সুচল জীৱিকাৰ সুযোগ লাভৰ উদ্দেশ্যে মহিলাসকলৰ মাজত গাড়ীচালনাক উদ্গনি যোগাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 November 2021

সুচল জীৱিকাৰ সুযোগ লাভৰ উদ্দেশ্যে মহিলাসকলৰ মাজত গাড়ীচালনাক উদ্গনি যোগাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান

 


W7s news ষ্টাফৰিপোৰ্টাৰ:


UKৰ দাতব্য অনুষ্ঠান শ্বেল ফাউণ্ডেশ্যন আৰু UK চৰকাৰে মুভিং ওমেন ছ’চিয়েল ইনিচিয়েটিভ ফাউণ্ডেশ্যন (MOWO)ৰ সহযোগত আৰম্ভ কৰিছে ‘মুভিং বাউণ্ডেৰীজ’ নামৰ এক প্ৰচাৰ অভিযান, যাৰ উদ্দেশ্য হ’ল মহিলাসকলক ড্ৰাইভিং দক্ষতা আহৰণৰ বাবে উদ্গনি যোগাই এই ক্ষেত্ৰত সাম্প্ৰতিক সমাজত থকা বাধাসমূহ আঁতৰোৱা, যাতে পৰিবহণ ব্যৱসায়ত টেক্সি আৰু ই-ৰিক্সা চালক হিচাপে অথবা ই-কমাৰ্চ কোম্পানীসমূহৰ ডেলিভাৰী এজেণ্ট হিচাপে মহিলাসকলৰ কৰ্মসংস্থান লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব পৰা যায়।এই অভিযানৰ অধীনত MOWOৰ প্ৰতিষ্ঠাতা জয় ভাৰতীয়ে 11 অক্টোবৰৰ পৰা আৰম্ভ কৰি 40তকৈও অধিক দিনৰ বাবে তেওঁৰ মটৰবাইকেৰে ভাৰতৰ 20খনতকৈও অধিক চহৰ-নগৰ ভ্ৰমণ কৰিছে। তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হ’ল মহিলাসকলক গাড়ীচালনাৰ শিক্ষা গ্ৰহণ সম্পৰ্কে সচেতন কৰি তুলি তেওঁলোকক ইয়াৰ বাবে আগ্ৰহী কৰি তোলা, যাতে তেওঁলোকৰ কৰ্মসংস্থান লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব পৰা যায়। আজি শ্ৰীযুতা ভাৰতীয়ে তেওঁৰ ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটীত উপস্থিত হয়হি। হায়দৰাবাদৰ পৰা এই ভ্ৰমণ আৰম্ভ কৰি তেওঁ ইতিমধ্যে সামৰিছে বাংগালুৰু, চেন্নাই, কোচি, গোৱা, পুনে, মুম্বাই, চুৰাট, আহমেদাবাদ, উদয়পুৰ, জয়পুৰ, নতুন দিল্লী, লক্ষ্ণৌ, বাৰাণসী আৰু পাটনা। অচিৰেই তেওঁ উপস্থিত হ’বগৈ কলকাতা, ৰাঁচী, ভুৱনেশ্বৰ আৰু আন কেইবাখনো নগৰ-চহৰত।

এই প্ৰচাৰ অভিযানৰ প্ৰধান উদ্দেশ্য হ’ল মহিলাসকলে গাড়ীচালনাৰ দক্ষতা আহৰণ কৰা আৰু নিৰাপদে ভ্ৰমণ কৰাৰ গুৰুত্ব সম্পৰ্কে সচেতনতা সৃষ্টি তথা বৃদ্ধি কৰা, যাতে জীৱনৰ সকলো স্তৰত তেওঁলোকৰ নিয়োগ সম্ভাৱনীয়তা বিস্তাৰ কৰিব পৰা যায়। এইক্ষেত্ৰত মহিলাসকলে কেৱল গাড়ী চলাবলৈ শিকাতে ক্ষান্ত নাথাকি ইলেক্ট্ৰিক বাহন ক্ৰয় কৰি তাৰ সহায়ত আয় অৰ্জন কৰাতো সমানেই গুৰুত্ব দিয়া হৈছে, যাতে যান-বাহনৰ পৰা কাৰ্বন নিৰ্গমনো হ্ৰাস হয়।

