আজমল ফাউণ্ডেচনৰ উদ্যোগত ১৭ জন দুখীয়া লোকক ই-ৰিক্সা বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 November 2021

আজমল ফাউণ্ডেচনৰ উদ্যোগত ১৭ জন দুখীয়া লোকক ই-ৰিক্সা বিতৰণ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : আজমল ফাউণ্ডেচনৰ জৰিয়তে মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ জন দুখীয়া লোকক ই-ৰিক্সা বিতৰণ কৰা হয়৷ আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী সিৰাজুদ্দিন আজমলে মঙলবাৰে হোজাইত অনুষ্ঠিত হোৱা এখন সভাত বিতৰণ কৰে ই-ৰিক্সা সমুহ৷ ই-ৰিক্সাৰ জৰিয়তে দৰিদ্ৰ লোকসকলে উপাৰ্জন কৰি যাতে নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে  তাৰ বাবেই মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশক্ৰমে আজমল ফাউণ্ডেচনে  ধুবুৰীৰ সুমন আখতাৰ আৰু আশিষ কুমাৰ ৰয়, বৰপেটাৰ তৰুণ চন্দন স্বৰ্গীয়াৰী আৰু হিমনজ্যোতি দাস, মোৰাঝাৰ সাবাজপুৰৰ ৰাখাল চন্দ্ৰ মজুমদাৰ আৰু আব্দুল জব্বাৰ, যমুনামুখ জংগলব্লকৰ লিয়াকত আলী, ডবকা টাউনৰ ৰাণু দাস, যমুনামুখ বালিৰাম গাঁৱৰ সঞ্জীৱ দাস, কাছাৰ নয়াবাৰীৰ সঞ্জীৱ দাস, হোজাই বিষ্ণুপল্লীৰ অৰিজিত পাল, কৰিমগঞ্জৰ বিষ্ণু বিশ্বাস আৰু তেজপুৰ নেপালীপট্টি বাৰিকাৰ নেকিবুৰ জামানক একোখনকৈ বিনামুলীয়া ই-ৰিক্সা বিতৰণ কৰা হয়৷ প্ৰায় ২০ লাখ টকা ব্যয়সাপেক্ষে মুঠ ১৭ খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেশনে৷ আজি ই-ৰিক্সা বিতৰণ অনুষ্ঠানত সিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইচ আজাদ উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here