W7s News ষ্টাফৰিপোর্টাৰ: ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেডে আজি নতুন কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলিৰ বাবে এইচডিএফচি বেংকৰ সৈতে অংশীদাৰীত্ব কৰাৰ ঘোষণা কৰিছে।ক্ৰেডিট কাৰ্ডসমূহ ইকুইটাছ স্মল ফাইনেন্স বেংকৰ গ্ৰাহকসকলকৰ বাবে উপলব্ধ হ'ব আৰু ইয়াৰ জৰিয়তে গ্ৰাহকসকলে উন্নত বেংকিং সুবিধা লাভ কৰিব। ভাৰতত ক্ৰেডিট কাৰ্ড জাৰীকৰ্তাৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা এইচডিএফচি বেংকৰ সৈতে হোৱা অংশীদাৰীত্বটোৱে ইকুইটাছৰ গ্ৰাহকক উৎকৃষ্ট শ্ৰেণীৰ বেংকিং সেৱা আগবঢ়োৱাত সহায় কৰিব।ফলত ইকুইটাছৰ গ্ৰাহকসকল লাভাম্বিত হ'ব। ক্ৰেডিট কাৰ্ড দুটা শ্ৰেণীত উপলব্ধ হ'ব। প্ৰথম শ্ৰেণীটো হৈছে 'এক্সাইট ক্ৰেডিট কাৰ্ড', যিয়ে প্ৰদান কৰা ক্ৰেডিটৰ সীমা ২৫,০০০ টকাৰ পৰা ২,০০,০০০ টকালৈ আৰু দ্বিতীয় শ্ৰেণীটো হৈছে 'এলিগেঞ্চ ক্ৰেডিট কাৰ্ড', যিয়ে ২,০০,০০০ টকাৰো অধিক ক্ৰেডিট প্ৰদান কৰিব। চেভিং একাউণ্টধাৰী সকলে ইয়াৰ লাভালাভ উপভোগ কৰিব পাৰিব। ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড হৈছে গ্ৰাহকসকলক পুৰস্কৃত কৰি ভাল পোৱাৰ সৈতে জড়িত এক মূল্য সংযোজন।দুয়োটা শ্ৰেণীয়ে সকলো গ্ৰাহকৰ বাবে যথেষ্ট মূল্যৱান ৰিৱাৰ্ড কাৰ্যসূচী আগবঢ়ায়।'এলিগেঞ্চ ক্ৰেডিট' কাৰ্ডে ব্যয় কৰা প্ৰতি ১৫০ টকাৰ বাবদ দুটা ৰিৱাৰ্ড পইণ্ট আগবঢ়াই। বিমান আৰু হোটেল খৰছত ২এক্স ৰিৱাৰ্ড পইণ্ট আৰু গ্ৰোচাৰী, চুপাৰমাৰ্কেট আৰু ডিপাৰ্টমেণ্ট ষ্ট'ৰৰ খৰছত ৫এক্স ৰিৱাৰ্ড পইণ্ট আগবঢ়ায়।এজন গ্ৰাহকে যদি ৯০দিনৰ ভিতৰত ৫০,০০০টকাতকৈ অধিক টকা ব্যয় কৰে তেনেহলে এই কাৰ্ডে যোগদান মাচুলতো ৰেহাই আগবঢ়ায়।একেদৰে, 'এক্সাইট ক্ৰেডিট কাৰ্ড'ত বহুতো ডাঙৰ লাভালাভ আছে , ইয়াৰ মূল ৰিৱাৰ্ড কাৰ্যসূচীয়ে প্ৰতি ১৫০ টকা ব্যয়ৰ বাবদ দুটা ৰিৱাৰ্ড পইণ্ট আগবঢ়ায় আৰু ইন্ধন আৰু গ্ৰোচাৰী ব্যয়ৰ ক্ষেত্ৰত ৩এক্স ৰিৱাৰ্ড পইণ্ট আগবঢ়ায়।ইয়াত অতিৰিক্ত ব্যয়ৰ ওপৰত ১,০০,০০০টকাৰ বাৰ্ষিক মাচুল ৰেহাইও আছে। কাৰ্ডখনে ৯০ দিনৰ ভিতৰত ২০,০০০ টকাৰো অধিক ব্যয় কৰিলে যোগদান মাচুল ৰেহাই প্ৰদান কৰে।
