ৰাষ্ট্রীয় শিক্ষানীতি, ২০২০ৰ প্ৰতিবাদত গুৱাহাটীত অৱস্থান-ধৰ্মঘট পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 November 2021

ৰাষ্ট্রীয় শিক্ষানীতি, ২০২০ৰ প্ৰতিবাদত গুৱাহাটীত অৱস্থান-ধৰ্মঘট পালন

 





W7s News ষ্টাফৰিপোৰ্টাৰ: কেন্দ্ৰীয় চৰকাৰে নতুন 'ৰাষ্ট্রীয় শিক্ষানীতি, ২০২০' গ্ৰহণ আৰু ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত ইয়াৰ ৰূপায়ণৰ কামো আৰম্ভ কৰিছে। সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (অল ইণ্ডিয়া পিপ'লছ চায়েন্স নেটৱৰ্ক) বা চমুকৈ এ আই পি এছ এনে তীব্ৰ বিৰোধিতা কৰিছে আৰু প্ৰত্যাহাৰৰ দাবী জনাইছে। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ জন্মদিন ১১ নৱেম্বৰৰ 'ৰাষ্ট্ৰীয় শিক্ষা দিৱস' দিনটোতে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো নতুন শিক্ষানীতিৰ জনবিৰোধী দিশসমূহ বাতিল কৰাৰ দাবী উত্থাপন কৰা হয়।

বৃহস্পতিবাৰে গুৱাহাটীত এ আই পি এছ এন-এ  'অল ইণ্ডিয়া ফ'ৰাম ফৰ ৰাইট টু এডুকেছন' (এ আই এফ আৰ টি ই)ৰ সৈতে যৌথভাৱে অৱস্থান- ধৰ্মঘটৰ কাৰ্যসূচীৰ মাজেৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থিত লক্ষীধৰ বৰা ক্ষেত্রত  'অৱস্থান ধৰ্মঘট'ৰ লগতে এখন প্ৰতিবাদী সভাৰো আয়োজন কৰা হয়। এ আই পি এছ এন, অসমৰ সমন্বয় সমিতিৰ সভাপতি ড:কালী প্ৰসাদ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নেটৱৰ্ক সংগঠনটোৰ ৰাষ্ট্রীয় কাৰ্যনিৰ্বাহক কমিটিৰ যুগ্ম সম্পাদক ইচফাকুৰ ৰহমানে। প্ৰসংগক্ৰমে ৰহমানে কয়, কেন্দ্ৰীয়  চৰকাৰে দেশৰ বহুসংখ্যক শিক্ষাপ্ৰেমী জনসাধাৰণৰ মতামতবোৰ সম্পূৰ্ণ আওকাণ কৰি নতুন শিক্ষানীতি গ্ৰহণ কৰিলে। আনকি নতুন নীতি সন্দৰ্ভত সংসদৰ মজিয়াতো নহ'ল কোনো আলোচনা। আজিৰ প্ৰতিবাদী সভাত ডঃ অপূর্ব কুমাৰ বৰুৱা, ডঃ মনোৰমা শৰ্মা, ডঃ সীতানাথ লহকৰ, ডঃ ইন্দ্ৰানী দত্ত, ৰবীন দত্ত, ডাঃ অনিল চৌধুৰী, ডাঃ দেৱেশ্বৰ দাস, প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু শিক্ষাপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালিকা ডঃ ইন্দ্ৰানী দত্তই সভাত বক্তব্য দাঙি ধৰি কয়, নতুন শিক্ষানীতিত সন্নিৱিষ্ট বহু কেইটা প্ৰস্তাৱ বিশ্লেষণ কৰিলে দেখা যাব যে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণৰ প্ৰক্ৰিয়া অধিক তীব্রতৰ হ'ব, শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ ব্যয় বৃদ্ধি পাব আৰু অনুসূচিত জাতি/জনজাতি তথা আর্থ-সামাজিক দিশৰ পৰা পশ্চাদপদ অন্যান্য অংশৰ জনসাধাৰণৰ সন্তান-সন্ততি শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব। শিক্ষক সমাজৰ বাবেও নতুন শিক্ষানীতিয়ে অশুভ সংকেত কঢ়িয়াই আনিছে বুলি শিক্ষাবিদ গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ মনোৰমা শৰ্মাই দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আবুল কালাম আজাদক শ্ৰদ্ধাৰে স্মৰণ কৰি নতুন শিক্ষানীতিয়ে সমৃদ্ধিশালী দেশ গঠনৰ ক্ষেত্ৰত স্বাধীনোত্তৰ ভাৰতৰ স্বপ্নকল্প ধ্বংস কৰিব বিচাৰিছে বুলি কয়। শিক্ষা সম্প্ৰসাৰণৰ বিপৰীতে নতুন শিক্ষানীতিত ইয়াক অধিক সংকুচিত আৰু  লিংগ বৈষম্য প্ৰকট কৰিব। পুৰুষতান্ত্ৰিক সমাজ অব্যাহত ৰখাৰ প্ৰৱণতাবোৰ নতুন নীতিত প্ৰকাশ পাইছে বুলি তেখেতে মন্তব্য কৰে। বিশিষ্ট শিক্ষাবিদ-চিন্তাবিদ অধ্যাপক অপূর্ব কুমাৰ বৰুৱাই প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়, নতুন শিক্ষানীতিৰ অতিকেন্দ্ৰিকতাৰ ফলত ৰাজ্যসমূহৰ অধিকাৰ খৰ্ব হোৱাৰ উপৰি অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভাষা-সংস্কৃতি বিপন্ন তথা দেশৰ ঐক্য-সংহতি বিনষ্ট হ'ব। তেখেতে লগতে কয়, বৰ্তমানৰ শাসক দলক ক্ষমতাৰ পৰা অপসাৰণ কৰিব নোৱাৰিলে এওঁলোকে ছাত্ৰসমাজ আৰু  নৱ প্ৰজন্মক কোঙা কৰি পেলাব। 

এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে শিক্ষাৰ অতিকেন্দ্ৰিকৰণ, বাণিজ্যিকীকৰণ, ব্যক্তিগতকৰণ, সাম্প্ৰদায়িকীকৰণকে ধৰি নতুন শিক্ষানীতিৰ জনবিৰোধী দিশসমূহ বাতিলৰ দাবী উত্থাপন কৰা হয়। তদুপৰি, সংসদ-বিধানসভাসমূহ আৰু সংশ্লিষ্ট সকলো পক্ষৰ মাজত  নতুনকৈ প্ৰৱৰ্তন কৰা নীতিৰ পুংখানুপুংখ আলোচনাৰ দাবীও দোহৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here