আই টি চি হোটেলছে মুকলি কৰিলে ৱেলকাম হোটেল ভুবনেশ্বৰ,পূর্বাঞ্চলত পৰিসৰ বৃদ্ধিৰ লগতে শক্তিশালী কৰিলে নিজৰ স্থিতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 1 November 2021

আই টি চি হোটেলছে মুকলি কৰিলে ৱেলকাম হোটেল ভুবনেশ্বৰ,পূর্বাঞ্চলত পৰিসৰ বৃদ্ধিৰ লগতে শক্তিশালী কৰিলে নিজৰ স্থিতি

 



W7s News ষ্টাফৰিপোৰ্টাৰ : আই টি চি হোটেলছে ওড়িশাৰ প্ৰথমখন লীড প্লেটিনাম চার্টিফাইড হোটেল হিচাপে রেলকামহোটেল ভুবনেশ্বৰ মুকলিৰ কথা ঘোষণা কৰিছে। এই নতুন হোটেলখন মুকলি কৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে। হোটেলখনে ওড়িশাৰ আকৰ্ষণীয় পৰ্যটনৰ দৃশ্যপটক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। নিউ ভুবনেশ্বৰত অৱস্থিত এই হোটেলখনৰ পৰা বিমান বন্দৰলৈ দূৰত্ব হৈছে ৮ কিলোমিটাৰ। বিভিন্ন গুরুত্বপূর্ণ অনুষ্ঠান, শিক্ষানুষ্ঠান আৰু আবাসিক এলেকাসমূহো ইয়াৰ ওচৰতে অৱস্থিত। মন্দিৰ নগৰী হিচাপে পৰিচিত ওড়িশাৰ স্থানীয় শৈল স্থাপত্যশৈলীৰ আধাৰত এই হোটেলখনৰ ডিজাইন কৰা হৈছে। এই সন্দৰ্ভত আই টি চি লিমিটেডৰ অধ্যক্ষ তথ্য পৰিচালন সঞ্চালক সঞ্জীব কুৰিয়ে কয়— 'আই টি চিয়ে বিগত সময়ছোৱাত কেইবাখনো আইকনিক হোটেল মুকলি কৰিছে, যিয়ে ভাৰতৰ পৰ্যটনৰ মানচিত্ৰক সমৃদ্ধিশালী কৰি তুলিছে। ভুবনেশ্বৰত ৱেলকামহোটেল ব্ৰেণ্ডৰ অধীনত এই নতুন হোটেল মুকলিৰ জৰিয়তে আমি এই তালিকাত নতুন সংযোজন কৰিলো আৰু ইয়াৰ বাবে আমি গৌৰৱান্বিত।'আই টি চি লিমিটেডৰ কাৰ্যবাহী সঞ্চালক নকুল আনন্দে কয়— 'সাংস্কৃতিক দিশৰ পৰা সমৃদ্ধিশালী ওড়িশাৰ ৰাজধানী চহৰখনত বেলকামহোটেল ভুবনেশ্বৰ মুকলি কৰিবলৈ পাই আই টি চি হোটেলছ গৌৰৱান্বিত। আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত সেৱাৰ মানেৰে ৱেলকামহোটেল ভুবনেশ্বৰ হৈছে ভাৰতৰ আতিথ্যৰ প্ৰতিফলনস্বৰূপ। এই নতুন হোটেলৰ জৰিয়তে পূৰ্বাঞ্চলত আমাৰ স্থিতি শক্তিশালী হ'ব আৰু ইয়াৰ জৰিয়তে ব্লেও বেলকামহোটেলৰ পৰিসৰো বৃদ্ধি পাব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here