অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ প্ৰথম বর্ষপূর্তি উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 23 November 2021

অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ প্ৰথম বর্ষপূর্তি উদযাপন

 






W7s News ষ্টাফৰিপোৰ্টাৰ : ২০২০ চনৰ ২০ ডিচেম্বৰত প্ৰতিস্থা লাভ কৰা অসমীয়া চৈয়দ কল্যাণ ন্যাস, গুৱাহাটীয়ে ১৯ ডিচেম্বৰত প্ৰথম বর্ষপূৰ্তি হিচাপে পালনৰ কৰিব। মঙলবাৰে ন্যাসৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ন্যাসৰ প্ৰতিষ্ঠাপক সভাপতি চৈয়দ আব্দুৰ ৰচিদ আহমেদে। তেওঁ লগতে কয় ' প্রথিতযশা সাহিত্যিক "সাহিত্যাচাৰ্য, পদ্মভূষণ চৈয়দ আব্দুল মালিক  অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল নক্ষত্র। তেওঁ অসমত বসবাস কৰা চৈয়দসকলাৰা অমূল্য ৰত্ন। আমাৰ বর্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাহিত্যাচার্য চৈয়দ আব্দুল মালিকৰ ২১ তম মৃত্যুবার্ষিকী উপলক্ষে ১৯ ডিচেম্বৰত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীশ্ৰী মাধৱদের আন্তর্জাতিক প্রেক্ষাগৃহত বিয়লি ২.৩০ বজাৰ পৰা এখনি বিশেষ সভার আয়োজন কৰা হৈছে। এই বর্ষপূর্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত এলানি প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। বিভিন্ন

প্রতিযোগিতাসমূহ হৈছে ক্ৰমে প্রয়াত দেয়া ছবি হচেইন গোৱালী দুটির অভিযোগ,

প্রয়াত চৈয়দা চুফিয়া বেগম সোঁৱৰণী “কবিতা আবৃত্তি প্রতিযোগিতা”,প্রয়াত চৈয়দ আবু জাহিৰ সোঁৱৰণী “ৰচনা প্রতিযোগিতা, প্রয়াত আফিল উদ্দিন আহমেদ সোঁৱৰণী “প্রতিভা সন্ধানী প্রতিযোগিতা” , প্রয়াত মহম্মদ হুছেইন সোঁৱৰণী "প্রবন্ধ প্রতিযোগিতা"। লগতে

২৮  নৱেম্বৰত কটন বিশ্ববিদ্যালয়ত সমাজকর্মী প্রয়াত চৈয়দা আছিয়া খাতুন সোঁৱৰণী জিকিবৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কর্মশালাখন উদ্বোধন কৰিব জিকিৰ গৱেষক ড° ভুৱনেশ্বৰ ডেকাই আৰু মুখ্য সম্পাদক, নথইষ্ট লাইড আৰু লেখক বাছবিৰ হুচেইনে। এই কর্মশালাত শিৱসাগৰ, নাজিৰা আৰু অসমৰ বিভিন্ন ঠাইৰ লোকে অংশ গ্ৰহণ কৰিব। কর্মশালাখনৰ প্রশিক্ষণ দিব প্রসিদ্ধ জিকিৰ শিল্পী মঃ আজিমুদ্দিন আহমেদে। সেইদিনাই কৰ্মশালাখনিৰ সমাপ্তিৰ পাচতেই প্রয়াত চৈয়দা হবিবা বেগম সোঁৱৰণী মুকলি কুইজ প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও ১২ ডিচেম্বৰত প্রয়াত চৈয়দ হাচনা মালিক সোঁৱৰণী ৰন্ধন প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। অন্যহাতে ১৯ ডিচেম্বৰৰ মুকলি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি অংশ গ্ৰহণ কৰিব অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। লগতে উপস্থিত থাকিব কৃষিমন্ত্রী অতুল বৰা, বিত্ত মন্ত্রী  অজস্তা নেওগ আৰু সংখ্যালঘু উন্নয়ন মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বিশিষ্ট শিক্ষাবিদ ড° গোবিন্দ শৰ্মা আৰু আবু নাৰ্চেৰ ছাঈদ আহমেদে। সভাত বাছবিৰ হুছেইন আৰু লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে নিজৰ বক্তব্য ৰাখিব। এই সভাতে মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কল্যাণ ন্যাসৰ আলোচনী' উত্তৰণ'ৰ প্ৰথম সংখ্যা উন্মোচন কৰিব।' সংবাদ মেলত ন্যাসৰ কাৰ্যকৰী সভাপতি চৈয়দ মোজামিল হুক, উপদেষ্টা 

আবু নাচেৰ চৈয়দ আহমেদ, 

 পৰিচালন সম্পাদক চৈয়দ মাৰুফ হুছেইন, আহ্বায়ক ড০ চৈয়দা মুচফিয়া বেগম 

 আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here