২০২১ বৰ্ষত জ্ঞানঅন্বেষী সমাজ হিতৈষী ভগৱান চন্দ্ৰ মজুমদাৰ আৰু নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত বিশিষ্ট সঙ্গীতজ্ঞ, সুৰকাৰ ৰমেন বৰুৱা আৰু বিশিষ্ট নাট্যকাৰ তথা অভিনেতা হেমন্ত দত্তলৈ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা
W7s News ষ্টাফৰিপোর্টাৰ : '২০২১ বৰ্ষত জ্ঞানঅন্বেষী সমাজ হিতৈষী ভগৱান চন্দ্ৰ মজুমদাৰ আৰু নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত বিশিষ্ট সঙ্গীতজ্ঞ, সুৰকাৰ ৰমেন বৰুৱা আৰু বিশিষ্ট নাট্যকাৰ তথা অভিনেতা হেমন্ত দত্তলৈ প্ৰদান কৰা হ'ব ২০২১ চনৰ
মঘাই-মোহন কৃষ্টি বিকাশ বঁটা। বুধবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত
মঘাই-মোহন কৃষ্টি সংঘ, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সংঘৰ সভাপতি নৱ কুমাৰ মজুমদাৰে। তেওঁ লগতে কয় ' লোকসংস্কৃতিৰ সাধক আৰু নাট্যকর্মী দুজনক প্ৰদান কৰি অহা এই বঁটাত আছে নগদ পঁচিশ হাজাৰ টকা, একোখন শৰাই আৰু প্ৰশস্তিপত্র। এই বঁটা অসম প্ৰকাশন পৰিষদৰ গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হ'ব লগীয়া অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ মেলাৰ বাকৰিত তথা মঘাই-মোহন কৃষ্টি সংঘ, অসমৰ বাৰ্ষিক অধিবেশনত প্ৰদান কৰা হ'ব। তৃতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব।' সংবাদ মেলত মঘাই-মোহন কৃষ্টি সংঘ, অসমৰ উপদেষ্টা ব্ৰজ চৌধুৰী, সমন্বয়ক
বিপুল শৰ্মা আৰু কোষাধ্যক্ষ অপৰ্ণা মজুমদাৰ উপস্থিত থাকে।
No comments:
Post a Comment