গুৱাহাটী প্ৰেছ ক্লাৱত মিট দা প্ৰেছ অনুষ্ঠানত টেঞ্জিং ছুন্দু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 November 2021

গুৱাহাটী প্ৰেছ ক্লাৱত মিট দা প্ৰেছ অনুষ্ঠানত টেঞ্জিং ছুন্দু

 


চীনৰ পৰা ভাৰতৰ ভয়ংকৰ বিপদ হ'ব


চীন ভাৰতৰ বাবে প্ৰত্যাহ্বান


চীনে পাকিস্তানক সহায় কৰি আছে


ভাৰত-চীন সীমান্তত থকা লোকে চীনৰ সম্প্ৰসাৰণবাদী নীতি বুজি পোৱা নাই


তিব্বতৰ স্বাধীনতাৰ ভাৰতে সহায় কৰিব লাগে



W7s News ষ্টাফৰিপোৰ্টাৰ : 'ৰঙা চীনৰ পৰা ভাৰতৰ ভয়ংকৰ বিপদ হ'ব। চীন ভাৰতৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। চীনে পাকিস্তানক সহায় কৰি আছে। কিন্তু ভাৰত-চীন সীমান্তত থকা লোকে চীনৰ সম্প্ৰসাৰণবাদী নীতি বুজি পোৱা নাই। বৃহস্পতিবাৰে

গুৱাহাটী প্ৰেছ ক্লাৱত মিট দা প্ৰেছ অনুষ্ঠানত তিব্বত মুক্তি আন্দোলনৰ সংগ্রামী, প্ৰখ্যাত লেখক তথা তিব্বতৰ  মুক্তিৰ বাবে ১৬ বাৰ গ্ৰেপ্তাৰ হোৱা সংগ্ৰামী 

 টেঞ্জিং ছুন্দুই এইদৰে কয়। তেওঁ লগতে কয় ' আমি স্বাধীন তিব্বতৰ সপোন দেখো।

তিব্বতৰ স্বাধীনতাৰ বাবে আমি যুঁজি আছোঁ। দালাই লামাৰ আদৰ্শ অনুসৰি আমি অহিংসা নীতিৰে চীনৰ কৱলৰ পৰা তিব্বতক স্বাধীন কৰিব বিচাৰোঁ। চীনে ভাৰতৰ বাবে নতুন ষড়যন্ত্ৰ ৰচনা কৰি আছে।  আজি ২০ বছৰ পাছতো চীন ভাৰতৰ বাবে ডাঙৰ শত্ৰু হৈ পৰিছে। পাকিস্তানতকৈও চীন ভাৰতৰ 

ডাঙৰ শত্ৰু। ভৱিষ্যতে চীনৰ পৰা ভাৰতৰ আৰু বেছি ভয়ৰ কাৰণ আছে। চীনে ভাৰতৰ বিৰুদ্ধে পাকিস্তানক নানা প্ৰলোভনেৰে সহায় কৰি আহিছে। আমেৰিকাক পৰাজিত কৰি চীনে সমগ্ৰ বিশ্ব দখল কৰাৰ চেষ্টা কৰি আছে। তাৰ প্ৰভাৱ প্ৰথম ভাৰতৰ পৰিব। এতিয়াও বহুতে তিব্বতক চীনৰ অংশ বুলি ভাবে। পূৰ্বে তিব্বতৰ পৰা নিমখ আদি সামগ্রী অসমলৈ অনা হৈছিল অসমৰ পৰা গামোছা, চাহপাত আদি লৈ যোৱা হৈছিল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ  সৈতে পূৰ্বৰ পৰা সু-সম্পৰ্ক আছিল তিব্বতৰ। এক কথাত কবলৈ গলে তেজৰ সম্পৰ্ক আছিল। কিয়নো তিব্বতৰ ভাষাৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাৰ বহু পৰিমাণে মিল আছে। সেই  সম্প্ৰীতি এতিয়া নোহোৱা হ'ল। আমাৰ সেই সম্পৰ্ক ভাঙিলে ৰঙা চিনে। আমি পূৰ্বৰ সেই মধুৰ সম্পৰ্ক পুনৰ গঢ়িব লাগিব। আজি তিব্বতে যি যন্ত্ৰণা ভুগি আছে সেই যন্ত্ৰণাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে অনুভব কৰিব লাগিব। চীনে ব্ৰহ্মপুত্ৰৰ পানী বিষাক্ত কৰাৰ বাবেও অপচেষ্টা অব্যাহত ৰাখিছে। তিব্বতত চীনে  সোণ, তামৰ সন্ধানত পাহাৰ খনন কৰিছে। নদীবান্ধ কৰি অপকাৰ সাধন কৰিছে। তেওঁ লোকে কেৱল ধনৰ বল প্ৰয়োগ কৰি আছে। এই ক্ষেত্ৰত ৰাজনৈতিক সজাগতাৰ প্ৰয়োজন। 

তিব্বতৰ স্বাধীনতাৰ বাবে আমি ভাৰতৰ সহায় সহযোগিতা বিচাৰোঁ। আমি লগতে ৯০ দিনীয়া কাৰ্যসূচীৰে 'ৱাকিং দা হিমালয়াজ কেম্পেইন'  কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই সজাগতা মূলক কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে টাৱাংলৈ যাম। তাৰপিছত বমডিলা, ইটানগৰ, যোৰহাট হৈ গুৱাহাটীত এই কাৰ্যসূচীৰ সামৰণি কৰিম।' উল্লেখ্য, তেওঁ লগতে গুৱাহাটী প্ৰেছ ক্লাৱত ' এস্কেপ অৱ দা দালাই লামা ফ্ৰম তিব্বেত' ( Escape of the Dalai Lama From Tibet) চলচ্চিত্ৰখন প্ৰদৰ্শন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here