ৰাজ্যজুৰি বীৰ লাচিত বৰফুকনক সোঁৱৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 November 2021

ৰাজ্যজুৰি বীৰ লাচিত বৰফুকনক সোঁৱৰণ

 



 



W7s News ষ্টাফৰিপোর্টাৰ: ৰাজ্যজুৰি বীৰ লাচিত বৰফুকনক বুধবাৰে সোঁৱৰণ কৰা হয়। লাচিত দিৱস উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।গুৱাহাটী ফাঁচী বজাৰৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত বুধবাৰে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত লাচিত দিৱস উদযাপন কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বৰ্গদেও চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ ড° দয়ানন্দ বৰগোঁহাই, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি প্ৰশাসনৰ শীৰ্ষৰ বিষয়াসকল আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া-বৰ্গ আদি উপস্থিত থকা এই অনুষ্ঠানত মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে লাচিত দিৱসৰ লগত সংগতি ৰাখি কয় 'অসমসন হৈছে বীৰ-ভূমি। অসমখনক বাদ দি মহাভাৰত সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰি তেওঁ ভগদত্ত, নৰকাসুৰ, ঘটোৎকচ আদি অসমৰ তাহানিৰ বীৰসকলৰ বীৰত্বৰ বিষয়ে সাৰুৱা বক্তব্য প্রদান কৰে। নৱপ্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰ তথা ইতিহাসৰ জ্ঞান প্রদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি ভাষণত মন্তব্য কৰে। ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই তেওঁৰ বক্তব্যত লাচিত বৰফুকন জড়িত অসমৰ ইতিহাস স্মৰণ কৰে আৰু ভৱিষ্যত প্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে জানিবলৈ উৎসাহ প্রদান কৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা নিবেদিত অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা ৰচিত ‘বীৰ লাচিত বৰফুকন' নামৰ আলেক্ষখনিয়ে আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া ৰবীন ডেকাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে। আনহাতে, এই অনুষ্ঠানৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষই কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু কাৰ্যালয়ত থকা বীৰ লাচিত বৰফুকনৰ প্রতিচ্ছবিত বন্তি প্রজ্জ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে। ইফালে অসম জাতীয় পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে  গুৱাহাটীৰ উলুবাৰী শনিৰাম বৰা পথস্থিত লাচিতজ্যোতি সংঘৰ বাকৰিত অসম জাতীয় পৰিষদে কেন্দ্ৰীয় ভাৱে লাচিত দিৱস উৎযাপন কৰে৷ এই উপলক্ষে পুৱা  কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। আনহাতে বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰে পৰিষদৰ সম্পাদক জগদীশ ভূঞাই। দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ শুভাৰম্ভ কৰে আৰু সকলোকে বীৰ লাচিত বৰফুকনৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ কয়। তেওঁ লগতে কয়' আমি লাচিত বৰফুকনৰ ত্যাগ পাহৰিব নালাগে। সকলোৱে তেওঁৰ স্মৰণ কৰা উচিত।' এই উপলক্ষে লাচিত সংঘ কাৰাটে 

দো একাডেমীয়ে কাৰাটে প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে বীৰ লাচিত বৰফুকনক স্মৰণ কৰা হয়।

সেইদৰে লাচিত দিৱস উপলক্ষে

হিন্দু জাগৰণ মঞ্চ, অসমৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ কমিটিৰ সহযোগত চানমাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ পৰা মটৰ চাইকেল ৰেলী উলিওৱা হয়। এই অনুষ্ঠানৰ আৰম্ভণি কৰা হয় বন্তি  প্ৰজ্বলন কৰে  প্ৰাক্তন আৰক্ষী বিষয়া কল্যাণ কুমাৰ গগৈয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হয় সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।সম্বৰ্ধিত ব্যক্তিসকল হ'ল প্ৰাক্তন আৰক্ষী বিষয়া কল্যাণ কুমাৰ গগৈ, ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী

কৃষ্ণ কান্ত বৰা , অসম ক্ষেত্ৰ প্ৰচাৰক,

উল্লাস কুলকাৰ্ণী, হিন্দু জাগৰণ মঞ্চ,ৰাষ্ট্ৰীয় সহ সংযোজক প্ৰেম কুমাৰ,সংঘ প্ৰান্ত কাৰ্যনিৰ্বাহক, খগেন শ‌ইকীয়া,২৫ বছৰ ধৰি প্ৰান্ত সংগঠন মন্ত্ৰী বাবলু বৰা, হিন্দু জাগৰণ মঞ্চ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক মহীধৰ কলিতা, প্ৰান্ত কোষাধ্যক্ষ,

 সন্দীপ মহেশ্বৰী আদি উপস্থিত থাকে। ইয়াৰ পাছতে লাচিতৰ প্ৰতিমূৰ্ত্তি আগত লৈ প্ৰায় পাঁচশ মটৰ চাইকেল লৈ ১১-৪০ বজাত গুৱাহাটী ক্লাব উলুবাৰী হৈ খানাপাৰালৈ এক মটৰ চাইকেল ৰেলী উলিওৱা হয়।আজিৰ কাৰ্যসূচীত নেতৃত্ব দিয়ে সভাপতি গুণজিৎ অধিকাৰী আৰু সাধাৰণ সম্পাদক

 নয়ন জ্যোতি ডাকুৱাই।।ইফালে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস পালন কৰা হয়। এই উপলক্ষে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী সকলে গীত, মাত, নাটক আদি পৰিবেশন কৰে। আনহাতে চানমাৰী কলনীৰ মামণি ৰয়ছম গোস্বামী পথস্থিত গুৱাহাটী লাচিত সংঘত লাচিত দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰে সংঘৰ সভাপতি কল্যান কুমাৰ দত্তই, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত পুস্পাঞ্জলী অৰ্পণ কৰে প্ৰাক্তন সম্পাদক অৰূপ গোস্বামী, সম্পাদক সীমান্ত দাসে, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ দাঁতাৰ পৰিয়ালৰ হৈ  চপল বৰাই। তেওঁলোকক মৃণাল পাটোৱাৰীয়ে সম্বৰ্ধনা জনায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ লগতে অন্য6 বিষয় ববীয়া উপস্থিত থাকে। অনুষ্ঠানত স্থানীয় মহিলা সকলে 'অসম সংগীত' পৰিবেশন কৰে। এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বীৰ লাচিত বৰফুকনক সোঁৱৰণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here