এই উৎসৱৰ বতৰত, মেজিক কুকে আনিছে স্বাস্থ্যকৰ খাদ্যসম্ভাৰ! মুকলি কৰিলে পোহা আৰু ডালিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 6 November 2021

এই উৎসৱৰ বতৰত, মেজিক কুকে আনিছে স্বাস্থ্যকৰ খাদ্যসম্ভাৰ! মুকলি কৰিলে পোহা আৰু ডালিয়া

 





W7s News ষ্টাফৰিপোৰ্টাৰ :উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক আগশাৰীৰ খাদ্য প্ৰক্ৰিয়াকৰণ ব্ৰেণ্ড, মেজিক কুকে উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে ইয়াৰ গ্ৰাহকসকলক স্বাস্থ্যকৰ খাদ্যাভ্যাস সোঁৱৰাই দিয়াৰ উদ্দেশ্যৰে আজি মুকলি কৰে পোহা আৰু ডালিয়া।বউৎসৱৰ সময়বোৰ প্ৰতিজন ভাৰতীয়ৰ বাবে অতি প্ৰিয়, আৰু প্ৰতিটো উৎসৱৰ নিজা সুস্বাদু খাদ্য থাকে, যিবোৰ কেতিয়াবা তৈলাক্ত, মচলাযুক্ত আৰু অত্যাধিক চেনীযুক্ত হয়। ভাৰসাম্য হৈছে জীৱনৰ মূল চাবিকাঠি আৰু এই কথা মনত ৰাখিয়েই উৎসৱৰ বতৰত স্বাস্থ্যৰ সেই ভাৰসাম্য বজাই ৰখাৰ বাবে, মেজিক কুকে মুকলি কৰিছে পোহা আৰু ডালিয়া। মেজিক কুকৰ সামগ্ৰীৰ আন পৰিসৰৰ ভিতৰত আছে আট্টা, ময়দা, চুজি, আৰু বেছন। ২০২০ চনত, মেজিক কুকে আয়ৰণ, ফলিক এচিড আৰু ভিটামিন বি-১২ৰে সুৰক্ষিত বিভিন্ন নতুন সামগ্ৰী মুকলি কৰিছিল। সুৰক্ষিত সামগ্ৰীৰ পৰিসৰৰ ভিতৰত আছিল ফৰ্টিফাইড চকী আট্টা, ফৰ্টিফাইড চুপাৰ আটা, আৰু ফৰ্টিফাইড ময়দা।সম্পূৰ্ণ নতুন সামগ্ৰী পোহা আৰু দালিয়াৰ মুকলি কৰাৰ সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মহাবীৰ ফুডছ লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী সঞ্জীৱ বাজোৰিয়াই কয়, "সকলোকে সুৰক্ষিত আৰু স্বাস্থ্যকৰ দেৱালীৰ শুভেচ্ছা জনাই মেজিক কুক ডালিয়া আৰু মেজিক কুক পোহাৰ শুভাৰম্ভৰ কথা ঘোষণা কৰি মই অত্যন্ত আনন্দিত হৈছো। মই আমাৰ সকলো পৃষ্ঠপোষকক মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো, আৰু মই আশা কৰো যে আপুনিও এই নতুন সামগ্ৰীবোৰ আদৰি ল’ব।"পৰম্পৰাগত বন্তি প্ৰজ্বলনেৰে মেজিক কুক ডালিয়া আৰু মেজিক কুক পোহা নামৰ দুটা সম্পূৰ্ণ নতুন সামগ্ৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰী মহাবীৰ ফুডছ লিমিটেডৰ সঞ্চালক শ্ৰীমতী জ্যোতি বাজোৰিয়াই। উল্লেখ্য, এই মুকলি অনুষ্ঠান অনুষ্ঠিত হয় মেজিক কুকৰ মেঘালয় বৰ্ণিহাটস্থিত কাৰখানা তথা পেকেজিং ইউনিটত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here