নেমকেয়াৰ হাস্পতালৰ হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সাফল্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 November 2021

নেমকেয়াৰ হাস্পতালৰ হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সাফল্য

 







W7s News ষ্টাফৰিপোৰ্টাৰ : নেমকেয়াৰ হাস্পতালৰ হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। নেমকেয়াৰ হাস্পতালত ৭১ বছৰীয়া এগৰাকী মহিলাৰ হৃদযন্ত্রত ভাল্ব সফলতাৰে সংস্থাপন কৰা হৈছে।  এই সন্দৰ্ভত বুধবাৰে নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত হৃদৰোগ বিশেষজ্ঞ ডাঃ মনোৱাৰ হুছেইনে কয় ' আমি ৭১ বছৰীয়া এগৰাকী মহিলা  যাৰ ওজন মাত্ৰ ২৭ কিলোগ্ৰাম তেওঁৰ ট্ৰাচনকেথেটাৰ এঅ''ৰটিক ভাল্ব ইমপ্লেনটেচন ( Transcatheter Aortic Valve Implantation) চমুকৈ টি এ ভি আই সফলতাৰে সম্পন্ন কৰা হয়।  তেওঁ লগতে কয় ' আমি চলিত বছৰৰ ২৭ ছেপ্টেম্বৰত বেলা বিশ্বাস নামত ৭১ বছৰীয়া মহিলা গৰাকীৰ হৃদযন্ত্রত ভাল্ব সংস্থাপন কৰা হয়। ইয়াৰ বাবে আমাক দুই ৰ পৰা আঢ়ৈ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। আমি ইয়াৰ বাবে হায়দৰাবাদৰ বিশেষজ্ঞ চিকিৎসক মাণিক চোপ্ৰাৰ পৰামৰ্শ গ্ৰহণ কৰিছিলোঁ। এই প্ৰযুক্তি মেদ ইন ইণ্ডিয়াৰ। এই চিকিৎসা ব্যয়বহুল। ইয়াৰ বাবে ১২ ৰ পৰা ১৫ লাখ টকা ব্যয় হয়। ৰোগীগৰাকীয়ে প্ৰথমতে খুব ভাগৰ অনুভৱ কৰাত আমাৰ কাষ চাপে আৰু পৰীক্ষাৰ অন্তত তেওঁৰ হৃদজনিত সমস্যা সমূহ দেখা দিয়ে। জন্মগতভাৱে ৫ ৰ পৰা ১০ শতাংশ লোক এই সমস্যাত ভোগে। ৬০ ৰ পৰা ৭০ বছৰ বয়সৰ লোকৰ মাজত এই সমস্যা সাধাৰণতে দেখা যায়। আমাৰ হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰাজেশ দাস,  ডাঃ অপূৰ্ব কুমাৰ শৰ্মা, ডাঃ উত্তম কুমাৰ শৰ্মা, ডাঃ দিব্য মোহন হাজৰিকাৰ বিশেষ প্ৰচেষ্টাত ৰোগীগৰাকীৰ হৃদজযন্ত্ৰত ভাল্ব সফলতাৰে সংস্থাপন কৰা হয়। বৰ্তমান ৰোগীগৰাকীয়ে স্বাভাৱিক জীৱন জীয়াই আছে।অসমত চিকিৎসা ক্ষেত্ৰত  এনেদৰে ৰোগীক টি এ ভি আই সংস্থাপন এইটো দ্বিতীয় সাফল্য।'

সংবাদ মেলত

গুৱাহাটীৰ উলুবাৰী নিবাসী মহিলা বেলা বিশ্বাস নামৰ ৰোগীগৰাকীয়ে নেমকেয়াৰ হাস্পতালৰ উন্নত মানৰ সেৱাৰ বাবে হাস্পতাল কৰ্তৃপক্ষ আৰু হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক সকলক ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here