অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ শিশু গৃহ পৰিদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 November 2021

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ শিশু গৃহ পৰিদৰ্শন

 


W7s News ষ্টাফৰিপোৰ্টাৰ :  আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ দিৱস উপলক্ষে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ক্ৰমে ফনিন্দ্ৰ বুজৰবৰুৱা , অজয় কুমাৰ দত্ত আৰু ৰুপা হাজৰিকাই আয়োগৰ পৰামর্শদাতা ক্ৰমে নন্দিনী দাস , মৃদুস্মিতা দত্ত , দিব্যজ্যোতি শৰ্মা আৰু খগেন কলিতাৰ সৈতে জালুকবাৰী স্থিত শিশু গৃহ আৰু আৱেহ্মণ গৃহ ( ছোৱালী ) শনিবাৰে পৰিদৰ্শন কৰি শিশু সকলৰ সৈতে মত বিনিময় কৰে । পৰিদৰ্শনৰ সময়চোৱাত আয়োগৰ সদস্যসকলে গৃহৰ কৰ্তৃপক্ষক বিভিন্ন পৰামৰ্শ আগবঢ়ায় । আনহাতে পৰিদৰ্শনৰ অন্তত শিশু সকলৰ বাবে আবাস প্রাঙ্গনত এখনি সভা অনুষ্ঠিত হৈ যায় । সভাত আযোগৰ সদস্য ফনীন্দ্ৰ বুজৰবৰুৱাই শিশু অধিকাৰ তাৎপর্য ব্যাখ্যা কৰি কয় যে শিশুসকলে তেওঁলোকৰ ৰুচি অনুসৰি তেওঁলোকৰ সুপ্ত প্রতিভা বিকাশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে সফলতাৰ শীৰ্ষ চুবলৈ সক্ষম হোৱাত সহায়ক হয় । আযোগৰ সদস্য অজয় কুমাৰ দত্তই শিশু শ্রমিকৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ তেখেতে আবাসৰ কৰ্তৃপক্ষক শিশু শ্রমিকৰ মূল কাৰকসমূহ বিচাৰ কৰি তেনে শিশুৰ পৰিয়ালক সামাজিক সুৰক্ষামুলক আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উপযুক্ত কৰ্তৃপক্ষক জনাবলৈ আহ্বান জনায় । আযোগৰ সদস্যা ৰুপা হাজৰিকাই সুষম আহাৰ গ্ৰহণৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে । লগতে তেওঁ আবাসৰ ছোৱালীসকলক চাফ - চিকুণতা তথা অনাময় ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ বাবে আহ্বান জনায় । সভাত আবাসৰ বহু কেইগৰাকী ছোৱালীয়ে নৃত্য , গীত আৰু কবিতা আবৃত্তি প্ৰদৰ্শন কৰি সভাত উপস্থিত সকলোকে আপ্লুত কৰি তুলে । সভাত শিশু সকলৰ বাবে আযোগৰ পৰামর্শদাতা দিবজ্যোতি শৰ্মাই শিশুসকলৰ মাজত কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰি উপহাৰ বিতৰণ কৰে । আনহাতে আয়োগৰ আন এগৰাকী পৰামৰ্শদাতা খগেন কলিভাই আবাসৰ ছোৱালীসকলক কাহিনী শুনোৱাৰ লগতে থূহুতীয়া কথাৰে ছোৱালীসকলৰ মাজত হাঁহিৰ খোৰাক যোগায় । সভাৰ শেষত আবাসৰ অধীক্ষক বীণাপাণি দাসে আয়োগৰ সজাঁতি দলটোক ধন্যবাদ জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here