মহিলা চালকসকললৈ প্ৰশিক্ষণ, কৰ্মসংস্থানৰ সুবিধা তথা ইলেক্ট্ৰিক বাহনৰ মালিকীস্বত্ত্ব প্ৰদানত জড়িত ‘ইভেন কাৰ্গো’ নামৰ এটা সামাজিক প্ৰতিষ্ঠানেও এই অভিযানলৈ সহায়-সমৰ্থন আগ বঢ়াইছে।

এই অভিযানৰ অংশ হিচাপে দুচকীয়া বা তিনিচকীয়া বাহন চালনাৰ শিক্ষা লাভৰ বাবে ইচ্ছুক নাইবা টেক্সি, অট’ বা ডেলিভাৰী ৰাইডাৰৰ চাকৰিত আবেদন কৰিবলৈ বিচৰা মহিলাসকললৈ আগ বঢ়োৱা হৈছে এটা হোৱাটছএপ ভিত্তিক চাটবট। যিকোনো ইচ্ছুক ব্যক্তিয়ে +91 8885916606 হোৱাটছএপ নম্বৰটোত "Hi" মেছেজ দি তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। প্ৰত্যুত্তৰত চাটবটে তেওঁলোকক যোগাযোগ কৰাই দিব মহিলাসকললৈ প্ৰশিক্ষণ তথা কৰ্মসংস্থানৰ সুযোগ আগ বঢ়োৱা ইভেন কাৰ্গো বা আন যিকোনো নিকটতম অংশীদাৰ প্ৰতিষ্ঠানৰ সৈতে। এই চাট ছাপ’ৰ্ট বিভিন্ন ভাষাত উপলব্ধ।‘মুভিং বাউণ্ডেৰীজ’

