চি এম এ আইৰ মধ্যস্ততা কোষ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 25 November 2021

চি এম এ আইৰ মধ্যস্ততা কোষ মুকলি

 



W7s News গুৱাহাটী : দেশৰ সৰ্ববৃহৎ ঘৰুৱা পোছাক প্রস্তুতকাৰী উদ্যোগ ক্লথিং মেনিফিক্সাৰ এছোছিয়েশ্বচন অক ইণ্ডিয়া চমুকৈ চি এম এ আইয়ে নতুন পদক্ষেপ হিচাপে চি এম এ আই মধ্যস্ততা কোষ গঠন করে। চি এম এ আই কিছু বছৰ ধৰি তেওঁলোকৰ সদস্যসকলৰ মাজত মধ্যস্ততা আৰু সমর্থন আগবঢ়াই আহিছে আনকি এই মধ্যস্ততা বঁটাই আইনী দিশটোক আৰু অধিক শক্তিশালী কৰি তুলিছে। দেশৰ ঘৰুৱা পোছাকৰ উদ্যোগবোৰ পৰম্পৰাগত ভাৱে বর্ধিত ঋণৰ চৰ্তাৱলীৰ দ্বাৰা ক্ষতিগ্রস্থ হৈ আহিছে। ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যেগবোৰ দ্বাৰা প্ৰায় অন্যায়, সামগ্ৰী ঘুৰাই দিয়া, পৰিশোধ কৰা সময় কৰ্তন আৰু বহু পাকৰ জৰিয়তে পীড়িত হৈ আহিছে। চি এম এ আই গরেণ৷ কৰি পাইছে যে ভাৰতত ঘৰৱা বজাৰৰ আকাৰ ৬.৫ লাখ কোটি। যদি আমি ধৰি লও এক শতাংশ ধন অমিমাংসিত বা পৰিশোধ কৰা নাই তেতিয়া হলেও ইয়াৰ পৰিমাণ হ'ব ৬৫০০ কোটি। এনে বিবাদ আৰু অভিযোগ দ্রুত, দক্ষ আৰু অর্থনৈতিক প্রণালীবদ্ধভাৱে সমাধান কৰাৰ প্ৰয়োজন হৈ পৰিছে। দুর্ভাগ্যজনক যে আইনী প্রক্রিয়া বহু ব্যয়বহুল আৰু অধিক সময়ৰ দৰকাৰ। সেয়েহে সমগ্র বিশ্বতে বাণিজ্যিক বিবাদবোৰ সস্তা আৰু সময়মতে মিমাংসা কৰিবলৈ মধ্যস্ততাৰ আশ্রয় লৈ আহিছে। একে সময়তে নিষ্পত্তি প্ৰক্ৰিয়াত উপযুক্ত বস্তুনিষ্ঠতা, পেছাদাৰিতা আৰু ডমেইন জ্ঞান প্ৰদান কৰা হৈছে। এনে এক মহৎ উদ্দ্যেশ্য আগত ৰাখিয়ে চি এম এ আইয়ে কালি মধ্যস্ততা কোষ মুকলি কৰে আৰু এম এছ এম ই উদোগৰ সদস্যসকলক সমর্থন প্রদানৰ সিদ্ধান্ত গ্রহণ করে। চি এম এ আইয়ে সকলো অংশীদাৰৰ বাবে নিৰপেক্ষ আৰু সমতা নিশ্চিত কৰাৰ বাবে মধ্যস্ততাৰ নীয়ম আৰু নিয়মাবলী প্রস্তুত কৰে। নর্থ-ইষ্টান ফ্রার্মেণ ট্রেডাৰছ এছো চিচেন চমুকৈ এন ই জিটি এৰ সাধাৰণ সম্পাদক বৰণ বংটা আৰু জনসম্পৰ্ককাৰী বিষয়া ৰাজীৱ অভিতচাৰিয়াই মুম্বাইত অনুষ্ঠিত 'মিমাংশা আৰু মধ্যস্ততা' শীর্ষক অনুষ্ঠানত উত্তৰ-পূবৰ হৈ প্রতিনিধিত্ব কৰিছিল। উক্ত অনুষ্ঠানতে নেগটাৰ প্রতিনিধিয়ে উত্তৰ-পূৱৰ পোছাক ব্যবসায়ী সকলে সন্মুখীন হৈ অহা সমস্যাসমূহ চি এম এ আইক আবগত কৰে। উক্ত অনুষ্ঠানত ইউকেৰ মধ্যস্ততাকাৰী সকলৰ অধিবক্তা চোনক ঠাকেৰে মধ্যস্ততা প্ৰক্ৰিয়াৰ উপকাৰীতাৰ ওপৰত গুৰুত্ব আরোপ কৰে আৰু চি এম এ আইৰ এই পদক্ষেপক প্রশংসা করে। অনুষ্ঠানত চি এম এ আইৰ সভাপতি বাফ্লেশ মাছান্দে সদস্যসকলক আবগত কৰি কয় যে চি এম এ আইৰ মধ্যস্ততাকাৰীৰ পেনেলত অনবদ্য প্রমাণ পত্ৰ থকা আগশাৰীৰ সদস্য, আইনী ব্যক্তি লগতে উচ্চ প্রতিস্থিত ব্যক্তিসকলক অন্তর্ভুক্ত কৰা হব। উক্ত অনুষ্ঠানতে চি এম এ আইৰ মধ্যস্ততা সন্দৰ্ভত নীতি-নীয়মাবলীর এখন পুস্তিকা উন্মোচন করে প্রাক্তন সভাপতি অশোক ৰজনীয়ে। একেদৰে অনুষ্ঠানটোত চি এম এ আইৰ সদস্যসকলৰ বাবে কার্ড মুকলি কৰে। যি কার্ডে চি এম এ আইৰ সদস্যৰ দেশৰ প্ৰায় ২৫ টা শীর্ষক ব্ৰেণ্ড আৰু বিটেইলাৰৰ পৰা লাভালাভ আৰু ৰেহাই প্ৰদান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here