এই কার্ড মুকলি সন্দৰ্ভত এইচডিএফচি বেংকৰ
পৰিশোধ, বিত্ত উপভোক্তা, ডিজিটেল বেংকিং আৰু আইটিৰ গ্ৰুপ হেড পৰাগ ৰাওৱে কয়-"এইচডিএফচি বেংকৰ বাবে এই ধৰণৰ এয়া প্ৰথম অংশীদাৰীত্ব,য'ত আমি একুইটাছ স্মল ফাইনেন্স বেংকৰ গ্ৰাহকসকলক কাৰ্ড শাখা শ্ৰেণীত অত্যন্ত লাভজনক ক্ৰেডিট কাৰ্ডৰ অভিজ্ঞতা প্ৰদান কৰিম। আমি নতুন যুগত এক বজাৰৰ লিডাৰৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আনন্দিত আৰু ইয়ে আমাৰ বহল ৰণনীতিৰ অংশ হিচাপে বেংকিং জগতত পৰিৱৰ্তন আনিম।"
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইকুইটাছ স্মল ফাইনেন্স বেংক লিমিটেডৰ শাখা বেংকিং,দায়বদ্ধতা, সামগ্ৰী আৰু সম্পদৰ জ্যেষ্ঠ অধ্যক্ষ আৰু দেশৰ মুৰব্বী মুৰলী বৈদ্যনাথনে কয়-"এক নতুন যুগৰ বেংক হিচাপে
দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতিত খাপ খাবলৈ এইচডিএফচি বেংকৰ সৈতে আমাৰ অংশীদাৰীত্ব কৰিছোঁ। আমাৰ গ্ৰাহকসকলক উৎকৃষ্ট সেৱা প্ৰদান কৰাৰ প্ৰতি আমি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ নতুন কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড প্ৰস্তাৱটো কেৱল শ্যামলেছ বেংকিং সুবিধাৰ বাবেই নহয়, ইয়াৰ লগত ব্যতিক্ৰমী বৈশিষ্ট্য, নিম্নতম ব্যয়, ব্যয় পৰিসৰ আৰু ৰিৱাৰ্ড কাৰ্যসূচী গ্ৰাহকৰ বাবে সংযুক্ত কৰা হৈছে।"
এইচডিএফচি বেংক হৈছে পেমেণ্ট ইক'চিষ্টেমৰ শীৰ্ষস্থানৰ প্ৰতিষ্ঠান, ইয়ে দুয়োখন কাৰ্ড জাৰী কৰিব। ৫.১কোটিতকৈও অধিক ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু প্ৰিপেইড কাৰ্ডৰ সৈতে প্ৰতিটো বজাৰ খণ্ডত সংযুক্ত হৈ আছে এই বেংক। ভাৰতত কাৰ্ডৰে ব্যয় কৰা প্ৰতি তৃতীয় টকাতো এইচডিএফচি বেংকৰ কাৰ্ডত হয়।
ইকুইটাছ বেংকে একেৰাহে সকলো গ্ৰাহকক তেওঁলোকৰ উদ্ভাৱন, সৃষ্টিৰ জৰিয়তে মানদণ্ডৰ বেংকিং সেৱা আগবঢ়োৱা কাৰ্য অব্যাহত ৰাখিছে। একুইটাছ বেংকে শেহতীয়াকৈ ডিইএমএটি একাউণ্ট থকা সকলো গ্ৰাহকৰ বাবে যিকোনো স্থানত আৰু যিকোনো সময়তে ব্যৱসায় নিশ্চিত কৰিবলৈ তেওঁলোকৰ মোবাইল এপ'ত এএছবিএ সুবিধাটো মুকলি কৰিছে।
No comments:
Post a Comment