সংশোধিত মোবাইল টাৰীফ ঘোষণা এয়াৰটেলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 22 November 2021

সংশোধিত মোবাইল টাৰীফ ঘোষণা এয়াৰটেলৰ

 



W7s News ষ্টাফৰিপোৰ্টাৰ:: আৰ্থিকভাৱে এক সুস্থ ব্যৱসায়িক আৰ্হিৰে ভাৰতী এয়াৰটেলে ("এয়াৰটেল") সদায়ে এই কথাৰ প্ৰতি লক্ষ্য ৰাখিছে যে মোবাইলৰ প্ৰতিজন  ব্যৱহাৰকাৰীৰ গড় ৰাজহ(এআৰপিইউ) ২০০টকাৰ পৰা ৩০০ টকাৰ মাজত হ'ব লাগে।যাতে মূলধনৰ ওপৰত এক যুক্তিসঙ্গত ৰিটাৰ্ণ প্ৰদান কৰিব পৰা যায়। এয়াৰটেলে বিশ্বাস কৰে যে এআৰপিইউৰ এই স্তৰে নেটৱৰ্ক আৰু স্পেকট্ৰামত প্ৰয়োজনীয় যথেষ্ট বিনিয়োগ সক্ষম কৰি তুলিব। তাতকৈও গুৰুত্বপূৰ্ণ, এই যে এয়াৰটেলক ভাৰতত ৫জি আৰম্ভ কৰিবলৈ এলব ৰোম প্ৰদান কৰিব। সেয়েহে, প্ৰথম পদক্ষেপৰূপে এয়াৰটেলে নৱেম্বৰ মাহতে টাৰীফত কিছু সাল-সলনি সিদ্ধান্ত লৈছে। সেই অনুসৰি তলত দেখুওৱাৰ দৰে এয়াৰটেলৰ নতুন টাৰীফ ২৬ নৱেম্বৰ, ২০২১-ৰ পৰা কাৰ্যকৰী হ'ব। বৰ্তমানৰ ৭৯টকাৰ টাৰীফ প্লেনৰ মূল্য ৯৯টকা কৰা হৈছে। ৯৯টকাৰ টাৰীফ প্লেনত ৫০% অধিক টকটাইম লাভৰ উপৰি থাকিব ২০০এমবি ডাটা, ১পইচা/চেকেণ্ড ভইচ টাৰীফ।

এয়াৰটেলে ২৮ দিনৰ বৈধতাৰ সৈতে সীমাহীন ভইচ বাণ্ডেলৰ বাবে নতুন প্ৰিপেইড টাৰিফ প্লেনৰ ঘোষণা কৰিছে। নতুন প্ৰিপেইড টাৰীফৰ ১৭৯টকাত আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০ এছএমএছ আৰু ২ জিবি ডাটা লাভৰ সুবিধা থাকিম। ২৬৫টকাৰ প্লেনত আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০ এছএমএছৰ সৈতে দৈনিক ১জিবি ডাটা থাকিব। ২৯৯টকাত আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০ এছএমএছ আৰু দৈনিক ১.৫ জিবি ডাটা আৰু ৩৫৯টকাত আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০ এছএমএছ আৰু দৈনিক ২জিবি ডাটা থাকিব। বৰ্তমানৰ ১৪৯ টকা, ২১৯টকা, ২৪৯টকা আৰু ২৯৮টকাৰ প্লেনৰ নতুন টাৰীফ নিৰ্ধাৰণ কৰা হৈছে। ৪৭৯টকাৰ নতুন টাৰীফ প্লেনত ৫৬ দিনৰ বৈধতাৰ সৈতে আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছ আৰু দৈনিক ১.৫ জিবি ডাটা লাভৰ সুবিধা থাকিব। একেদৰে ৫৪৯টকাৰ টাৰীফ প্লেনত আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০ এছএমএছ আৰু দৈনিক ২ জিবি ডাটা লাভৰ সুবিধা থাকিব। এই দুয়োটা টাৰীফ প্লেনৰ বৰ্তমান মূল্য ৩৯৯টকা আৰু ৪৪৯টকা।আনলিমিটেড ভইচ বাণ্ডেলৰ অধীনত অন্যান্য নতুন টাৰিফ প্লেন হৈছে ৮৪দিনৰ বৈধতাৰ ৪৫৫টকাৰ প্লেন। এই প্লেনৰ অধীনত আনলিমিটেড কলিং, দৈনিক ১০০ এছএমএছ আৰু ৬জিবি ডাটা লাভৰ সুবিধা থাকিব। ৭১৯টকাৰ নতুন টাৰীফ প্লেনত ৮৪দিনৰ বৈধতাৰ সৈতে আনলিমিটেড কলিং, দৈনিক ১০০ এছএমএছ আৰু দৈনিক ১.৫ জিবি ডাটা লাভৰ সুবিধা থাকিব। ৮৩৯টকাৰ নতুন প্লেনত আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০এছএমএছ আৰু দৈনিক ২ জিবি ডাটা লাভৰ সুবিধা থাকিব।ইয়াৰ বৈধতা থাকিব ৮৪দিন। আনহাতে, ১৭৯৯টকাৰ নতুন প্লেনত ৩৬৫দিনৰ বৈধতাৰে আনলিমিটেড কলিংৰ সৈতে দৈনিক ১০০ এছএমএছ আৰু ২৪জিবি ডাটা লাভৰ সুবিধা থাকিব আৰু ২৯৯৯টকাৰ নতুন প্লেনত ৩৬৫দিনৰ বৈধতাৰে আনলিমিটেড কলিংৰ সুবিধাৰ সৈতে থাকিব দৈনিক ১০০এছএমএছ আৰু দৈনিক ২জিবি ডাটা। নতুন টাৰীফ প্লেনৰ বাবে সীমাহীন ডাটা টপ-আপ হৈছে ৫৮ টকা, ৯৮ টকা আৰু ২৫১ টকা, যিয়ে ক্ৰমান্বয়ে ৩ জিবি ডাটা, ১২ জিবি ডাটা আৰু ৫০জিবি ডাটা আগবঢ়ায়। সকলো প্ৰিপেইড পেকৰ বাবে নতুন টাৰীফ ২৬ নৱেম্বৰ, ২০২১ তাৰিখে আৰম্ভ হোৱা www.airtel.in ত উপলব্ধ হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here