ৰাষ্ট্ৰীয় "পুতুল যাত্ৰা"ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট "বিষ্ণুপ্ৰসাদ ৰাভা" মঞ্চস্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 November 2021

ৰাষ্ট্ৰীয় "পুতুল যাত্ৰা"ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট "বিষ্ণুপ্ৰসাদ ৰাভা" মঞ্চস্থ

 






W7s News গুৱাহাটী : সংগীত নাটক অকাডেমী পৰা "আজাদী কা অমৃত মহোৎসৱ" ৰাষ্ট্ৰীয় পৰ্য্যা়য়ৰ "পুতুল যাত্ৰা"  ১৫ নৱেম্বৰৰ পৰা ১৮ নভেম্বৰলৈ সংগীত নাটক অকাডেমীৰ মেঘদুত থিয়েটাৰ, ৰবীন্দ্ৰ ভৱন, দিল্লীত অনুষ্ঠিত হৈ যায়। ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠিত আৰু আন্ত:ৰাষ্ট্ৰীয় আৰু সৰ্বভৰতীয় পৰ্য্যায়ত সুনাম কঢ়িয়াই অনা দল সমূহে পুতলা নাট পৰিবেশিত কৰে। অসমৰ পৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা  টেগৰ ৰাষ্ট্ৰীয় ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত  আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল'শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত পুতলা  নাট "বিষ্ণুপ্ৰসাদ ৰাভা"  ১৬ নভেম্বৰত সন্ধিয়া ৬:৩০ বজাত সুৰজিৎ একাডেমীৰ দ্বাৰা পৰিৱেশিত হয় । পুতলা নাট খনত লাঠী পুতলা অাৰু ছাঁ পুতলাৰ জৰিয়তে পৰিবেশিত হয়। পুতলা নাটত বিষ্ণুপ্ৰসাদ ৰাভাৰ ভাৰত স্বাধীন হোৱাৰ যি অৰিহণা তাক সুন্দৰকৈ উপস্থাপন কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, নাট, নৃত্য, চিত্ৰ, আবৃত্তিৰ জৰিয়তে অসমৰ জনগণক স্বাধীনতা আন্দোলনত আগবাঢ়ি যোৱাৰ যি মানসিকতা তাক নাট খনত বৃহৎ ভাৱে উল্লেখ কৰিছে। স্বাধীনতা আন্দোলনত প্ৰতিজন দেশ প্ৰেমিকৰ আন্দোলনত আগবাঢ়ি যোৱাৰ যি ব্যবস্থা সকলোৰে ভিন্নতা দেখা পোৱা গৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীতৰ দ্বাৰা জাতি-ধৰ্ম নিৰ্বিশেষে কৃষক, বনুৱা, ডেকা-গাভৰু সকলোকে জাগ্ৰত কৰিছিল। সকলো জনসাধাৰণ আন্দোলনত জঁপিয়াই পৰিছিল। এনে প্ৰতিটো দিশ সুন্দৰকৈ পৰিবেশত হৈছে। পুতলা নাট খনত সম্পূৰ্ণ অসমীয়া লোক সাজ সজ্জা, লোক নৃত্য আৰু বাদ্যযন্ত্ৰৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। পুতলা সমূহৰ সঞ্চালনৰ অভিনয় মানৱৰ জৰিয়তে কৰা যেন অনুভৱ হৈছে। কোনো ধৰণৰ জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য অতি সুন্দৰকৈ পুতলাৰ সঞ্চালনেৰে কাহিনী উপস্থাপন কৰিছে। বিষ্ণু প্ৰসাদ ৰাভাৰ দহটা গান নাট খনত সযোজিত আছিল। পুতলানাট খনত  প্ৰায় ৪০মিনিট সময় পুতলা সমূহৰ দৃশ্য সমূহ দেখি আপ্লুত হৈ পৰে দিল্লীৰ সন্ধিয়াৰ "পুতুল যাত্ৰা" কাৰ্যক্ৰম। নাট খনৰ পৰিচালক বিনীতা দেৱী পুতলা নাট খন সুন্দৰকৈ উপস্থাপন কৰিছে। সংগীত অভিজিত বৰ্মনে সংগীতেৰে সুন্দৰকৈ কাহিনী ভাগ আগবঢ়াইছে । পুতলা নাট খনত কণ্ঠস্বৰ দিছে অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মা । পুতলা সঞ্চালন কৰে বিনীতা দেৱী, ধ্ৰুৱ জ্যোতি কলিতা, সীমান্ত শৰ্মা,  হৃদয় জ্যোতি দাস, গীতিমা দাস, প্ৰণৱ জ্যোতি ৰাভা, সীমা দেৱী, জিতেন বড়ো । অসমৰ লোক কলাক  প্ৰসাৰ আৰু সংৰক্ষণ কৰিবলৈ বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই অহৰহ চেষ্টা চলাই আছে। এনেধৰণৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি অসমৰ লোক কলাক বিনীতা দেৱী আৰু সীমান্ত শৰ্মা আগবঢ়াই নিয়া বাবে কৃত্জ্ঞতা জনালোঁ। লগতে সুৰজিৎ একাডেমীৰ পৰা এনে ধৰণৰ সুন্দৰ পৰিবেশন আগলৈও পাম বুলি আশা ৰাখিলোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here