#পদপথৰ বিক্ৰেতাসকলে মাইক্ৰ' লোন লাভ কৰাৰ বাবে সৰলীকৃত প্ৰক্ৰিয়া
# ক্ষুদ্ৰ উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাত সহায় কৰিবলৈ পদক্ষেপ
W7s news,, ষ্টাফৰিপোৰ্টাৰ কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি)ৰ সৈতে এইচডিএফচি বেংকে ১৭ নৱেম্বৰত পিএম ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি(PM SVANidhi)ৰ অধীনত পদপথৰ বিক্ৰেতাসকলৰ বাবে বিশেষ মাইক্ৰ'-ক্ৰেডিট সুবিধা মুকলিৰ ঘোষণা কৰিছে। আত্মনির্ভৰ ভাৰতৰ নিৰ্দেশনা অনুসৰি এইটো ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি।
এইচডিএফচি বেংকে গাঁও পৰ্যায়ৰ উদ্যোগীসকলৰ বাবে পিএম স্বনিধি সুবিধা প্ৰদান কৰিব, যাৰ ডিজিটেল সেৱা পৰ্টেলৰ জৰিয়তে বিক্ৰেতাসকলে গোটেই প্ৰক্ৰিয়াটো অনলাইনত সম্পূৰ্ণ কৰিব পাৰিব।ই এক ৭% ৰাজসাহায্য সূতৰ সৈতে ১০,০০০ টকাৰ বিনামূলীয়া সুলভ ঋণ হ'ব। এইটো এটা সৰল এপ্লিকেচন প্ৰক্ৰিয়া। ভিএলইয়ে এই লোন আবেদনৰ প্ৰয়োজনীয়তাবোৰ বুজিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যে ম'বাইল নম্বৰটো আধাৰৰ সৈতে সংযুক্ত আছে।ম'বাইল নম্বৰটো আধাৰৰ সৈতে সংযুক্ত থকাসকলে ইয়াৰ বাবে কৰিব পাৰিব আবেদন।এইটোৱে পথৰ বিক্ৰেতাসকলক তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাত আৰু ব্যৱসায়চক্ৰ বৃদ্ধি কৰাত সহায় কৰিব।
এই সন্দৰ্ভত এইচডিএফচি বেংকৰ জিআইবি,চি এছচি,ই-কামাৰ্চ, ষ্টাৰ্ট-আপ আৰু অন্তৰ্ভুক্ত বেংকিং উদ্যোগ গোটৰ দেশীয় মুৰব্বী স্মিতা ভগতে কয়,"পিএম স্বনিধিৰ জৰিয়তে আমি এইচডিএফচি বেংকত বিশেষ
মাইক্ৰ'ক্ৰেডিট সুবিধা প্ৰদানৰ কাৰ্য আৰম্ভ কৰিম। আমাৰ চিএছচি. ভিএলইৰ জৰিয়তে সৰু পদপথ বিক্ৰেতাসকলে তেওঁলোকৰ সামগ্ৰিকতাৰ উন্নয়ন সাধন কৰিব পাৰিব আৰু অৰ্থনৈতিকভাবে উন্নতিত আগুৱাব পাৰিব। আমাৰ চিএছচি, ভিএলইয়ে ক'ভিড-১৯ লকডাউনৰ পিছত জীৱিকা পুনৰ আৰম্ভ কৰিবলৈ পথৰ বিক্ৰেতাসকলক তেওঁলোকৰ কেন্দ্ৰৰ চাৰিওফালে কোনো বাধা অবিহনে ঋণ লাভত সহায় কৰিব।"
ভাৰ্চুৱেল মুকলি অনুষ্ঠানটো চিএছচি ভিএলইএছ ফেচবুক লাইভৰ জৰিয়তে হৈছিল, য'ত উপস্থিত আছিল গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব সঞ্জয় কুমাৰ, চিএছচি এছপিভিৰ পৰিচালনা সঞ্চালক দিনেশ ত্যাগী
আৰু এইচডিএফচি বেংকৰ স্মিতা ভগত।
চিএছচি এছপিভিৰ মেনেজিং ডাইৰেক্টৰ ড০ দিনেশ ত্যাগীয়ে কয়,"দেশৰ ভিএলইসকলৰ প্ৰতিটো ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ বাবে এইটো আমাৰ আন এটা সুযোগ, লগতে ইনচেণ্টিভ উপাৰ্জনৰ এক পথ।বৰ্তমান আমাৰ ওচৰত ৫০ লাখৰো অধিক পদপথ বিক্ৰেতা আছে আৰু আমাৰ সেৱাৰ বাবে ভিএলইসমূহ চৌদিশে বিয়পি আছে।বিক্ৰেতাসকলৰ লগতে ভিএলইৰ বাবে ১০,০০০টকাৰ চমু টিকট লোনৰ সুবিধা থাকিব। সকলো ভিএলইয়ে ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ যোজনা বিষয়ে সকলোৱে আলোচনা কৰক।আমাৰ ভিএলইবোৰে ক'ভিড ১৯-ৰ পিছত ব্যৱসায়পুনৰুজ্জীৱিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"
No comments:
Post a Comment