সম্পৰ্কেMOWOৰ প্ৰতিষ্ঠাপক শ্ৰীযুতা জয় ভাৰতীয়ে কয়, ‘‘সমগ্ৰ বিশ্বৰে মহিলাসকলে তেওঁলোকৰ চলনশীলতাৰ বিৰুদ্ধে বাধাৰ সন্মুখীন হৈ আহিছে। উচ্চ শিক্ষা গ্ৰহণ অথবা চাকৰিত যোগদানৰ বাবে দীঘলীয়া দূৰত্ব যাত্ৰা কৰিবলৈ মহিলাসকল অক্ষম, কিয়নো এনে যাত্ৰাসমূহ সাধাৰণতে হয় অত্যন্ত জটিল তথা বিপজ্জনক আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মসংস্থানৰ সম্ভাৱনা ভালেখিনি সীমাবদ্ধ হৈ পৰে। সেয়ে সমগ্ৰ দেশজুৰি মোৰ মটৰবাইকেৰে মই এই 40দিনীয়া যাত্ৰা কৰিবলৈ পাই অত্যন্ত উৎসাহী বোধ কৰিছোঁ, কিয়নো মই সমাজৰ সকলো স্তৰৰ মহিলাসকলক লগ ধৰি তেওঁলোকৰ মাজত কৰ্মশালা পাতিব পাৰিছোঁ, যাৰ জৰিয়তে গাড়ীচালনাক তেওঁলোকৰ বাবে এক আগ্ৰহযুক্ত তথা বহনক্ষম কৰ্মসংস্থান বিকল্প হিচাপে তুলি ধৰিব পৰা গৈছে। এই অভিযানৰ জৰিয়তে এনে এক নিৰাপদ পৰিৱেশ গঢ়াৰ প্ৰয়াস কৰা হৈছে, য’ত মহিলাসকলে পায় এক নিৰ্ভৰযোগ্য পৰিবহণ ব্যৱস্থা। এই পৰিবহণ খণ্ডটো হ’ল ঘাইকৈ পুৰুষকেন্দ্ৰিক আৰু এনে এক অৱস্থাৰ মাজতো মহিলাসকলে নিজে নিজৰ গাড়ী চলাই আয় অৰ্জন কৰাটোৱে তেওঁলোকক দিব কৰ্মসংস্থান লাভৰ এক বিশাল পৰিসৰ।’’এই অংশীদাৰিত্ব সম্পৰ্কে শ্বেল ফাউণ্ডেশ্যনৰ শ্ৰীযুতা শিপ্ৰা নায়াৰে কয়, ‘‘আমি ‘মুভিং বাউণ্ডেৰীজ’ আৰম্ভ কৰিছিলোঁ মহিলাসকললৈ এক নিৰাপদ, ব্যয়সাধ্য তথা পৰিষ্কাৰ পৰিবহণ ব্যৱস্থা আগ বঢ়োৱাৰ উদ্দেশ্যে, যাতে স্বাস্থ্য সেৱা, শিক্ষা আৰু কৰ্মসংস্থানৰ দৰে বুনিয়াদী সা-সুবিধাসমূহ তেওঁলোকৰ বাবে সুলভ হৈ উঠে। এই ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল এনে এক পৰিৱেশ সৃষ্টিতো, য’ত অধিকসংখ্যক মহিলাই গাড়ীচালনাৰ শিক্ষা লৈ কৰ্মী বাহিনীত যোগদান কৰি পৰিবহণৰে যুক্ত বিভিন্ন খণ্ডসমূহ, যেনে ই-ৰিক্সা আৰু ডেলিভাৰী এজেণ্ট আদি বৃত্তিৰে জড়িত হোৱাৰ লগতে নিজ নিজ বাহনৰ স্বত্ত্বাধিকাৰী-উদ্যোগী হ’ব পাৰে। মহিলাসকলৰ চলনশীলতা বৃদ্ধিত সহায় কৰি তেওঁলোকৰ বাবে সমান সুযোগ-সুবিধা সৃষ্টি কৰাটো আমাৰ অভিলাষী লক্ষ্য। আমি আশা কৰোঁ যে অহা 5 বছৰত নিম্ন আয় অৰ্জনকাৰী পৰিয়ালসমূহৰ মহিলাসকলক প্ৰশিক্ষণ আৰু কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰি অহা এনে আৰু অধিক প্ৰতিষ্ঠানৰ সক্ষমতা বৃদ্ধিৰ হকে সহায়-সহযোগ আগ বঢ়াই আমি লাভ কৰিম সমগ্ৰ ভাৰতৰ 100তকৈও অধিক চহৰ-নগৰ আৰু গাঁৱত এক বৃহৎসংখ্যক মহিলা চালকক, যিসকলে নিজা মালিকানাধীন ইলেক্ট্ৰিক বাহন চলাই আন মহিলাসকলৰ বাবে নিৰাপদ পৰিবহণ আৰু যোগাযোগৰ সুবিধা বৃদ্ধি কৰিব পাৰিব।’’


মহিলাসকলৰ বাবে কৰ্মসংস্থান আৰু উদ্যমিতাৰ সুযোগ সৃষ্টি কৰাটো শ্বেল ফাউণ্ডেশ্যনৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য। UK চৰকাৰৰ সৈতে শ্বেল ফাউণ্ডেশ্যনে 2017 চনত আৰম্ভ কৰে POWERED (প্ৰম’শ্যন অব ওমেন ইন এনাৰ্জী ৰিলেটেড এণ্টাৰপ্ৰাইজেছ ফৰ ডেভেলপমেণ্ট) শীৰ্ষক এক মহিলাকেন্দ্ৰিক কাৰ্যসূচী, যাৰ উদ্দেশ্য আছিল ভাৰতত পৰিষ্কাৰ শক্তি আৰু ম’বিলিটী ভেল্যু চেইনত মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণ সুনিশ্চিত কৰা। পৰিবহণ আৰু লজিষ্টিক্স খণ্ডৰ বিভিন্ন কাম-কাজত মহিলাসকলৰ অন্তৰ্ভুক্তিত উদ্গনি যোগাই জীৱিকা অৰ্জনৰ বাবে তেওঁলোকক নিজাকৈ ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে সক্ষম কৰি তোলাৰ হকে কাম কৰি অহা প্ৰতিষ্ঠানসমূহলৈ POWERED কাৰ্যসূচীৰ জৰিয়তে সহায়-সহযোগ অগ বঢ়াই অহা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here