৫২ সংখ্যক "ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া"ৰ "ইণ্ডিয়ান পেন’ৰমা"ৰ বাবে নিৰ্বাচিত অসমৰ তিনিখনকৈ ছবি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 5 November 2021

৫২ সংখ্যক "ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া"ৰ "ইণ্ডিয়ান পেন’ৰমা"ৰ বাবে নিৰ্বাচিত অসমৰ তিনিখনকৈ ছবি

 



অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি "ছেমখৰ"ৰ প্ৰদৰ্শনেৰে আৰম্ভ হ’ব ৫২ সংখ্যক "ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া"ৰ "ইণ্ডিয়ান পেন’ৰমা"


W7s News  নিউজ ডেস্ক: গোৱাত  মাহৰ ২০ নৱেম্বৰৰ পৰা ২৮ লৈ  চলিব লগীয়া ৫২ সংখ্যক "ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া"ৰ "ইণ্ডিয়ান পেন’ৰমা"ৰ বাবে নিৰ্বাচিত চলচিত্ৰসমূহৰ তালিকাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি "ছেমখৰ"ৱেও স্থান লাভ কৰিছে | অসমৰ পৰা ছেমখৰৰ উপৰিও বড়ো আৰু মিচিং ভাষাৰ আন দুখন ছবি ক্ৰমে "চিজৌ" আৰু "বোম্বা ৰাইদ" "ইণ্ডিয়ান পেন’ৰমা"ৰ বাবে নিৰ্বাচিত হৈছে | উল্লেখ্য,২০ নৱেম্বৰত গোৱাত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ চলচিত্ৰ সমাৰোহ সঞ্চালকালয় আৰু গোৱা চৰকাৰৰ উদ্যোগত আৰম্ভ হ’ব লগা "ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া"ৰ "ইণ্ডিয়ান পেন’ৰমা" ত প্ৰদৰ্শন হ’ব লগা চলচিত্ৰসমূহৰ উদ্ধোধনী ছবি হৈছে  অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি "ছেমখৰ" |

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here