দিপাৱলীৰ প্ৰাক্ ক্ষণত নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 1 November 2021

দিপাৱলীৰ প্ৰাক্ ক্ষণত নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সংবাদমেল

 



দিপাৱলীৰ

আটাইতকৈ বেছি দুৰ্ঘটনা হয় কলগছৰ নামৰ ফটকাৰ পৰা



পোহৰৰ উৎসৱ পোহৰেৰে পালনৰ আহবান



দুখীয়া ৰোগীৰ বাবে

'আৰ্ত সেৱা' নামেৰে ন্যাস গঠন




W7s News ষ্টাফৰিপোৰ্টাৰ : 'দিপাৱলীৰ

আটাইতকৈ বেছি দুৰ্ঘটনা হয় কলগছৰ নামৰ ফটকাৰ পৰা। ২০১০ চনৰ পৰা ২০২০ চনলৈ দিপাৱালী সময়ত কেৱল কলগছ ফটকাৰ বাবে মুঠ ৩৪২ টা অগ্নিদগ্ধৰ দুৰ্ঘটনা হৈছে। এই তথ্য আমাৰ বাৰ্ণ কেয়াৰ ইউনিটৰ। সেইদৰে ২০১০ চনৰ পৰা ২০২০ চনলৈ মুঠ ৪৭১ অগ্নিদগ্ধৰ দুৰ্ঘটনা হৈছে । তাৰপাছত ফটাকা,চকৰি, ফুলজাৰি আৰু  মাটিৰ চাকি অগ্নিদগ্ধৰ ঘটনা হৈছে- এইদৰে কয়

বাৰ্ণ বিশেষজ্ঞ তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক ডাঃ ভুপেন্দ্ৰ প্ৰসাদ শৰ্মাই। সোমবাৰে বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় 'দেৱালীৰ সময়ত  যুৱপ্ৰজন্মৰ সৰ্বাধিক আঘাতপ্ৰাপ্ত হয়। জুই লগাৰ লগে লগেই সকলোৱে দৌৰে।তেনে কৰাটো ভুল। মাটিত বাগৰি দিব লাগে আৰু পোৰণীৰ উপশম নোহোৱালৈ পানী ঢালি থাকিব লাগে। কিন্তু মলম লগাব নালাগে। মাটিৰ চাকিৰ পৰাও বহু দুৰ্ঘটনা হয়। ফটকা ব্যৱহাৰ নকৰাটোৱেই ভাল,কিন্তু কৰিলেও গ্ৰীণ ক্ৰেকাৰ  ব্যৱহাৰ কৰিব পাৰে।

কলগছৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ আহ্বান জনালোঁ। বায়ু প্ৰদূষণৰ বাবেই এতিয়া ৫০ শতাংশ কৰ্কট ৰোগ হয়। ধূম্ৰপান নকৰা সকলৰো এতিয়া হাওঁফাঁওৰ বৰণ কলা হয় পৰিছে।

দিল্লীৰ দৰে অৱস্থা হ'বলৈ বেছি দিন নাই গুৱাহাটীৰ।

২০৫০ ৰ ভিতৰত পানীৰ বাবে হাহাকাৰ হ'ব পাৰে।

এণ্টাৰ্কটিকাত ইতিমধ্যে বৰফ বোৰ গলা আৰম্ভ হৈছে।

গতিকে সকলোৱে সজাগ হ'ব লাগিব।

অন্ততঃ এইবাৰ দিৱালীত যাতে কোনোৱে আতচবাজী নকৰে আৰু কিছু পৰিমানে হ'লেও প্ৰদূষণ ৰোধ কৰে তাৰ বাবে অনুৰোধ জনালোঁ।' আমি মূলত ৰাইজৰ মাজত সজাগতাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেইবাবেই এইবাৰ ফটকাবিহীন দেৱালী উদযাপনৰ আহ্বান জনালোঁ ।'আৰ্ত সেৱা' নামেৰে ন্যাসো আমি মুকলি কৰিছোঁ। বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ, য’ত দুখীয়া ৰোগীক আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াত বাবে কোনোবাই দুখীয়া লোকৰ চিকিৎসাৰ বাবে আৰ্থিক অনুদান দিব বিচাৰিলে আমাৰ জনসম্পৰ্কৰক্ষী বিষয়া বিশ্বজিৎ শৰ্মাক ৯৪৩৫৭-৩২৯২৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ । কাৰণ অগ্নিদগ্ধ ৰোগীৰ চিকিৎসা ব্যয় বহুল হয়।' সংবাদ মেলত হাস্পতালৰ পৰিচালন সঞ্চালক তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সভাপতি ডাঃ হিতেশ বৰুৱাই  কয় 'পোহৰৰ উৎসৱক পোহৰেৰেই পালন কৰিবলৈ ৰাইজক আহ্বান জনালোঁ।দিপাৱালীৰ সময়ত শব্দ,বায়ু প্ৰদূষণ অস্বাভাৱিক ধৰণে বৃদ্ধি পায়। গতিকে ৰাইজ সহজ হোৱাৰ সময় আহি পৰিছে।' সংবাদ মেলত 'আৰ্ত সেৱাৰ' সভাপতি নৰেশ্বৰ শৰ্মা উপস্থিত থাকে।আনহাতে বাৰ্ণ বিশেষজ্ঞ তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক ডাঃভুপেন্দ্ৰ প্ৰসাদ শৰ্মাই ১০ লাখ টকাৰ চেক প্ৰদান কৰে'আৰ্ত সেৱা' নামৰ ন্যাসৰ বাবে। উল্লেখ্য, প্ৰতি বছৰে সংঘটিত হোৱা জুয়ে পোৰা দুৰ্ঘটনাবোৰৰ ভিতৰত শতকৰা ১০ ৰ ১২ ভাগ হ'ল দেৱালীত হোৱা দুৰ্ঘটনা। '

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here