ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ বিৰুদ্ধে আৰু বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবীত এছ এফ আই ৰ দেশজোৰা সত্যাগ্ৰহ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 November 2021

ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ বিৰুদ্ধে আৰু বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবীত এছ এফ আই ৰ দেশজোৰা সত্যাগ্ৰহ*

 


  

    W7s News ষ্টাফৰিপোৰ্টাৰ:  ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ বিৰুদ্ধে আৰু বিভিন্ন শৈক্ষিক সমস্যা সমাধানৰ দাবীত ছাত্ৰ সংগঠন ভাৰতৰ ছাত্ৰ ফেডাৰেছন,চমুকৈ এছ এফ আই য়ে আহ্বান জনোৱা দেশজোৰা সত্যাগ্ৰহ কাৰ্যসূচীৰ অংশ স্বৰূপে বৃহস্পতিবাৰে এছ এফ আই, কামৰূপ (ম) জিলা কমিটীয়ে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতীকি অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও মহানগৰীৰ বহুকেইখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদ স্থলীৰ পৰা সংগঠন টোৰ জিলা নেতৃত্বই সংবাদ মাধ্যমৰ আগত স্পষ্ট মত পোষণ কৰে যে,ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ য়ে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ হে তৰান্বিত কৰিব যাৰ অৰ্থই হ'ল দৰিদ্ৰ তথা নিম্ন মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকল উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা। ইতিমধ্যে কৰোনা মহামাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ দুটাকৈ মূল্যৱান শিক্ষাবৰ্ষ নষ্ট কৰিলে। কোভিডৰ সময়ছোৱাত অনলাইন ক্লাছৰ ব্যৱস্থা আছিল যদিও ৰাজ্যখনৰ মাত্ৰ ২৪.৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন মাধ্যমত শিক্ষালাভৰ সুযোগ পাইছিল। এই সময়ছোৱাত আধাতে শিক্ষা সামৰা (drop out) ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও ৰাজ্যখনত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে। মূকতঃ কোভিড সৃষ্ট বিষম অৰ্থনৈতিক পৰিস্থিতিৰ বাবেই বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আধাতে শিক্ষা সাং কৰিবলৈ বাধ্য হৈছে। তদুপৰি বিগত বৰ্ষটোত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা আসনৰ অভাৱেও ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। কিন্তু এই পৰিস্থিতি কেৱল মাত্ৰ কোভিড সৃষ্ট নহয় কিয়নো বহু বছৰ আগৰ পৰাই ৰাজ্যখনত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাই অহাৰ অনুপাতে চৰকাৰী মহাবিদ্যালয় সমূহত আসন বৃদ্ধি হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশিত এক তথ্য অনুসৰি অসমত যোৱা ছবছৰত মাত্ৰ ১৯ খন নতুন মহাবিদ্যালয় স্থাপন হৈছে আৰু যিকেইখন আছে সেইকেইখনৰো অৱস্থা তথৈবচ। শিক্ষকৰ পদ খালী হৈ থকা,উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ আদি নানান সমস্যাৰে ভৰপূৰ।

          আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষান্মাষিক পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা নকৰা,ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতো অনুপস্থিত দেখুৱাই অনুত্তীৰ্ণ ঘোষণা কৰা,আদি বিভিন্ন খাম-খেয়ালিৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে শিক্ষাৰ্থীসমাজে। বিশ্ববিদ্যালয়ে পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা নকৰাৰ বাবেই অসমৰ বাহিৰৰ আগশাৰীৰ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ পাঠ্যক্ৰমত  নামভৰ্তিৰ পৰা বঞ্চিত হ'ব লগীয়া হয় বহু সংখ্যক ছাত্ৰ-ছাত্ৰী।

     ৰাজ্যখনত ছাত্ৰীৰ ওপৰতো নিৰ্যাতনৰ ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান ব্যুৰো এ বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে অসম মহিলাৰ বিৰুদ্ধে অপৰাধ জনিত ঘটনাত শীৰ্ষস্থানত আছে। বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) ৰ গাইডলাইন অনুসৰি বাধ্যতামূলক হোৱা স্বত্তেও ৰাজ্যৰ বিদ্যালয়,মহাবিদ্যালয়সমূহত লিংগ সংবেদনশীলতা বিষয়টোত কোনোধৰণৰ গুৰুত্ব দিয়া নহয় । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ত আজি পৰ্যন্ত যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীল কমিটী এখনেই গঠন হৈ নুঠিল।

       প্ৰায় দুবছৰৰ মূৰত শিক্ষানুষ্ঠানসমূহত নিয়মীয়া পাঠদান আৰম্ভ হৈছে। কিন্তু,এই সময়তে পেট্ৰ'পণ্যৰ নিৰন্তৰ দামবৃদ্ধিৰ ফলত সকলো সামগ্ৰীৰ লগতে যাতায়তৰ খৰছো বৃদ্ধি হোৱাত আন এক সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল।

      এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলোৰে বাবে শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ এছ এফ আই য়ে আজিৰ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ শিক্ষাবিভাগ তথা চৰকাৰলৈ মূলত দাবীসমূহ প্ৰেৰণ কৰে- আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰক, নামভৰ্তি,পৰীক্ষাৰ প্ৰ-পত্ৰকে ধৰি সকলোধৰণৰ মাচুল বৃদ্ধি ৰোধ কৰক, ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ ভাড়া ৰেহাই দিয়ক। প্ৰতিখন শিক্ষানুষ্ঠানত বাছ পাছ প্ৰদানৰ ব্যৱস্থা কৰক,

সকলো শিক্ষাৰ্থীৰ বাবে আসন নিশ্চিত কৰক। প্ৰয়োজনত চৰকাৰে নতুন শিক্ষানুষ্ঠান স্থাপন কৰক,

ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), ২০২০ বাতিল কৰক,

শিক্ষানুষ্ঠানত যৌন নিৰ্যাতন বিৰোধী লিংগ সংবেদনশীল কমিটী (GSCASH) গঠন কৰক, চূড়ান্ত ষান্মাষিকৰ পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা নকৰাৰ ফলত পৰৱৰ্তী নামভৰ্তিত সৃষ্টি হোৱা সমস্যা অতি শীঘ্ৰে সমাধান কৰক, পৰ্যাপ্ত আন্তঃগাঁথনি তথা শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক।                  

ভাৰতৰ ছাত্ৰ ফেডাৰেচন(SFI )

কামৰূপ মহানগৰ জিলা কমিটিৰ হৈ সভাপতি হিমাংশু বৰা,  সম্পাদক কল্যান বুঢ়াগোহাঁই আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here