আজি জুবিন গাৰ্গৰ ওপজা দিন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 November 2021

আজি জুবিন গাৰ্গৰ ওপজা দিন

 


৫০ বছৰত ভৰি দিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে


 W7s News ষ্টাফৰিপোৰ্টাৰ :  জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। আজি ৫০ বছৰত ভৰি দিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। বুধবাৰে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা চিকিৎসালয়ত জুবিন গাৰ্গে কেক কাটি আগতীয়াকৈ ওপজা দিন পালন কৰে।জন্মদিন উপলক্ষে জুবিন গাৰ্গে  ৰোগী সকলৰ মাজত 

ফলমূল বিতৰণ কৰে। লগতে প্ৰমোদ তালুকদাৰ মেমোৰিয়েল বৃদ্ধাবাসৰ আইতা সকলৰ মাজত উপহাৰ বিতৰণ কৰে।  জুবিন গাৰ্গৰ সহযোগত আয়ুৰসুন্দ্ৰা চুপাৰস্পিচিয়েলিটি হাস্পাতালৰ প্ৰচেষ্টাত বৃদ্ধাবাসৰ আইতা সকলক বুধবাৰে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে নিজৰ ওপজা দিন আৰু নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত সংবাদ মাধ্যমক কয় 'অসমবাসীৰ বাবে

নতুন বছৰত তিনিখনকৈ নতুন ছবি মুকলি হ'ব । 'যোদ্ধা', 'ৰাজনীতি' আৰু 'ড° বেজবৰুৱা'। লগতে বলিউদৰ তিনিটা গান নিৰ্মাণত  ব্যস্ত হৈ আছোঁ।আনহাতে সাংবাদিকে সীমান্ত শেষৰে চলচিত্ৰ নাচাও বুলি সোধা প্ৰশ্নৰ উত্তৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয় ' চলচিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লৈছে সীমান্ত শেখৰে। সীমান্ত শেখৰ সৰু লৰা। পঢ়া শুনা আছে। দায়িত্বভাৰ সুকলমে পালন কৰিব। কিন্তু ৰাইজে চলচ্চিত্ৰৰ বিষয়ে জনা এজনক অধ্যক্ষ হিচাপে বিচাৰিছিল। সীমান্ত শেখৰে কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি। কিন্তু সেয়া ভুল কথা কৈছে। চিনেমা চাব লাগে। উল্লেখ্য, মহানগৰীৰ জ্যোতি চিত্ৰবনত বৃহস্পতিবাৰে জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে মুকলি কৰা হ'ব জুবিন গাৰ্গৰ এটা নতুন মিউজিক কোম্পনী। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ ইউটিউব চেনেল নাছিল।এই অনুষ্ঠানটো আঁতধৰে হাস্পতালৰ হৈ মুখ্য প্ৰশাসনিক বিষয়া


মনোজ ডেকাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here