মাৰোৱাৰী চিকিৎসালয়ৰ সহযোগত মুঠ ৩৩ ইউনিট তেজ সংগ্রহ
W7s News ষ্টাফৰিপোৰ্টাৰ:
গুৱাহাটী, ২২ নৱেম্বৰঃ চার্কিট চিটি এলজি বেষ্ট শপ অফ চানমাৰীৰ উদ্যোগত আৰু মাৰোৱাৰী চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত সোমযাৰে এক স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ৰক্তদান শিবিৰটো প্ৰবীণ সমাজকর্মী কান্তা দেৱী চোনি, এলজি শাখা প্ৰৱন্ধক সন্দীপ পাত্রো, ব্লাড বেংকৰ অধ্যক্ষ ডিপি বাজাজে সামূহিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানটোত চাৰ্কিট চিটিৰ স্বত্বাধিকাৰী নৰেন্দ্ৰ চোনি, ৰাজেশ চোনি আৰু অভিষেক চোনিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰক্তদান শিবিৰটো পুৱা ১০:৩০ বজাত আৰম্ভ হয় আৰু দুপৰীয়া ২ বজাত সামৰণি পৰে। মাৰৱাৰী চিকিৎসালয়ৰ ব্লাড বেংকৰ ডাঃ টি.বি. দত্তৰ নেতৃত্বত চিকিৎসক আৰু নাৰ্চিং কৰ্মচাৰীৰ দলৰ সহায়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। শিবিৰত মুঠ ৩৩ জন লোকে অতি উৎসাহেৰে স্বেচ্ছাই ৰক্তদান কৰে। এই সন্দৰ্ভত চোনীয়ে কয় যে চার্কিট চিটি চান্দমাৰীৰ উদ্যোগত সামাজিক দায়বদ্ধতা হিচাপে এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । আনকি এনে ধৰণৰ সামাজিক সেৱা অব্যাহত ৰাখিব বুলিয়ো তেওঁ উল্লেখ কৰে। এলজি শাখাপ্ৰৱন্ধক সন্দীপ পাত্রই চার্কিট চিটি এলজি বেষ্ট শ্বপে আয়োজন কৰা ৰক্তদান শিবিৰৰ প্ৰশংসা কৰি তেওঁ নিজেই ৰক্তদান কৰে। তেওঁ কয় 'ব্যৱসায়ৰ লগতে নৰেন্দ্ৰ চোনীয়ে সমাজৰ স্বাৰ্থৰ দিশত এক প্রশংসনীয় কাম কৰি আহিছে, যিটো আন ব্যৱসায়ীসকলৰ বাবে এক উদাহৰণ আৰু অনুপ্ৰেৰণা। এই উপলক্ষে ব্লাড বেংকৰ অধ্যক্ষ বাজাজে কয় ' সামাজিক সংগঠনসমূহৰ উপৰিও ৰক্তদানৰ ক্ষেত্ৰত ব্যৱসায়িক প্রতিষ্ঠানসমূহো আগবাঢ়ি আহিব লাগে যাতে দৰিদ্ৰ ৰোগীসকলৰ বাবে তেজৰ অভাৱ পূৰণ কৰিব পৰা যায়। তেওঁ মাৰোৱাৰী চিকিৎসালয়ৰ দলটোৰ এই সহযোগিতাক অভিনন্দন জ্ঞাপন কৰে।'
No comments:
Post a Comment