"সমাজ গঠনত সাংবাদিকৰ ভূমিকা লেখতলবলগীয়া" উপায়ুক্ত তেজ প্ৰসাদ ভূচাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 1 November 2021

"সমাজ গঠনত সাংবাদিকৰ ভূমিকা লেখতলবলগীয়া" উপায়ুক্ত তেজ প্ৰসাদ ভূচাল



বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ"ৰ কাৰ্যালয় উদ্বোধন। 




W7s News ষ্টাফৰিপোৰ্টাৰ :  " সংবাদ ক্ষেত্ৰখনত সাংবাদিকৰ ভূমিকা থাকে অপৰিসীম। তথ্য সম্বলিতভাৱে বাতৰি পৰিবেশন কৰি ৰাইজক উপকৃত কৰিব পাৰে সাংবাদিকে। বাতৰি লিখাৰ বাবে আৰু সুস্থিৰ চিন্তা- আলোচনা কৰাৰ বাবে নিৰিবিলি পৰিবেশৰো প্ৰয়োজন, যিটো সাংবাদিকে নিজে ব্যৱস্থা কৰিব লাগিব। তেনে ক্ষেত্ৰত প্ৰেছ ক্লাৱৰ দৰে অনুষ্ঠানৰ প্ৰয়োজনো আছে"- এই মন্তব্য প্ৰকাশ  বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ। পূৱ বৰপেটাৰ দীৰ্ঘদিনীয়া অভাৱৰ অন্ত পেলাই বৃহত্তৰ ভেল্লা অঞ্চলৰ সাংবাদিক, লেখক, সমাজকৰ্মীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ কাৰ্যালয় উদ্বোধন কৰি মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়। :আমাৰ অসম' কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত আৰু বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ"ৰ সভাপতি আজিজুল হকে আতঁ ধৰা সভাখনত উপায়ুক্ত গৰাকীয়ে আৰম্ভ কৰিলেহে অগ্ৰগতিৰ কথা দোহাই দি বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ"ৰ বাবে স্থায়ী 

কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহযোগ কৰিব বুলি আস্বাস দিয়ে। ইপিনে সামাজিক ব্যাধি তথা কৰোনাৰ দৰে অতিমাৰীৰ সময়ত  সাংবাদিকে ৰাইজক সজাগ কৰাৰো প্ৰচেষ্টা অব্যাহত ৰখা উচিত বুলি কৈ সকলোকে মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সম্পাদক চাইজুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰ্তমান সংবাদ মাধ্যমৰ প্ৰসাৰতা বৃদ্ধি পাইছে বুুুলি কৈ গণতন্ত্ৰক সুস্থ, সবল কৰি ৰখাত সংবাদ মাধ্যমৰ যথেষ্ট ভূমিকা আছে বুলিও কয় । সভাত বিশিষ্ট সাহিত্যিক নঞ্জু দত্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নাগৰিকৰ প্ৰতি সাংবাদিকৰ গভীৰ দ্বায়িত্ব আছে বুলি ভাষণত কয়। নৈতিকতা, শুদ্ধতা , সততা, নিৰপেক্ষতা, নিৰ্ভীকতা আদি গুণ এগৰাকী ভাল সাংবাদিকৰ লক্ষণ বুলি কৈ সাংবাদিকৰ দ্বায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিস্তৃত আকাৰে ভাষণত উল্লেখ কৰে। বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক মৌচম নাজিমে অতিথিবৃন্দক আদৰণি জনোৱা এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৰপেটা ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাই সাংবাদিক, লেখক, সমাজকৰ্মীৰ বাবে প্ৰেছ ক্লাৱৰ দৰে অনুষ্ঠানৰ অতিকৈ প্ৰয়োজন আছে বুলি অনূভৱ কৰি এই ক্ষেত্ৰত ৰাইজে সহযোগ কৰা উচিত বুলি কয়। ভেল্লা বজাৰৰ বি এম কমপ্লেক্সত অনুষ্ঠিত সভাখনত সাংবাদিক পুলেন্দ্ৰ দাস, 

ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনচাৰী আলী আহমেদ, অৱসৰপ্ৰাপ্ত সেনা বিষয়া আনোৱাৰ হুছেইন, প্ৰাক্তন আছু নেতা প্ৰদীপ দাসে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাত বৰপেটা মৌজাৰ মৌজাদাৰ ৱাহিদ চৌধুৰী, ভেল্লা গাওঁ পঞ্চায়তৰ সভাপতি আফিয়া বেগম, আঞ্চলিক পঞ্চায়তৰ সদস্য ইউচুফ  আহমেদ , বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰিংকু আহমেদ, সমাজকৰ্মী ৰিংকু আহমেদ, অজিত বসাক, সমাজকৰ্মী দীপক কুমাৰ দাস, ধনী আলী, ফজল মহম্মদ চৌধুৰী, আজাদ শ্বৰিফৰ 

লগতে বিভিন্ন প্ৰান্তৰ সাংবাদিক, লেখক, কবি, সমাজকৰ্মীসহ কেইবাগৰাকীও শুভাকাংখী উপস্থিত থাকে। প্ৰেছ ক্লাৱৰ কাৰ্যালয় সম্পাদক মুকুট আলীৰ পৰিচালনাত পুৱা চাফাই অভিযানৰ পিছত শ্বহীদ তৰ্পণ কৰে নিবন্ধকাৰ ওৱাজউদ্দিন আহমেদে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here