰকাৰক এ এন এম সকলৰ প্রতি অবিচাৰৰ গৰিহণা দিয়ে আৰু চৰকাৰক এ এন এম সকলৰ দাবীৰ মীমাংসা কৰাৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীৰ জৰিয়তে প্রসাশনৰ জৰিয়তে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক এখন স্মাৰক পত্ৰ প্ৰেৰণা কৰে।
No comments:
Post a Comment