নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই নিৰ্মাণকার্য সম্পূৰ্ণ কৰি বিৰল অভিলেখ গঢ়াৰ স্বীকৃতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 6 November 2021

নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই নিৰ্মাণকার্য সম্পূৰ্ণ কৰি বিৰল অভিলেখ গঢ়াৰ স্বীকৃতি

 

দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ উদ্ধোধনী অনুষ্ঠানত ঠিকাদাৰসহ অভিযন্তাক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা ; দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ ধন্যবাদ জ্ঞাপন

W7S News: ষ্টাফৰিপৰ্টাৰ :


অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ততম অঞ্চল হিচাপে পৰিগণিত হৈ অহা ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ পৰা মুক্ত কৰি ৰখাৰ বাবে অসম চৰকাৰে স্ব - অগ্ৰাধিকাৰ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰিছে দুখনকৈ উৰণীয়া সেঁতু । ইয়াৰে প্ৰথমখন উৰণীয়া সেঁতু আৰ জি বৰুৱা পথত গণেশগুৰিৰ উৰণীয়া সেঁতুখন সংযোগ কৰাৰ বিপৰীতে ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে উদ্ধোধন কৰা তিনি বাহুযুক্ত দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুখনে একে সময়তে গণেশগুৰি - খানাপাৰা  সংযোগী জি এছ ৰোড ( শংকৰদেৱ পথ ) আৰু   লাষ্টগেটলৈ সংযোগ কৰিছে  । ইফালে  ২০১৯ চনৰ ডিচেম্বৰ মাহত নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা দিছপুৰ  ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰাৰ বাবে তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ দায়িত্বত দিয়া হৈছিল অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত  প্ৰথম শ্ৰেণীৰ ( ক্লাছ ১ , এ ) এজন সফল অসমীয়া ঠিকাদাৰ হিচাপে পৰিচিত  , দক্ষিণ কামৰূপৰ মিৰ্জা অঞ্চলৰ বাসিন্দা অনিল দাসক । কিন্তু লোক নিৰ্মাণ বিভাগৰ ইতিহাসত এক বিৰল   অভিলেখ সৃষ্টি কৰি অনিল দাসে লোক নিৰ্মাণ  বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ  পৰা আৰম্ভ কৰি ক্ষেত্ৰ সহায়কলৈকে সকলোৰে সহযোগিতাত এটা টীমৰ দৰে দিনে নিশাই কাম কৰি নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই যোৱা ৩০ অক্টোবৰৰ ভিতৰত নির্মাণকাৰ্য সম্পূৰ্ণ কৰে । আনহাতে  উদ্ধোধনৰ প্ৰায় এক সপ্তাহ পূৰ্বে নিশা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উৰণীয়া সেঁতুখন আকস্মিকভাবে  খোজকাঢ়ি পৰিদৰ্শন কৰিছিল । পৰিদৰ্শনকালত   লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেঁতুৰ ওপৰতে ইয়াৰ বাবে ঠিকাদাৰ অনিল দাস , নিৰ্মাণকাৰ্যৰ তদাৰক কৰা দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাকে ধৰি সংমণ্ডলটোৰ সকলো অভিযন্তাক টীমৱৰ্কৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়তকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বাবে প্ৰশংসা কৰি  ধন্যবাদ জ্ঞাপন কৰিছিল । ইয়াৰ উপৰিও ৪ নৱেম্বৰত উৰণীয়া সেঁতুখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাবে মঞ্চত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাস , নিৰ্মাণ কাৰ্যৰ তদাৰক কৰা দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা , সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয়  বিশ্বজিৎ কলিতা  আৰু প্ৰাণজিত তালুকদাৰ , সহকাৰী অভিযন্তাদ্বয় আবু চৈয়দ আৰু ৰূপক ডেকাক গামোছা পিন্ধাই মানপত্ৰ প্ৰদান কৰি ৰাজহুৱাভাবে সম্বৰ্ধনা জনায় । যাৰ বাবে দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলত কৰ্মৰত  প্ৰায় ৭০ জন  বিভিন্ন বৰ্গৰ কৰ্মচাৰী - অভিযন্তাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে । উল্লেখ্য, ক'ভিড -১৯ৰ দুটাকৈ ভয়াবহতাক নেওচিও ক'ভিড বিধি মানি, সান্ধ্য আইন , লকডাউন আদিৰ সুযোগ লৈ বিগত চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অভিযন্তা সকলে মাজনিশা আহিও উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কার্য পৰিদৰ্শন কৰিছিল । আনকি উদ্ধোধনৰ দুদিন পূৰ্বে লোকনিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে মুখ্য অভিযন্তা সঞ্জীৱ শ্যামক লগত লৈ উৰণীয়া সেঁতুখন তন্নতন্নকৈ পৰিদৰ্শন কৰিছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here